নূপুৰ শৰ্মাক সমৰ্থন জনোৱা ব্যৱসায়ীক হত্যা; ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক তদন্তৰ দায়িত্ব

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী

বিজেপিৰ নিলম্বিত নেত্ৰী নুপুৰ শৰ্মাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰাৰ বাবে মহাৰাষ্ট্ৰৰ অমৰাৱতী অঞ্চলত উমেশ কোলহে নামৰ এগৰাকী ব্যৱসায়ীক ২১ জুনত হত্যা কৰাৰ ঘটনাৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে সংস্থাটোক এই দায়িত্ব ল'বলৈ নিৰ্দেশ দিয়ে।
 
গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত টুইট কৰি কয়, "২১ জুনত মহাৰাষ্ট্ৰৰ আমৰাৱতীত উমেশ কোলহেৰ বৰ্বৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ তদন্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিয়াৰ হাতত অৰ্পণ কৰিছে। হত্যাকাণ্ডৰ আঁৰৰ ষড়যন্ত্ৰ আৰু ইয়াৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে পুংখানুপুংখভাৱে তদন্ত কৰা হ'ব।"
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হ'লঃ মুদাছিৰ আহমেদ শ্বেইখ ইব্ৰাহিম(২২), শ্বাহৰুখ পাঠান খান(২৩), আব্দুল তৌফিক তাছলীম(২৪), শ্বোৱেব খান(২৯) আৰু আতিফ ৰছিদ(২৩)। আব্দুলৰ বাহিৰে সকলোৰে কোনো অপৰাধ বা অপৰাধৰ ৰেকৰ্ড নাই। ইয়াৰ পূৰ্বে আব্দুলক মছজিদত সংঘৰ্ষৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।
শনিবাৰে স্থানীয় আদালতে তেওঁলোকৰ আৰক্ষীৰ জিম্মা ৫ জুলাইলৈ বৃদ্ধি কৰে। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ শিৱৰয় কূলকাৰ্ণীয়ে যোৱা সপ্তাহত অমৰাৱতীৰ আৰক্ষী বিষয়া আৰতি সিঙক সাক্ষাৎ কৰি কলহেৰ হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য সম্পৰ্কে স্পষ্টীকৰণ বিচাৰিছিল।
 
বিজেপি নেতাসকলে বিশ্বাস কৰে যে কলহেয়ে ছ’চিয়েল মিডিয়া গ্ৰুপত নুপুৰ শৰ্মাৰ সমৰ্থনত বাৰ্তা প্ৰেৰণ কৰিছিল, যাৰ ফলত তেওঁক নিশংসভাৱে হত্যা কৰা হৈছিল। কোলহেৰ পৰিয়ালে কয় যে তেওঁৰ কাৰো লগত শত্ৰুতা বা বিবাদ নাছিল। হজৰত মহম্মদক অপমান কৰা নুপুৰ শৰ্মাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত বাৰ্তা শ্বেয়াৰ কৰাৰ বাবেই তেওঁক হত্যা কৰা হৈছে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।