বিশ্ব চেম্পিয়ন কাৰ্লছেনক ড্ৰ’ খেলিবলৈ বাধ্য কৰোৱা ৯ বছৰীয়া দবা মাষ্টাৰ আৰিত কপিলৰ বিষয়ে জানো আঁহক

Story by  atv | Posted by  [email protected] • 6 h ago
বিশ্ব চেম্পিয়ন কাৰ্লছেনক ড্ৰ’ খেলিবলৈ বাধ্য কৰোৱা ৯ বছৰীয়া দবা মাষ্টাৰ আৰিত কপিল
বিশ্ব চেম্পিয়ন কাৰ্লছেনক ড্ৰ’ খেলিবলৈ বাধ্য কৰোৱা ৯ বছৰীয়া দবা মাষ্টাৰ আৰিত কপিল
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

দিল্লীৰ ময়ূৰ বিহাৰৰ ৯ বছৰীয়া আৰিত কপিল নামৰ কিশোৰজনে শেহতীয়াকৈ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন তথা বৰ্তমানৰ বিশ্ব নম্বৰ মেগনাছ কাৰ্লছেনক এখন সন্মানীয় অনলাইন টুৰ্ণামেণ্টত ড্ৰ খেলিবলৈ বাধ্য কৰাই দবা খেল জগতত খলকনিৰ সৃষ্টি কৰিছে।
 
২৪ জুনত আৰিতে তেওঁৰ হোটেলৰ ৰুমৰ পৰা Chess.com ত লগ ইন কৰি জৰ্জিয়াৰ বাটুমী চহৰত অনুষ্ঠিত হোৱা FIDE World Cadets Cup (Under - 10 Category) ৰ বাবে "TITLED TUESDAY" নামৰ দ্ৰুত গতিৰ ব্লিটজ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰে।
 
এই টুৰ্ণামেণ্টত কেৱল সেইসকল খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰে যিসকলে FIDE ৰ গ্ৰেণ্ডমাষ্টাৰ (GM), ইন্টাৰনেশ্যনেল মাষ্টাৰ (IM), বা কেণ্ডিডেট মাষ্টাৰ (CM) পদক লাভ কৰিছে। আৰিত কপিল এজন কেণ্ডিডেট মাষ্টাৰ আৰু এই টুৰ্ণামেণ্টত তেওঁ কাৰ্লছনকে ধৰি শীৰ্ষ পৰ্যায়ৰ দবা খেলুৱৈসকলৰ বিৰুদ্ধে খেলিছিল।
 
মেগনাছ কাৰ্লছনৰ সৈতে মুখামুখি হ'লেও আৰিতে কোনো ভয় বা হতাশাৰ সন্মুখীন হোৱা নাছিল। তেওঁ আৰম্ভণিৰে পৰা আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি তাৰকাগৰাকীৰ ওপৰত চাপ সৃষ্টি কৰে। যদিও ১৪ নং খণ্ডত তেওঁ এজন ৰথীৰে পিছ পৰি আছিল, ১৮ নং খণ্ডত তেওঁ দুয়োটা ঘোঁৰাক কাৰ্লছনৰ অঞ্চলত গভীৰতালৈ লৈ গ'ল আৰু তেওঁলোকৰ ৰজাক প্ৰত্যক্ষভাৱে ভাবুকি প্ৰদান কৰিলে। ২৫ নম্বৰ খোজত অৰিতে ব'ৰ্ডত আগভাগ লৈছিল। কিন্তু ঘড়ীৰ কাঁইটবোৰে তেওঁৰ বাবে বিপদ কঢ়িয়াই আনিছিল। 
 
