কলকাতা
পশ্চিম বংগৰ দাৰ্জিলিঙত প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হোৱাৰ লগতে মূল পথসমূহৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্যোগৰ ফলত হিমালয়ৰ ছিকিম ৰাজ্যৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱা বুলি উল্লেখ কৰিছে বিষয়াসকলে।
উত্তৰ বংগৰ দাৰ্জিলিঙত যোৱা নিশা মুষলধাৰ বৰষুণ হোৱাৰ ফলত মিৰিক আৰু সুখীয়া পোখাৰী আদি অঞ্চলত ভূমিস্খলন সংঘটিত হয়। আৰক্ষী আৰু স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ভূমিস্খলনৰ ফলত বংগ আৰু ছিকিম সংযোগী পথ আৰু দাৰ্জিলিং আৰু শিলিগুৰি সংযোগী পথকে ধৰি মূল পথসমূহত যাতায়াত ব্যহত হৈ পৰিছে।
দুৰ্গা পূজাৰ অন্তত কলকাতা আৰু বংগৰ অন্যান্য প্ৰান্তৰ পৰা বৃহৎ সংখ্যক পৰ্যটকে দাৰ্জিলিংলৈ যাত্ৰা কৰে। গতিকে বহু পৰ্যটক এই দুৰ্যোগৰ সন্মুখীত হোৱাৰ সম্ভাৱনা আছে। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ গোৰ্খালেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচনে দাৰ্জিলিঙৰ টাইগাৰ হিল আৰু ৰক গাৰ্ডেনকে ধৰি পৰ্যটনস্থলী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ট'য় ট্ৰেন সেৱাও বন্ধ কৰি দিয়া হৈছে। আনহাতে, কৰ্তৃপক্ষই বাসিন্দা আৰু পৰ্যটকসকলক সাৱধান হ’বলৈ আৰু পথ আৰু বতৰৰ পৰিস্থিতিৰ বিষয়ে নিজকে অৱগত ৰাখিবলৈ নিৰ্দেশনা দিয়ে।
ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ব্যাপক ক্ষতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে দাৰ্জিলিঙৰ সাংসদ ৰাজু বিষ্টাই। তেওঁ কয় যে, "মৃত্যু, সম্পত্তিৰ ক্ষতি, আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে। মই পৰিস্থিতিৰ বুজ লৈছো আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছো।" উত্তৰ বংগৰ অন্যান্য অঞ্চল যেনে জলপাইগুৰি, শিলিগুৰি, কুচবিহাৰ আদি অঞ্চলতো প্ৰবল বৰষুণৰ ফলত কেইবাটাও অঞ্চলত বানপনীৰ সৃষ্টি হয়।
বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ বংগ আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী পূৰ্বে দিছিল। ইয়াৰ উপৰিও ছিকিমৰ বাবে দুটা ৰঙা সতৰ্কবাণী জাৰি কৰিছিল, বিজুলী, প্ৰচণ্ড বৰষুণ আৰু ধুমুহা বতাহৰ সৈতে মধ্যমীয়া বজ্ৰপাতৰ ভৱিষ্যদ্বাণী কৰিছিল। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, অঞ্চলটোত বৰষুণ ৭ অক্টোবৰলৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত উত্তৰ বংগত ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হ’ব পাৰে বুলিও সকীয়াই দিছে বিষয়াসকলে।