মণিপুৰৰ মুখ্যমন্ত্রী হিচাপে খেমচান্দ সিঙৰ শপত গ্রহণ; কুকি আৰু নগা সম্প্ৰদায়ৰ পৰা দুজনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ

Story by  atv | Posted by  [email protected] • 5 h ago
মণিপুৰৰ মুখ্যমন্ত্রী হিচাপে খেমচান্দ সিঙৰ শপত গ্রহণ; কুকি আৰু নগা সম্প্ৰদায়ৰ পৰা দুজনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ
মণিপুৰৰ মুখ্যমন্ত্রী হিচাপে খেমচান্দ সিঙৰ শপত গ্রহণ; কুকি আৰু নগা সম্প্ৰদায়ৰ পৰা দুজনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ
 
ইম্ফল
 
বিজেপি বিধায়ক য়ুমনাম খেমচান্দ সিং বুধবাৰে মণিপুৰৰ ১৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। ৰাজ্যখনত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলা জনগোষ্ঠীয় হিংসাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি শাসন জাৰি হোৱাৰ প্ৰায় এবছৰৰ পাছত আৰু বিজেপি নেতা এন বীৰেন সিঙৰ পদত্যাগৰ পিছত এই নতুন চৰকাৰ গঠন হৈছে।
 
মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰাৰ কেইঘণ্টামান পিছতে লোক ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ৬২ বছৰীয়া নেতাগৰাকীক শপত বাক্য পাঠ কৰোৱায়। কুকি সম্প্ৰদায়ৰ বিজেপি বিধায়ক নেমচা কিপগেন আৰু নগা পিপলছ ফ্ৰণ্টৰ বিধায়ক এল ডিখোৱে মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
 
সংঘৰ্ষ জৰ্জৰ ৰাজ্যখনে স্বাভাৱিক অৱস্থাৰ ফালে অগ্ৰসৰ হ’বলৈ চেষ্টা কৰি থকাৰ সময়তে এই নতুন চৰকাৰ গঠন কৰা হৈছে। খেমচান্দ সিং আৰু তেওঁৰ দুই সহযোগী দেশক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "মই নিশ্চিত যে তেওঁলোকে মণিপুৰৰ মোৰ ভগ্নী আৰু ভাতৃসকলৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে নিষ্ঠাৰে কাম কৰিব।"
 
উল্লেখ্য যে ২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰত মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (ST) মৰ্যাদাৰ দাবীত হোৱা প্ৰতিবাদৰ পিছৰে পৰা জনগোষ্ঠীয় হিংসা আৰম্ভ হৈছিল। এই হিংসাত এতিয়ালৈকে নিৰাপত্তাকৰ্মীসহ কমেও ২৬০ জন লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে।
 
শপত গ্ৰহণৰ পিছত খেমচান্দ সিঙে সংবাদ মাধ্যমক কয় যে মণিপুৰ ৩৬টা সম্প্ৰদায়ৰ সমষ্টি। তেওঁ আশা প্ৰকাশ কৰে যে সকলোৱে মিলি ৰাজ্যখনত এক শান্তিপূৰ্ণ পৰিৱেশ ঘূৰাই আনিব। তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোৰ ওপৰত যি গভীৰ বিশ্বাস ৰাখিছে, মই সেই বিশ্বাসক আগবঢ়াই নিব বিচাৰোঁ।"
 
খেমচান্দ সিং এজন RSS কৰ্মী আৰু দলীয় সংগঠনত গুৰুত্ব দিয়া এজন নেতা। ৰাজনীতিৰ উপৰি তেওঁ টাইকোৱাণ্ডো খেলৰ সৈতেও জড়িত। এজন ব্লেক বেল্টধাৰী হিচাপে তেওঁ ভাৰতীয় টাইকোৱাণ্ডো ফেডাৰেচনৰ প্ৰাক্তন উপ-সভাপতি আছিল আৰু উত্তৰ-পূৰ্বাঞ্চলত এই খেলৰ প্ৰসাৰৰ বাবে কাম কৰি আহিছে।
 
উপ-মুখ্যমন্ত্ৰী এল ডিখোৱে কয় যে 'অন্তৰ্ভুক্তিকৰণ' (Inclusiveness) চৰকাৰৰ নতুন মন্ত্ৰ হ’ব। চৰকাৰ গঠনত অংশ লোৱা কুকি বিধায়কসকলক ভাবুকি দিয়া সশস্ত্ৰ গোটসমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ ইংগিত দিয়ে।
 
বিজেপিৰ গোবিন্দাস কোন্থৌজাম আৰু এনপিপিৰ (NPP) কে লোকেন সিঙে মন্ত্ৰী হিচাপে শপত লয়। নেমচা কিপগেনে নতুন দিল্লীৰ মণিপুৰ ভৱনৰ পৰা ভাৰ্ছুৱেলী শপত গ্ৰহণ কৰে।
 
ৰাষ্ট্ৰপতি শাসনৰ সময়ত ৰাজ্যখনত গুলীচালনাৰ ঘটনা হ্ৰাস পাইছিল। নিৰাপত্তাৰক্ষীয়ে ১০০০তকৈ অধিক দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩০০০তকৈ অধিক অস্ত্ৰ উদ্ধাৰ কৰিছিল।