দবা খেলি থকা সময়ত আৰিত কপিল
 
টাইটেল্ড টুডে হৈছে এটা অতি দ্ৰুত গতিৰ টুৰ্ণামেণ্ট য'ত খেলুৱৈসকলে মাত্ৰ তিনি মিনিট আৰু প্ৰতিটো পদক্ষেপৰ পিছত এক ছেকেণ্ড বৃদ্ধি পায়। কাৰ্লছনে তেওঁৰ প্ৰথম ১৪টা পদক্ষেপেৰে মাত্ৰ সাত ছেকেণ্ডহে ব্যৱহাৰ কৰিছিল। আনহাতে আৰিতৰ সময় অতি কম আছিল। খেলৰ ৪৬ নম্বৰ চলনালৈকে আৰিত বিজয়ী অৱস্থাত আছিল, কিন্তু ঘড়ীত সময়ৰ অভাৱৰ বাবে শেষত ৪৯ নম্বৰ চলনালৈকে যুঁজখন ড্ৰ হিচাপে সামৰণি পৰে। 
 
এই ড্ৰও আৰিতৰ বাবে এক ডাঙৰ সাফল্য আছিল, কাৰণ কাৰ্লছনে বগা মোহৰাৰে খেলিছিল আৰু আৰম্ভণিৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাখিছিল। আৰিতৰ পিতৃ-মাতৃ ক্ৰমে বিজয় কপিল আৰু নিশা কপিলৰ মতে, তেওঁলোকে ফোনত কথা পাতি থাকোতেই আৰিত ৰুমৰ পৰা ওলাই আহিল আৰু চিঞৰি ক'লে, "মই মেগনাছক ড্ৰ' খেলিবলৈ বাধ্য কৰিলো! প্ৰথমে আমি বিশ্বাস কৰিব পৰা নাছিলো, কিন্তু যেতিয়া আমি দেখিছিলো, আমি আনন্দিত হ'লো।"
 
উল্লেখ্য যে, আৰিতে পাঁচ বছৰ বয়সত দবা খেলৰ যাত্ৰা আৰম্ভ কৰিছিল, যেতিয়া তেওঁ নিজৰ পিতৃক লেপটপত দবা খেলি থকা দেখিছিল আৰু নিজেও খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। বিজয় কপিল এজন মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ আৰু তেওঁ নিজেও দবা অনুৰাগী, অৱশ্যে পেছাদাৰী খেলুৱৈ নহয়।
পিতৃ বিজয়ে কয়, "মই এজন সাধাৰণ খেলুৱৈ। আৰিতে মোক লেপটপত বহি থকা দেখিলে সুধিছিল যে মই কি কৰি আছো, তেতিয়া মই তেওঁক দবাৰ শিক্ষা দিছিলো। এসপ্তাহৰ ভিতৰতে তেওঁ মোক হৰুৱাবলৈ আৰম্ভ কৰিলে।"
 
প্ৰথমতে তেওঁৰ পিতৃ-মাতৃয়ে এয়া এক কাকতালীয় ঘটনা বুলি ভাবিছিল, কিন্তু যেতিয়া তেওঁলোকে ইচ্ছাকৃতভাৱে তেওঁৰ পৰা কিছু মোহৰা কমাই দিছিল, আৰু তেতিয়াও তেওঁ বিজয়ী হৈছিল। তাৰ পিছত তেওঁলোকে বুজি পালে যে তেওঁৰ মাজত এক অসাধাৰণ প্ৰতিভা আছে।
 
তেওঁ আৰিতক ইন্টাৰনেচনেল মাষ্টাৰ বিশাল ছাৰিনৰ ওচৰলৈ প্ৰশিক্ষণৰ বাবে পঠিয়াইছিল। কোচিং আৰম্ভ কৰাৰ এসপ্তাহৰ পিছতে আৰিতে অনূধর্ব-৭ শাখাত এখন আন্তঃৰাষ্ট্ৰীয় অনলাইন টুৰ্ণামেণ্টত বিজয়ী হয় আৰু ১৫,০০০ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ আৰু ৬ মাহ।
এতিয়ালৈকে আৰিতে ৫০ টাতকৈও অধিক ট্ৰফী জয় কৰিছে আৰু তেওঁ বহুতো আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰক পৰাস্ত কৰি নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে। বিগত বৰ্ষত তেওঁ গ্ৰেণ্ডমাষ্টাৰ ৰাছেট জিয়াডেনভক পৰাস্ত কৰিছিল আৰু এই কৃতিত্ব অৰ্জন কৰা তেওঁ সৰ্বকনিষ্ঠ ভাৰতীয়। আৰিতৰ পিতৃয়ে কয় যে সা-সুবিধাৰ সীমাবদ্ধতা তেওঁৰ বাবে সদায় এক প্ৰত্যাহ্বান আছিল। 
 
