অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ-আৰণ্যকৰ “গুৱাহাটীৰ প্ৰদূষণ প্ৰশমনকাৰী বিদ্যালয়” প্ৰকল্পৰ আৰম্ভণি
গুৱাহাটী
দ্ৰুত নগৰীকৰণৰ ফলত গুৱহাটী মহানগৰীৰ বৰ্ধিত বায়ু, পানী আৰু মাটি প্ৰদূষণে সৃষ্টি কৰা পৰিৱেশজনিত সমস্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থী সকলক প্ৰকৃতি সুৰক্ষাৰ ববে আকৰ্ষিত কৰা আৰু তেঁওলোকৰ মাজত এই সম্পৰ্কীয় মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এক অভিলাষী প্ৰকল্প আৰম্ভ কৰিছে।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত আৰম্ভ কৰা “গুৱাহাটীৰ প্ৰদূষণ প্ৰশমনকাৰী বিদ্যালয়” শীৰ্ষক এই প্ৰকল্পৰ অংশা হিচাপে ৩১ অক্টোবৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰেক্ষাগৃহত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়।
কৰ্মশালাখন উদ্বোধন কৰি দিয়া ভাষণত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব ড: জি কে মিশ্ৰই পৰিৱেশ সুৰক্ষা আৰু প্ৰদূষণ ৰোধত নাগৰিকৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। “গুৱাহাটীৰ প্ৰদূষণ প্ৰশমনকাৰী বিদ্যালয়” প্ৰকল্পক গুৱাহাটী মহানগৰীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ দিশত এক নতুন পদক্ষেপ বুলি অভিহিত কৰি ড: মিশ্ৰই কয় যে এই পৰীক্ষামূলক পদক্ষেপৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অধিক বিদ্যালয়ক সহায় কৰিব।
পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ অৰ্থে কেন্দ্ৰীয় পৰিৱে, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ এক সামগ্ৰিক আঁচনিৰ অংশহিচাপে এই কাৰ্যসূচী ৰুপায়ণ কৰা হৈছে।
মিশ্ৰই অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলৰ আগ্ৰহক প্ৰশংসা কৰী আৰু তেঁওলোকক দৈনন্দিন জীৱনত প্ৰদূষণ হ্ৰাস কৰিব পৰা কেতবোৰ সহজ তথা প্ৰয়োজনীয় পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰে। তেঁও পৰিৱেশ সুৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতে আৰণ্যকৰ সৈতে সহযোগিতা অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
প্ৰদূষণ প্ৰশমিতকৰণৰ বিভিন্ন পদক্ষেপৰ বিষয়ে ব্যাখ্যা আগবঢ়াই আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু ক্ষমতা বৃদ্ধি (ইইচিবি)বিভাগৰ সহকাৰী সঞ্চালক জযন্ত কুমাৰ পাঠকে কয়, “উত্তৰ পূৱত পাৰিপাৰ্শ্চিক সুৰক্ষাৰ এক নতুন যুগৰ সূচনা কৰাৰ বাবে আৰণ্যকে নতুন প্ৰজন্মক প্ৰয়োজনীয় দিক নিৰ্দেশনা দি আহিছে।”
পাঠকে “মিছন লাইফ”ৰ সৈতে সংগতি ৰাখি শিক্ষাৰ্থীসকলক পৰিৱেশ ৰক্ষক হিচাপে জড়িত কৰাৰ বাবে আৰণ্যকে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সমগ্ৰ শিক্ষা অসমে আগবঢ়োৱা সক্ৰিয় সহযোগিতাকো স্বীকাৰ কৰে।
প্ৰদূষণ প্ৰশমনকাৰী বিদ্যালয় প্ৰকল্পৰ বিস্তৃত ৰূপৰেখা সদৰি কৰি আৰণ্যকৰ জ্যেষ্ঠ পৰামৰ্শদাতা ড: সীমান্ত কলিতাই শিক্ষাৰ্থী সকলৰ মাজত প্ৰদূষণ প্ৰশমন সম্পৰ্কে চলোৱা (কেএপি)অধ্যয়নৰ ফলাফলো দাঙি ধৰে।
আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু ক্ষমতা বৃদ্ধি (ইইচিবি)বিভাগে শেহতীয়াকৈ গুৱাহাটীৰ কেইখনমান বিদ্যালয়ত এই অধ্যয়ন চলাইছিল।
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জ্যেষ্ঠ পৰিকল্পনা আৰু গৱেষণা বিষয়া কন্তেশ্বৰ কলিতাই আদৰণি ভাষণত দৈনন্দিন অভিজ্ঞতামূলক শিকনৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ মাজত ইতিবাচক ব্যৱহাৰিক পৰিবৰ্তনৰ মনোভাৱ জগাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ড: কাকলি দাস কলিতাৰ সৈতে আৰণ্যকৰ গীতাশ্ৰী শৰ্মা আৰু টিকেন্দ্ৰজিত গগৈয়ে পৰিচালনা কৰা কৰ্মশালাখনত শিক্ষাৰ্থী, শিক্ষক, গৱেষক, দক্ষিণ বেলতলা হাই স্কুলৰ শিক্ষক কৰ্মচাৰী, আৰণ্যক আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে।