Wed Jul 09 2025 9:20:10 AM
  • Follow us on
  • Subcribe

উত্তৰ-পূৱত মৌচুমী বতাহৰ প্ৰৱেশৰ সম্ভাৱনা, ৰাজ্যৰ প্ৰায়সমূহ জিলাতে বৰষুণৰ সম্ভাৱনা

Story by  atv | Posted by  ArifulIslam@gmail.com • 2 Years ago
উত্তৰ-পূৱত মৌচুমী বতাহৰ প্ৰৱেশৰ সম্ভাৱনা, ৰাজ্যৰ প্ৰায়সমূহ জিলাতে বৰষুণৰ সম্ভাৱনা
উত্তৰ-পূৱত মৌচুমী বতাহৰ প্ৰৱেশৰ সম্ভাৱনা, ৰাজ্যৰ প্ৰায়সমূহ জিলাতে বৰষুণৰ সম্ভাৱনা
 
গুৱাহাটী
 
বৃহস্পতিবাৰে অসমৰ বহু ঠাইত পাতলীয়ৰ পৰা মজলীয়া বৰষুণৰ ফলত ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু পৰিত্ৰাণ পোৱাৰ আশংকা কৰিব পাৰি। যিহেতু অহা ৪৮ ঘন্টাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত মৌচুমী বতাহৰ প্ৰৱেশ ঘটাৰ সম্ভাৱনা আছে, ফলত ৰাজ্যৰ কিছু কিছু প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। জুন মাহত উৎকট গৰমে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসম তথা মহানগৰবাসীৰ স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে। এই সময়ত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই বতৰাই বহুতকে কিছু সকাহ দিছে।
 
 
আনহাতে, ৯ আৰু ১০ জুনতো অসমৰ বেছিভাগ জিলাতে পাতলীয়া বা মধ্যমীয়া বৰষুণ হোৱাৰ আশংকা আছে। উত্তৰ পূৰ্বাঞ্চলৰ গোটেই কেইখন ৰাজ্যৰে প্ৰায়বোৰ জিলাতে পাতলীয় বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি কৰিছে।
 
আজিৰ দিনটোত সৰ্বোচ্চ তাপমান গুৱাহাটীত ৩৫ ডিগ্ৰী, ডিব্ৰুগড় ৩৭ ডিগ্ৰী, তেজপুৰ ৩৭ ডিগ্ৰী , শিৱসাগৰত ৩৮ ডিগ্ৰী, শিলচৰ ৩৫ ডিগ্ৰী , ধুবুৰী ৩৫ ডিগ্ৰী, যোৰহাট ৩৮ ডিগ্ৰী আৰু উত্তৰ লক্ষীমপূৰত ৩৭ ডিগ্ৰী চেলছিয়াছ হ’ব।
 
লগতে, ৰাতিৰ সময়ত সৰ্বনিম্ন তাপমান গুৱাহাটীত ২৬ ডিগ্ৰী, ডিব্ৰুগড় ২৬ ডিগ্ৰী, তেজপুৰ ২৮ ডিগ্ৰী , শিৱসাগৰত ২৬ ডিগ্ৰী, শিলচৰ ২৭ ডিগ্ৰী , ধুবুৰী ২৮ ডিগ্ৰী, যোৰহাট ২৭ ডিগ্ৰী আৰু উত্তৰ লক্ষীমপূৰত ২৫ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে।
 
উল্লেখযোগ্য যে, দিনটোৰ শেষৰ ভাগত উত্তৰ লক্ষীমপূৰত ৫৫ শতাংশ বৰষুণ আৰু ৩৩ শতাংশ বতাহ ধুমুহা অহাৰো সম্ভাৱনা আছে। ইয়াৰোপৰি যোৰহাটত ৪১ শতাংশ বৰষুণ আৰু ২৫ শতাংশ বতাহ ধুমুহা আহিব পাৰে। লগতে তেজপুৰত ৫৫ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে ৩৩ শতাংশ ধুমুহা হ’ব পাৰে। শিৱসাগৰতো ৪০ শতাংশ বৰষুণ হ’ব পাৰে। ইফালে ধুবুৰীত ২১ শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা থাকিব।