'নিউজ লাইভ'ৰ ১৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত চেনেলটোৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ সৈতে যোগগুৰু স্বামী ৰামদেৱ
ইমতিয়াজ আহমেদ / গুৱাহাটী
যোগগুৰু স্বামী ৰামদেৱে শনিবাৰে কয় যে ভাৰতীয় সংস্কৃতি, বিশেষকৈ সনাতন সংস্কৃতিত সাম্প্ৰদায়িক ঘৃণা-বিদ্বেষৰ কোনো স্থান নাই। ই প্ৰেম আৰু ভাতৃত্ববোধকহে আকোঁৱালি লয়। তেওঁ কয় যে আধুনিক ভাৰতত ধৰ্মীয় ঘৃণা কেৱল বস্তুগত লাভৰ বাবেহে। ই সনাতন ধৰ্মৰ একেবাৰেই অংশ নহয়।
জনপ্ৰিয় ব্যক্তিগত চেটেলাইট নিউজ চেনেল 'নিউজ লাইভ'ৰ ১৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত চেনেলটোৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনৰ সৈতে এক মতবিনিময়ত ৰামদেৱে কয়, “সনাতন ধৰ্ম (বেদ ধৰ্ম)ৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সহজ ভাষাত ক'বলৈ গ'লে মই এজন কট্টৰপন্থী হিন্দু৷ কিন্তু, মই হুছেইন ভাইক ভাল পাওঁ, কাৰণ মই তেওঁৰ মাজত মোৰ আত্মাক প্ৰত্যক্ষ কৰো। আমি ভিন্ন ধৰ্মত বিশ্বাসী হ'ব পাৰো, কিন্তু আমি ভাৰতীয় আৰু আমাৰ ডি এন এ (DNA) একে। আমাৰ ভূমিকা একেই, আমাৰ লক্ষ্য হৈছে দেশক শক্তিশালী কৰা। সনাতন ধৰ্মই ঘৃণাৰ প্ৰচাৰ নকৰে। ই কেৱল প্ৰেম আৰু উদাৰতাৰ শিক্ষা দিয়ে।”
ধৰ্মীয় অসহিষ্ণুতা সম্পৰ্কে দৰ্শকৰ আন এটা প্ৰশ্নৰ উত্তৰত ৰামদেৱে কয় যে, “আপুনি যিকোনো ধৰ্মত বিশ্বাস কৰিব পাৰে, সেয়া সনাতন ধৰ্মই হওক, বৈষ্ণৱ ধৰ্মই হওক, জৈন ধৰ্মই হওক অথবা শিখ ধৰ্মই হওক। আপুনি নিজৰ ধৰ্মৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হোৱা উচিত। কিন্তু, একে সময়তে আন ধৰ্মাৱলম্বী লোকৰ প্ৰতিও উদাৰ হোৱা উচিত। য'ত পাৰস্পৰিক সন্মান আৰু উদাৰতা থাকে, সেই পৃথিৱীত ধৰ্মীয় অসহিষ্ণুতা, ধৰ্মীয় হিংসা, ধৰ্মীয় যুদ্ধ বা ধৰ্মীয় সন্ত্ৰাসবাদ থাকিব নোৱাৰে।”
ইফালে, সক্ৰিয় ৰাজনীতিত যোগদানৰ ক্ষেত্ৰত তেওঁৰ মতামত সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত যোগগুৰু ৰামদেৱে কয়, ‘মই ৰাজনীতিবিদ হ’ব নিবিচাৰো, কিন্তু ৰাজনীতি বুজি পাওঁ। মোৰ বিশ্বাস, সকলোৰে নিজস্ব ৰাজনৈতিক মতামত থাকিব লাগে...