নতুন দিল্লী
শুকুৰবাৰে পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। হঠাতে যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। এই জুই ইমানেই ভয়াৱহ আছিল যে নিমিষতে সকলো শেষ হৈ যায় ৷ চকুৰ প্ৰচাৰতে সংঘটিত হোৱা অগ্নিকাণ্ডত ২০ জনতকৈ অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে ৷
আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে উল্লেখ কৰা মতে, শুকুৰবাৰে পুৱাৰ ভাগত অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বেংগালুৰু অভিমুখী এখন বাছত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।
আৰক্ষীয়ে দিয়া তথ্য মতে, হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখী কাবেৰী ট্ৰেভেলছৰ এখন বাছ কুৰ্ণুলৰ উপকণ্ঠ অঞ্চল চিন্নাটেকুৰৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ পাওঁতেই এই অগ্নিকাণ্ডটো সংঘটিত হয় ৷ দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ৩৯ জন লোক আছিল ৷ ইয়াৰে ১২ জন লোকে সামান্য আঘাতপ্ৰাপ্ত হৈ বাছৰ পৰা ওলাই যাবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰ বিপৰীতে বাছত থকা প্ৰায় ২০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।
আৰক্ষীয়ে উল্লেখ কৰা মতে, প্ৰথম অৱস্থাত কুৰ্ণুল চহৰৰ পৰা কিছু দূৰত আহি থকা অৱস্থাত উলিণ্ডাকোণ্ডাৰ পাওঁতেই পিছফালৰ পৰা অহা এখন দুচকীয়া বাহনে বাছখনত খুন্দা মাৰে। ফলত দুচকীয়া বাহনখন বাছখনৰ তল পায়গৈ আৰু বাছৰ ইন্ধনৰ টেংকিত খুন্দা মাৰে৷ ফলত বাছখনত জুই লাগি যায়৷
নিমিষতে জুইৰ লেলিহান শিখাই বাছখন আগুৰি ধৰে । সেই সময়ত বাছখনত থকা যাত্ৰীসকল টোপনিত লালকাল লৈ আছিল ৷ বাছত জুই লগা গম পাই চিঞৰ-বাখৰ কৰিবলৈ ধৰে আৰু কিছু যাত্ৰীয়ে বাছৰ পৰা নামি আহিবলৈ সক্ষম হয় ৷ কিন্তু বহু যাত্ৰী বাছতে আৱদ্ধ হৈ পৰে৷
জানিব পৰা মতে, ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক কুৰ্ণুল জেনেৰেল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ খবৰ অনুসৰি, বাছখনত থকা অধিকাংশ যাত্ৰী হায়দৰাবাদ চহৰৰ আছিল। ঘটনা সংঘটিত হোৱাৰ পিছতে বাছখনৰ চালক দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে ৰামি ৰেড্ডী, ভেনুগোপাল ৰেড্ডী, সত্যনাৰায়ণ, শ্ৰীলক্ষ্মী, নবীন কুমাৰ, অখিল, জশমিতা, আকিৰা, ৰমেশ, জয়সূৰ্য আৰু সুব্ৰমণিয়াম। হিন্দুপুৰৰ পৰা নবীনে নিজৰ গাড়ীৰে ৬ জন আহত লোকক কুৰ্ণুল হাস্পতাললৈ লৈ যায়।