সমাজৰ বাধা নেওচি সফলতাৰ শিখৰত প্ৰথমগৰাকী মুছলমান কথক শিল্পী ফাৰহান ফাতিমা

Story by  atv | Posted by  Nikunja Nath • 58 m ago
কথক শিল্পী ফাৰহান ফাতিমা
কথক শিল্পী ফাৰহান ফাতিমা
 
মধুকুৰ পাণ্ডে / লক্ষ্ণৌ
 
সপোন দেখাটো সহজ, কিন্তু সমাজৰ প্ৰচলিত ধাৰণা আৰু বাধা-বিঘিনিক নেওচি সেই সপোনক বাস্তৱৰ ৰূপ দিয়াটো এক কঠিন সংগ্ৰাম। এনে এক অনুপ্ৰেৰণাদায়ক সংগ্ৰামৰ মাজেৰেই নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে এগৰাকী অদম্য নাৰীয়ে।
 
"জীৱনত সফলতাৰ কোনো চমু বাট নাথাকে, আপোনাৰ কঠোৰ পৰিশ্ৰমেই আপোনাক নিৰ্দিষ্ট লক্ষ্যত উপনীত কৰায়। আপোনাৰ সফলতাত সমগ্ৰ বিশ্বই আপোনাৰ লগত থাকে, কিন্তু সংগ্ৰামৰ সময়ত যিগৰাকী ব্যক্তিয়ে আপোনাক সংগ দিয়ে, তেওঁৱেই আপোনাৰ প্ৰকৃত শুভাকাংক্ষী।"
 
ফাৰহান ফাতিমা
 
এই মন্তব্য উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মুছলমান মহিলা কথক নৃত্যশিল্পী তথা অভিনেত্ৰী ৩২ বছৰীয়া ফাৰহান ফাতিমাৰ। লক্ষ্ণৌৰ বিকাশ নগৰৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই যাত্ৰাই আজি দিল্লী আৰু মুম্বাইৰ গ্লেমাৰ জগতখনলৈকে বিস্তৃতি লাভ কৰিছে। কিন্তু এই স্থানত উপনীত হোৱাৰ আঁৰত লুকাই আছে সংগ্ৰাম, অনুশাসন আৰু পাৰিবাৰিক বিৰোধৰ এক দীঘলীয়া কাহিনী।
 
এক পৰম্পৰাগত মুছলমান পৰিয়ালৰ পৰা অহা ফাৰহানৰ বাবে কথক আৰু নাট্যজগতত খোজ পেলোৱাটো ইমান সহজ নাছিল। যেতিয়া তেওঁ এই পথটো বাছি লৈছিল, তেতিয়া তেওঁ পৰিয়ালৰ বহু লোকৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল। এজনী ছোৱালীয়ে অকলে দিল্লী আৰু মুম্বাইলৈ গৈ কাম কৰাটোক লৈ আত্মীয়-স্বজনে তীব্ৰ আপত্তি দৰ্শাইছিল। তেনে এক জটিল সময়ত তেওঁৰ পিতৃ, উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰাক্তন ডিএছপি আজহাৰ আহমেদ তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি হৈ থিয় দিছিল। 
 
ফাৰহান ফাতিমা
 
সমাজৰ হেঁচাত সেও মনাৰ পৰিৱৰ্তে তেওঁ নিজৰ কন্যাক সপোনৰ পিছত দৌৰিবলৈ স্বাধীনতা দিছিল। পুৰণি দিনবোৰ সুঁৱৰি ফাৰহানে কয়, "মোৰ আব্বাই সদায় মোৰ মনৰ কথা শুনিছিল আৰু মোক কৈছিল যে নিজৰ মৰ্যাদাৰ সীমাৰ ভিতৰত থাকি তোমাৰ যিটো শুদ্ধ যেন লাগে, সেইটোৱেই কৰা।" পিতৃৰ এই শিক্ষাই আজিও তেওঁৰ জীৱনৰ মূলমন্ত্ৰ।
 
আচাৰ-সংস্কাৰ আৰু কলাৰ এক অপূৰ্ব সমন্বয়
 
নৃত্যৰ আখৰা কোঠা আৰু মঞ্চৰ পৃথিৱীখনত কাম কৰি থকাৰ সময়তো ফাৰহানে সদায় এটা কথাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছিল যাতে তেওঁৰ কোনো কামৰ বাবে পৰিয়ালটোৱে লাজত মূৰ দোৱাব লগা নহয়, বৰং তেওঁলোকৰ গৌৰৱত বুকু ফুলি উঠে। এইবাবেই বছৰ বছৰ ধৰি কৰা সংগ্ৰামৰ পাছতো তেওঁ এনে বহুতো আকৰ্ষণীয় চৰিত্ৰৰ প্ৰস্তাৱ নাকচ কৰিছিল, যিবোৰ কৰাৰ পাছত তেওঁ নিজৰ পৰিয়ালৰ পৰিয়ালৰ চকুলৈ চাব নোৱাৰিলেহেঁতেন।
 
ফাৰহান ফাতিমা
 
ইয়াৰ বাবে তেওঁৰ মনত কোনো আক্ষেপ নাই। তেওঁ বিশ্বাস কৰে যে কথক আৰু অভিনয় তেওঁৰ চখ, কিন্তু ইয়াৰ অৰ্থ এইটো কেতিয়াও নহয় যে পৰিয়ালৰ সন্মান আৰু মৰ্যাদাৰ সৈতে কোনো ধৰণৰ আপোচ কৰা হ'ব। ফাৰহানে কয়, "কলা আৰু সংস্কৃতিয়ে আমাক সংস্কাৰ শিকায় আৰু সংস্কাৰে আমাৰ পৰিয়ালসমূহক শক্তিশালী কৰে। ইয়াত আপোচৰ কোনো স্থান থাকিব নালাগে।"
 
