সংসদ ভৱনত আক্ৰমণৰ আঁৰত জড়িত আছিল মাছুদ আজহাৰঃ জৈছ-ই-মহম্মদৰ দূধৰ্ষ সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তি

Story by  atv | Posted by  [email protected] • 1 Months ago
জৈছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰ
জৈছ-ই-মহম্মদৰ মূৰব্বী মাছুদ আজহাৰ
 
নতুন দিল্লী

জৈছ-ই-মহম্মদৰ এজন জ্যেষ্ঠ সন্ত্ৰাসবাদীয়ে দিল্লী আৰু মুম্বাইত আক্ৰমণৰ পৰিকল্পনা আৰু সম্পন্ন কৰাত তেওঁলোকৰ সংগঠনৰ মূৰব্বী মাছুদ আজহাৰ প্ৰত্যক্ষভাৱে জড়িত আছিল বুলি স্বীকাৰ কৰিছে। সন্ত্ৰাসবাদীটোৰ এই স্বীকাৰোক্তিৰ পিছত পুনৰ এবাৰ অস্বস্তিত পৰিছে পাকিস্তান। কিয়নো, পাকিস্তানে নিজৰ মাটিত সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়াৰ কথা বাৰে বাৰে কৰা অস্বীকাৰ কৰি আহিছে। 
 
ৰাষ্ট্ৰসংঘৰদ্বাৰা ঘোষিত সন্ত্ৰাসবাদী সংগঠনটোৰ শীৰ্ষ কমাণ্ডাৰ মাছুদ ইলিয়াছ কাশ্মীৰীয়ে এটা ভিডিঅ’যোগে স্বীকাৰ কৰিছে যে ভাৰতৰ ম'ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী আজহাৰে পাঁচ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হোৱাৰ পিছত পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল। কাশ্মীৰীয়ে কয় যে আজহাৰৰ ঘাটি বাকালোটত আছিল, যিটো ২০১৯ চনত ভাৰতে এয়াৰষ্ট্ৰাইকৰ সময়ত লক্ষ্য কৰি লৈছিল।
 
"দিল্লীৰ তিহাৰ জেলৰ পৰা পলায়ন কৰাৰ পিছত আমিৰ-উল-মুজাহিদিন মৌলানা মাছুদ আজহাৰ পাকিস্তানলৈ আহে। বালাকোটৰ মাটিয়ে তেওঁক নিজৰ দৃষ্টিভংগী, অভিযান আৰু কাৰ্যসূচী দিল্লী আৰু বোম্বাইলৈ আগুৱাই নিয়াৰ বাবে এক ঘাটি প্ৰদান কৰে আৰু এইদৰেই ভাৰতক আতংকিত কৰা আমিৰ-উল-মুজাহিদীন মৌলানা মাছুদ আজহাৰৰ আবিৰ্ভাৱ হয়,” কাশ্মীৰীয়ে এইদৰে কয়।