বিজয়ৰ মতে, "এজন ভাল প্ৰশিক্ষকক প্ৰতি ঘণ্টাত ৭-৮ হাজাৰ টকা দিব লগীয়া হয় আৰু ইউৰোপ তথা এছিয়াৰ ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ খৰচ লাখ লাখ টকা হয়। আমি তেওঁৰ প্ৰতিভা কেতিয়াও ধনৰ অভাৱত বন্ধ নকৰো। আৰিতৰ সপোন হৈছে গুকেশ ডোমৰাজুৰ অভিলেখ ভংগ কৰি আটাইতকৈ কম বয়সতে বিশ্ব চেম্পিয়ন হোৱা। তেওঁ গুকেশক নিজৰ আদৰ্শ হিচাপে লয় আৰু দৈনিক ৫ - ৬ ঘন্টা দবা খেলৰ অনুশীলন কৰে। 
 
উল্লেখ্য যে, ২০২৪ চনত আৰিতে ৩৭ সংখ্যক ৰাষ্ট্ৰীয় অনূৰ্ধ্ব-৯ অপেন টুৰ্ণামেণ্টত নিধিশ শ্যামলৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেল খেলিছিল। এইটো এখন নিৰ্ণায়ক মেচ আছিল। দুয়োগৰাকীৰে সমান পইণ্ট আছিল, কিন্তু টাই ব্রেক স্ক'ৰত নিধিশে আগস্থান দখল কৰে আৰু খিতাপ নিজৰ নামত কৰে। এই পৰাজয়ৰ পৰা আৰিতে বহুত শিক্ষা লৈছিল আৰু অনুশীলন অব্যাহত ৰাখিছিল।
 
পিতৃ-মাতৃৰ সৈতে আৰিত
 
তেওঁৰ পিতৃ-মাতৃয়েও আৰিতৰ ওপৰত অযথা চাপ সৃষ্টি নকৰিবলৈ যত্ন কৰে। বিজয়ে কয়, "আমি এই কথা স্বীকাৰ কৰিছো যে এয়া এক দীঘলীয়া দৌৰ। ষ্টক মাৰ্কেটত উত্থান-পতনৰ দৰে জীৱন আৰু খেল-ধেমালিতো উত্থান-পতন হয়। আমাৰ কাম হৈছে তেওঁক সমৰ্থন কৰা।" 
 
আৰিত কেৱল এজন উদীয়মান আৰু প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ নহয়, তেওঁ আৱেগিকভাৱেও যথেষ্ট স্থিৰ। তেওঁ নিজৰ পৰাজয়ৰ পৰা শিক্ষা লয়, আৰু প্ৰতিখন যুঁজক এক অভিজ্ঞতা হিচাপে গ্ৰহণ কৰে। এতিয়া তেওঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে ড্ৰ খেলিছে। তেওঁৰ বাবে এয়া এক নতুন আৰম্ভণিৰ দৰে। 
 
এই কৃতিত্বই তেওঁক কেৱল আত্মবিশ্বাসেৰে ভৰাই তোলাই নহয়, বৰং অনাগত দিনত তেওঁক বিশ্ব দবা মঞ্চত ভাৰতৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে গঢ়ি তুলিব পাৰে। এই যুৱ খেলুৱৈজনৰ কাহিনীটোৱে আমাক শিকায় যে প্ৰতিভা বয়সৰ সীমা নহয়, আৰু যদি আবেগ আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে সপোনৰ সংমিশ্ৰণ হয়, তেন্তে কোনো লক্ষ্যই দূৰ নহয়। এতিয়া সমগ্ৰ ভাৰতবৰ্ষই আৰিত কপিলৰ পৰৱৰ্তী পদক্ষেপৰ বাবে অপেক্ষা কৰি আছে।