ভাটখাণ্ডেৰ পৰা বলিউডৰ আকাশলৈ
 
ফাৰহানে মাত্ৰ ১২ বছৰ বয়সতে কথকৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল। লক্ষ্ণৌৰ সন্মানীয় ভাটখাণ্ডে সংস্কৃত বিশ্ববিদ্যালয়ত প্ৰসিদ্ধ কথক নৃত্যশিল্পী বীণা সিঙৰ তত্ত্বাৱধানত তেওঁ 'কথক বিশাৰদ' ডিগ্ৰী লাভ কৰে। কথক কলা কেন্দ্ৰৰ সঞ্চালক তথা প্ৰসিদ্ধ গুৰু সুৰেন্দ্ৰ শইকীয়াৰ নিৰ্দেশনাত মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ বীৰবল সাহানী ইনষ্টিটিউটৰ মঞ্চত নিজৰ প্ৰথমটো মঞ্চানুষ্ঠান পৰিৱেশন কৰিছিল। কথকৰ লগতে তেওঁ অৰ্ধ-শাস্ত্ৰীয় সংগীতৰো বহুতো অনুষ্ঠান পৰিৱেশন কৰিছিল।
 
এক অনুষ্ঠানত নৃত্য পৰিৱেশনৰ মুহূৰ্তত ফাৰহান ফাতিমা
 
তেওঁৰ কলাত্মক প্ৰতিভা দেখি লক্ষ্ণৌৰ নাট্যজগতৰ বিশিষ্ট ব্যক্তিসকলে তেওঁক অভিনয়ৰ ক্ষেত্ৰখনতো হাত উজান দিবলৈ পৰামৰ্শ দিছিল। লক্ষ্ণৌ দূৰদৰ্শনত সম্প্ৰচাৰিত তেওঁৰ প্ৰথমখন টেলিফিল্ম 'কছাইৱাড়া'ই ব্যাপক চৰ্চা লাভ কৰিছিল আৰু দৰ্শকে তেওঁৰ অভিনয়ৰ ভূয়সী প্ৰশংসা কৰিছিল। নাট্যমঞ্চৰ পৰা আৰম্ভ হোৱা অভিনয়ৰ সেই যাত্ৰা আজিও অব্যাহত আছে।
 
মুম্বাইৰ জাকজমকতাৰ মাজত সংগ্ৰাম আৰু সফলতা
 

অভিনয় জগতখনত নিজৰ এক সুকীয়া পৰিচয় গঢ়াৰ মানসেৰে ফাৰহানে ২০১৩ চনত মুম্বাইলৈ ঢাপলি মেলে। মহানগৰীৰ জাকজমকতা আৰু মায়ানগৰীৰ সংগ্ৰামে তেওঁৰ কঠোৰ পৰীক্ষা লৈছিল। প্ৰায় তিনি বছৰৰ কঠোৰ সংগ্ৰামৰ অন্তত ২০১৬-১৭ চনত তেওঁ পৰিচালক আনন্দ ৰায়ৰ ছবি 'নখৰেৱালী'ত কাম কৰাৰ সুযোগ লাভ কৰে।
 
তাৰ পিছত তেওঁ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। চলচ্চিত্ৰ পৰিচালক কমল চন্দ্ৰৰ পৰিচালনাত নিৰ্মিত 'হমাৰে বাৰহ'কে ধৰি এতিয়ালৈকে তেওঁ প্ৰায় এক ডজন ছবিত নিজৰ অভিনয়ৰ যাদু বিয়পাবলৈ সক্ষম হৈছে। ৱেব ছিৰিজ 'ঠুকৰা কে মেৰা প্যাৰ'ত তেওঁৰ অভিনয়ে যথেষ্ট সমাদৰ লাভ কৰে।
 
 
টেলিভিছনৰ সৰু পৰ্দাতো ফাৰহানে বহু জনপ্ৰিয় ধাৰাবাহিকত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ষ্টাৰ প্লাছৰ জনপ্ৰিয় শ্ব' 'য়েহ ৰিস্তা ক্যা কেহলাতা হে'ৰ উপৰি 'তোড়কৰ দিল মেৰা', জী টিভিৰ 'ভৈয়া ক্যা চল ৰহা হে', ছোনী ছাবৰ 'বালবীৰ' আৰু 'আৰ কে লক্ষ্মণ কী দুনিয়া', লগতে ছাহাৰা ৱানৰ 'আখিৰ বহু ভী তো বেটী হে' আদিৰ দৰে ধাৰাবাহিকত তেওঁ ৰূপায়ণ কৰা চৰিত্ৰসমূহে দৰ্শকৰ মনত এক গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে।
 
জীৱনৰ প্ৰতিটো ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি ফাৰহানে প্ৰমাণ কৰি দিলে যে দৃঢ় ইচ্ছা শক্তি থাকিলে কোনো বাধাই মানুহক ৰখাব নোৱাৰে। আজি ফাৰহান ফাতিমা সেই সকলো যুৱতীৰ বাবে এক জীৱন্ত নিদৰ্শন, যিয়ে নিজৰ সপোনৰ আকাশত স্বাধীনভাৱে উৰা মাৰিব বিচাৰে; চৰ্ত মাথোঁ এটাই- লক্ষ্যত উপনীত হোৱাৰ হাবিয়াস সঁচা হ'ব লাগিব আৰু সংস্কাৰৰ শিপাডাল আজীৱন মজবুত হৈ থাকিব লাগিব।