ৰাজ্যত ভয়ংকৰ বানত ২৪ ঘণ্টাত পুনৰ ১২ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাজ্যত ভয়ংকৰ বানত ২৪ ঘণ্টাত পুনৰ ১২ জনৰ মৃত্যু
ৰাজ্যত ভয়ংকৰ বানত ২৪ ঘণ্টাত পুনৰ ১২ জনৰ মৃত্যু
গুৱাহাটী
 
বৰষুণৰ পৰিমাণ হ্রাস পালেও ৰাজ্যত জলপ্রলয় অব্যাহত আছে। চৰকাৰ প্ৰশাসনৰ উদ্ধাৰ অভিযানৰ মাজতে আজিৰ তাৰিখতো বানত ককবকাই আছে ৰাজ্যখনৰ ৫৪,৫৭,৬০১ জনকৈ লোকে।
 
 
৩২ খন জিলাৰ ৪,৯৪১ খন গাঁৱৰ বাসিন্দা বানৰ ফলত ব্যাপকভাৱে সন্মুখীন হৈছে ক্ষতিৰ। আজিও জিলাই জিলাই বহু অঞ্চল পানীত ডুবি আছে। ফলত প্ৰতিটো দিন ৰাতি চৰম দুৰ্যোগৰ মাজেৰে পাৰ কৰিবলগা হৈছে বানপীড়িতই। 
 
ইয়াৰ সমান্তৰালভাৱে নিজৰ ঘৰ-বাৰী বানত ডুব যোৱাত ২ লক্ষাধিক লোকে আশ্রয় শিবিৰতে উজাগৰী নিশা কটাবলগা হৈছে। বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কামৰূপ (মহানগৰ), কাৰ্বি আংলং (পশ্চিম), কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল পানীত ডুবি থকাৰ বিপৰীতে বহু লোকে আশ্রয় শিবিৰত বাহৰ পাতিবলগা হৈছে। 
এনে দুৰ্যোগৰ মাজতে বানপানীত ৯৯ হেজাৰ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰো তথ্য পোহৰলৈ আহিছে। ইপিনে বানত প্ৰতিদিনে ইজনৰ পিচত সিজন লোকে মৃত্যুক সাবটি ল'বলগা হৈছে। যোৱা ২৪ ঘন্টাত বানৰ কবলত পৰি মৃত্যু হৈছে ১২ জনৰ। নলবাৰী জিলাৰ বৰভাগত বানত উটি যোৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। ৰঙিয়াৰ লাহিতো বানত এজনে মৃত্যুক সাবটি লয়। দুধনৈৰ গাৰোপাৰা ঘাটতো পানীত পৰি সন্ধানহীন হৈছে এজন লোক।