ভগৱান ৰাম সকলোৰে, কেৱল হিন্দুৰ নহয়: জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা

Story by  atv | Posted by  [email protected] • 1 Years ago
জম্মু-কাশ্মীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা
জম্মু-কাশ্মীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা
জম্মু

জম্মু-কাশ্মীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে উধমপুৰত এক সভাত ভাষণ দি কয় যে ভগৱান ৰাম কেৱল হিন্দুৰ দেৱতা নহয়। ধৰ্ম নিৰ্বিশেষে ৰামৰ ওপৰত বিশ্বাস ৰখা সকলো লোকৰে তেওঁ প্ৰভু বুলি আব্দুল্লাই উল্লেখ কৰে। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি ফাৰুক আব্দুল্লাই বিজেপিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে দলটোৱে কেৱল ক্ষমতাত থাকিবলৈ ৰামৰ নাম ব্যৱহাৰ কৰে, কিন্তু ৰাম অকল হিন্দুৰ ভগৱান নহয়। 
 
পেন্থাৰছ পাৰ্টিৰ দ্বাৰা আয়োজিত এক সমাৱেশত তেওঁ কয়, "ভগৱান ৰাম কেৱল হিন্দুৰ দেৱতা নহয়। অনুগ্ৰহ কৰি এই ধাৰণাটো আপোনাৰ মনৰ পৰা আঁতৰাই পেলাওক। ভগৱান ৰাম সকলোৰে দেৱতা, মুছলমানে হওক বা খ্ৰীষ্টানে হওক বা আমেৰিকানে হওক বা ৰাছিয়ানে হওক, তেওঁৰ ওপৰত বিশ্বাস ৰাখক।" 
"যিসকলে নিজকে ৰামৰ একমাত্ৰ শিষ্য বুলি কৈ ফুৰে, তেওঁলোক মূৰ্খ। তেওঁলোকে ৰামৰ নাম বিক্ৰী কৰিব বিচাৰে। তেওঁলোকৰ ৰামৰ প্ৰতি প্ৰেম নাই ক্ষমতাৰ প্ৰতিহে প্ৰেম আছে। মই ভাবো যে জম্মু-কাশ্মীৰত নিৰ্বাচন ঘোষণা কৰাৰ সময়ত তেওঁলোকে সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাম মন্দিৰ উদ্বোধন কৰিব। সেয়েহে আপোনালোকক আহ্বান জনাইছো যে ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ ঘৃণাৰ অপপ্ৰচাৰ বন্ধ কৰক। 
 
ইয়াৰ পূৰ্বে নৱেম্বৰ মাহতে ফাৰুক আব্দুল্লাই একেখিনি মন্তব্য কৰিছিল আৰু কৈছিল যে "ভগৱান ৰাম সকলোৰে বাবে, কেৱল হিন্দুৰ বাবে নহয়"। বিজেপি বিৰোধী দলৰ মাজত ঐক্য সন্দৰ্ভত তেওঁ কয়, "আমাৰ ঐক্যত কোনো বাধা নাথাকিব। সেয়া কংগ্ৰেছ হওক, এন চি হওক, পেন্থাৰ হওক। আমি ৰাইজৰ বাবে যুঁজিম আৰু মৰিম। কিন্তু আমি সকলোৱে একত্ৰিত হৈ থাকিম।"