মণিপুৰৰ উখৰুলত নতুনকৈ সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে জ্বলিল ঘৰ

Story by  atv | Posted by  Munni Begum • 13 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ইম্ফল
 
৯ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে সশস্ত্ৰ উগ্ৰপন্থীয়ে কেইবাটাও ঘৰ জ্বলাই দিয়াৰ পিছত লিটান ছাৰেখং আৰু উখৰুল জিলাৰ ওচৰৰ অঞ্চলসমূহত উত্তেজনা অব্যাহত আছে। অ
 
বিষয়াসকলৰ মতে, লিটান ছাৰেখং আৰু ওচৰৰ ছিকিবুং গাঁৱত দেওবাৰে সন্ধিয়াৰ পৰা উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ পিছতে দুই জনগোষ্ঠীৰ মাজত শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হয়, যাৰ পিছত প্ৰশাসনে পৰিস্থিতিৰ অৱনতি ৰোধ কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰে।
 
দেওবাৰে মাজনিশাৰ সময়ছোৱাত, টংখুল নাগা সম্প্ৰদায়ৰ সদস্যসকলৰ কেইবাটাও ঘৰ লিটান ছাৰেখঙত জ্বলাই দিয়া হয়। অভিযোগ মতে কুকি উগ্ৰপন্থীৰদ্বাৰা নিকটৱৰ্তী অঞ্চলত কুকি সম্প্ৰদায়ৰ কেইটামান ঘৰ জ্বলাই দিয়া হৈছিল।
 
টংখুল হৈছে মণিপুৰৰ সৰ্ববৃহৎ নাগা জনজাতি, আনহাতে লিটান ছাৰেখং হৈছে কুকি সম্প্ৰদায়ৰ আধিপত্য থকা এখন গাঁও। সূত্ৰসমূহে কয় যে, এটা গ্ৰাম্য বেংক আৰু নগা সম্প্ৰদায়ৰ কমেও ৯টা ঘৰ জ্বলাই দিয়া হৈছিল। তদুপৰি, কুকি সম্প্ৰদায়ৰ তিনিটা ঘৰ জ্বলাই দিয়া হৈছিল।
 
এই অগ্নিসংযোগৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ পাইছে। ভিডিঅ'টোত সশস্ত্ৰ লোকসকলে ঘৰ আৰু বাহন জ্বলাই দিয়া দেখা গৈছে। ভিডিঅ'বোৰত উগ্ৰপন্থীসকলে ছদ্মবেশী ইউনিফৰ্ম পৰিধান কৰা, অত্যাধুনিক অস্ত্ৰ বহন কৰা আৰু লিটান অঞ্চলত আকাশলৈ কেইবা জাই গুলী চালনা কৰাও দেখা গৈছে। 
 
সূত্ৰসমূহে কয় যে, লিটানলৈ যোৱা পথসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল আইন-শৃংখলা ৰক্ষা কৰা, আগলৈ হিংসা ৰোধ কৰা আৰু সন্দেহজনক ব্যক্তিৰ চলাচল সীমাবদ্ধ কৰা।
 
উখৰুল জিলা দণ্ডাধীশে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে, টাংখুল আৰু কুকি সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত লিটান গাঁৱত শান্তি আৰু ৰাজহুৱা শৃংখলা ভংগ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। এই আদেশত কোৱা হৈছে যে, এনেধৰণৰ বিসংগতিয়ে জনসাধাৰণৰ শান্তি আৰু সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে আৰু মানুহৰ জীৱন আৰু সম্পত্তি বিপদাপন্ন কৰিব পাৰে। তেওঁ লগতে কয় যে, এই পৰিস্থিতিত তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন, যাৰ বাবে আগতীয়া জাননী দিয়াটো অসাধ্য।
 
ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি (বিএনএছএছ), ২০২৩ৰ ১৬৩ ধাৰাৰ ১নং উপ-ধাৰাৰ আধাৰত উখৰুল জিলা দণ্ডাধীশ আশীষ দাসে জনসাধাৰণৰ ঘৰৰ বাহিৰত চলা-ফুৰা আৰু প্ৰভাৱিত অঞ্চলত আইন-শৃংখলা বিঘ্নিত কৰিব পৰা যিকোনো কাৰ্যকলাপৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰে। এই নিষেধাজ্ঞা ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বজাৰ পৰা কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নাপালে পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব। অৱশ্যে, এই নিষেধাজ্ঞা চৰকাৰী বিষয়া আৰু সুৰক্ষা কৰ্মীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
 
বিষয়াসকলে কয় যে, শনিবাৰে ৰাতিপুৱাৰ পৰা এই অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে। টংখুল সম্প্ৰদায়ৰ এজন সদস্যক লিটান গাঁৱত ৭-৮ জন লোকে আক্ৰমণ কৰাৰ ঘটনাৰ পিছত এই ঘটনা সংঘটিত হয়।