নতুন দিল্লী
দিল্লী-গাজিয়াবাদ-মীৰাট নমো ভাৰত ৰে’ল সেৱাই মুকলিৰ প্ৰথমটো দিনতে যাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত গঢ়িছে নতুন অভিলেখ। ২৩ ফেব্ৰুৱাৰীৰ নিশা ১০ বজাত চলাচল কৰা শেষৰখন ৰে’লে যাত্ৰা কৰাৰ সময়লৈকে এই পথৰে দিনটোত যাত্ৰা কৰা মুঠ যাত্ৰীৰ সংখ্যাই এক লাখৰ সীমা অতিক্ৰম কৰে বুলি বিভাগীয় বিষয়াসকলে জনায়। মাত্ৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ কৰিড’ৰ আৰু মীৰাট মেট্ৰ’ ৰে’ল সেৱা মুকলি কৰিছিল।
নতুন দিল্লীৰ পৰিবহণ নিগমৰ তথ্য অনুসৰি যাত্ৰীৰ সুবিধাৰ বাবে ষ্টেচনত ৮ হাজাৰৰো অধিক বাহনৰ বাবে পাৰ্কিঙৰ সুবিধা কৰা হৈছে । গাজিয়াবাদ ষ্টেচনত সৰ্ববৃহৎ চাৰিচকীয়া বাহন পাৰ্কিঙৰ সুবিধা আছে, য’ত ৩৭০ খন চাৰিচকীয়া আৰু ৬৩২ খন দুচকীয়া বাহন ৰখাব পাৰি । চাহিবাবাদ ষ্টেচনত ৭৬ খন চাৰিচকীয়া আৰু ২২৩ খন দুচকীয়া বাহন আৰু গুলধৰ ষ্টেচনত ১৯১ খন চাৰিচকীয়া আৰু ৮৪৮ খন দুচকীয়া বাহন পাৰ্কিঙৰ ব্যৱস্থা আছে।
আনহাতে, দিল্লীৰ ছৰাই কালে খা নমো ভাৰত ষ্টেচনত ২৬৬ খন চাৰিচকীয়া আৰু ৮৩৭ খন দুচকীয়া বাহনৰ বাবে ঠাই আছে । বাছ আস্থান, ৰে’ল ষ্টেচন আৰু মেট্ৰ’ সেৱাৰ সৈতে থকা সংযোগৰ বাবেই এই ষ্টেচনটো এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে ৷ তদুপৰি আনন্দ বিহাৰ ষ্টেচনতো পাৰ্কিঙৰ সু-ব্যৱস্থা আছে।
মীৰাটতো একেই ব্যৱস্থা উপলব্ধ৷ মীৰাট ছাউথ ষ্টেচনত ২৮৯ খন চাৰিচকীয়া আৰু ৮৫৪ খন দুচকীয়া বাহন ৰখাব পাৰি ৷ একেদৰে মোদীপুৰম ষ্টেচনত ১৩৫ খনতকৈও অধিক চাৰিচকীয়া আৰু ১২০০ খন দুচকীয়া বাহন, শতাব্দী নগৰ ষ্টেচনত প্ৰায় ১২০ খন চাৰিচকীয়া আৰু ৩৫০ খন দুচকীয়া বাহনৰ বাবে পাৰ্কিঙৰ স্থান উপলব্ধ।
যাত্ৰীৰ সুবিধাৰ বাবে পাৰ্কিং মাচুল তুলনামূলকভাৱে কম কৰা হৈছে। উত্তৰ প্ৰদেশৰ ষ্টেচনসমূহত চাইকেল, দুচকীয়া বাহন, চাৰিচকীয়া বাহনৰ পাৰ্কিঙৰ বাবে সময়সীমা বেলেগ বেলেগ ৷ আনহাতে ৰাজধানী দিল্লীৰ ষ্টেচনসমূহতো একেধৰণৰ স্লেব ব্যৱস্থা আছে।
নমো ভাৰত কানেক্ট এপে যাত্ৰীসকলক প্ৰকৃত সময়ৰ পাৰ্কিং উপলব্ধতা, লাইভ ট্ৰেইন ট্ৰেকিং, ষ্টেচন নেভিগেচনকে ধৰি বহু তথ্য প্ৰদান কৰে । ষ্টেচনলৈ যোৱাৰ সুবিধাৰ বাবে ই-ৰিক্সা, অট’, ফিডাৰ বাছ, ভাড়াত উপলব্ধ চাইকেল, অন্যান্য দুচকীয়া বাহনৰ সেৱাও সংযোজিত কৰা হৈছে । অভিলেখসংখ্যক ৰাইডাৰশ্বিপ আৰু প্ৰথম দিনটোত পাৰ্কিঙৰ ব্যাপক ব্যৱহাৰে দিল্লী আৰু মীৰাটৰ মাজত দ্ৰুত আৰু সুবিধাজনক ৰাজহুৱা পৰিবহণৰ প্ৰবল চাহিদাৰ ইংগিত বহন কৰিছে৷