পহলগাম আক্ৰমণৰ ৩ জন পাকিস্তানী সন্ত্ৰাসবাদীৰ পোষ্টাৰ মুকলি; তথ্য প্ৰদানকাৰীক ২০ লাখ টকাৰ পুৰস্কাৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত থকা বুলি অনুমান কৰা তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীৰ পোষ্টাৰ লগাইছে নিৰাপত্তা সংস্থাই। জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ একাধিক স্থানত ‘সন্ত্ৰাসমুক্ত কাশ্মীৰ’ বাৰ্তা বহন কৰা এই পোষ্টাৰসমূহ পৰিলক্ষিত হৈছে।
 
ইয়াৰে তিনিজন সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবা (লেট) হ’ল অনন্তনাগৰ বাসিন্দা আদিল হুছেইন থোকাৰ আৰু দুজন পাকিস্তানী নাগৰিক ক্ৰমে আলী ভাই ওৰফে তালহা ভাই আৰু হাছিম মুছা ওৰফে চুলেইমান।  
 
পোষ্টাৰসমূহত জড়িত সন্ত্ৰাসবাদীৰ বিষয়ে বিশ্বাসযোগ্য তথ্য প্ৰদান কৰা ব্যক্তিক ২০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছে। তথ্যদাতাসকলৰ পৰিচয় কঠোৰভাৱে গোপনীয় কৰি ৰখা হ’ব বুলি সংস্থাসমূহে আশ্বাস দিছে।
 
পহলগাম চহৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত্বত অৱস্থিত বৈসাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত ২৫জন দেশী পৰ্যটক আৰু এজন নেপালী পৰ্যটককে ধৰি কমেও ২৬ জন লোক নিহত হয়। ২০১৯ চনত পুলৱামা হত্যাকাণ্ডৰ পিছত কাশ্মীৰ উপত্যকাত সংঘটিত হৈছে এই ভয়াবহ ঘটনা। 
 
পাহালগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ (LeT)ৰ এটা শাখা ৰেজিষ্টেন্স ফ্ৰণ্টে। পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ভাৰতৰ সামৰিক ঘাটি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ অসামৰিক অঞ্চলত আক্ৰমণ চলায়।  
 
নিয়ন্ত্ৰণ ৰেখাৰ কাষত দিনে দিনে সংঘৰ্ষ অব্যহত থকাৰ পিছত ১০ মে’ত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বুজাবুজিত উপনীত হয়। ভাৰতে কয় যে কেৱল সামৰিক ব্যৱস্থা বন্ধ কৰা হৈছে যদিও ইছলামবাদৰ সৈতে কোনো কূটনৈতিক পৰ্যায়ৰ আলোচনা নকৰে।