ৰাজনীতিৰ পৰা মোৰ কি লাভ হ'ব ? ১৪০ কোটি ভাৰতীয়ৰ ভিতৰত প্ৰায় ১০-১৫ কোটি বিপথে পৰিচালিত লোকক বাদ দি প্ৰায় ১২৫ কোটি ভাৰতীয়ই মোক ভাল পায়। সমগ্ৰ বিশ্বৰ প্ৰায় ২৫০ কোটি লোকে মোক মানৱ জাতিৰ প্ৰতি কৰা কামৰ বাবে ভাল পায়। মই মোৰ দেশক শিক্ষাৰ দাসত্ব, চিকিৎসাৰ দাসত্ব, অৰ্থনীতিৰ দাসত্বৰ পৰা মুক্ত কৰাৰ কাম কৰি আছো। আৰু, এইবোৰৰ বাবে ৰাজনীতিৰ সহায় লোৱাৰ প্ৰয়োজন নাই...ৰাজনীতিত মোৰ একমাত্ৰ সপোন বিধায়ক, সাংসদ, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হোৱাটো নহয়। মোৰ একমাত্ৰ সপোন ৰাজনীতিত ভাল মানুহক দেখা।”
নিজৰ জীৱনশৈলী আৰু কৰ্ম সংস্কৃতিৰ প্ৰশংসা সন্দৰ্ভত ভাষণ দি আয়ুৰ্বেদ ভিত্তিক উদ্যোগপতিগৰাকীয়ে কয় যে তেওঁ কেৱল নিজৰ বাবেই নহয়, হাজাৰ হাজাৰ দেশবাসীৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰাত বিশ্বাস কৰে। “সেইটোৱেই মোৰ আৰু আম্বানী, আদানী, বিৰলা, টাটা আদি ডাঙৰ উদ্যোগপতিৰ মাজত পাৰ্থক্য। মোৰ দৰে দেশৰ বাবে কাম কৰা আন পুৰুষ কমেইহে আছে এই দেশত। তেওঁলোকৰ ভিতৰত আছে আমাৰ অতি দক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আন কেইজনমান ব্যক্তি, যিয়ে কেৱল দেশৰ বাবে কাম কৰি আছে। আমি সকলো সময়তে কাম কৰো। আমাৰ দৈনন্দিন জীৱনত টোপনিৰ স্থান প্ৰায়েই নাই।”
প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা আৰু নিউজ লাইভ'ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে যোগগুৰু বাবা ৰামদেৱৰ সৈতে যোগ প্ৰদৰ্শন কৰা এক মূহুৰ্ত
লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ শীৰ্ষ ২ মূখ্যমন্ত্ৰীৰ ভিতৰত অন্যতম বুলি বাবা ৰামদেৱে আখ্যা দিয়ে। তেওঁ আনজনৰ নাম উল্লেখ নকৰিলেও আপাত দৃষ্টিত সেয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হ'ব।
'নিউজ লাইভ'ৰ ১৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত যোগগুৰু বাবা ৰামদেৱে যোগ প্ৰদৰ্শন কৰাৰ এক মূহুৰ্ত
প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী বিনিয়োগক উদগণি যোগোৱা সন্দৰ্ভত সোধাত তেওঁ কয় যে মোদীজীয়ে প্ৰধানমন্ত্ৰী হৈ বিশ্ববাসীক তেনে আহ্বান জনাইছে। দেশত বিদেশী বিনিয়োগ হ’ব লাগে বুলি ময়ো মানি লওঁ। কিন্তু, একে সময়তে দেশৰ জনসাধাৰণ সুস্থ আৰু ধনী হোৱা উচিত। বিদেশী বিনিয়োগৰ অৰ্থ এইটো নহয় যে, বিদেশী সামগ্ৰীৰে বজাৰ ভৰি পৰিব লাগে। বিনিয়োগসমূহৰ সহায়ত আমি দেশখনক বিশ্বৰ উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত। ভাৰত আইফোন বা অন্যান্য সামগ্ৰীৰ উৎপাদন কেন্দ্ৰ হ’ব লাগে।”