চেন্নাই
উত্তৰ চেন্নাইৰ এন্নোৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত থিৰুভেল্লুৰ জিলাৰ মিঞ্জুৰত এটা নিৰ্মাণস্থলীত পৰি অসমৰ ৯ গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে। মৃত শ্ৰমিক কেইগৰাকীৰ ভিতৰত ৪ গৰাকী অসমৰ কাৰ্বি আংলং জিলাৰ আৰু ৫ গৰাকী হোজাই জিলাৰ বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত আন এগৰাকী বৰ্তমানো ICU ত চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে, উত্তৰ চেন্নাইৰ এন্নোৰ তাপ বিদ্যুৎ কেন্দ্ৰ প্ৰকল্পৰ চতুৰ্থ মহলাত চলি আছিল নিৰ্মাণকাৰ্য। য'ত অসমৰ প্ৰায় ৩০ৰো অধিক লোক কৰ্মৰত হৈ আছিল। এনে সময়তে মঙলবাৰে নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে খহি পৰে অট্টালিকাটোৰ মজিয়া, যাৰ ফলত আৱদ্ধ হৈ পৰে শ্ৰমিকসকল।
ঘটনা সন্দৰ্ভত খবৰ পোৱা মাত্ৰকে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী বাহিনীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰকাৰ্য আৰম্ভ কৰে। উদ্ধাৰকাৰ্য চলি থকাৰ মাজতে পোহৰলৈ আহে যে ৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু মৃত আটাইকেইজন অসমৰ। মৃত আটাইকেইজনকে মৰণোত্তৰ পৰীক্ষাৰ বাবে ষ্টেন্নলী চৰকাৰী, চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সূত্ৰই জনোৱা অনুসৰি আন এগৰাকী শ্ৰমিকক ICU ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
সূত্ৰই জনোৱা অনুসৰি মৃত লোক কেইজন হোজাইৰ কোমৰাকটা আৰু নভঙা গাঁৱৰ দীপক ৰাইজুং, পবন ছৰং, প্ৰয়ান্তো ছৰং, চুমন খাৰিকাপ, ডিমাৰাজ থাওচেন আৰু কাৰ্বি- আংলঙৰ মুন্না কেম্প্ৰাই, সৰৱজিৎ থাওচেন, ফাইবিট ফাংলু আৰু বিদায়ুম পৰবছা। ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
ইফালে এই ঘটনাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে গভীৰ শোক প্ৰকাশ কৰি মৃত আটাইকেজনৰে নশ্বৰ দেহ অতিশীঘ্ৰে অসমলৈ ঘূৰাই অনাৰ আশ্বাস প্ৰদান কৰে।
তেওঁ সামাজিক মাধ্যমত লিখে, "উত্তৰ চেন্নাই তাপ বিদ্যুৎ কেন্দ্ৰৰ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত থিৰুভেল্লুৰ জিলাৰ মিঞ্জুৰত এটা নিৰ্মাণস্থলীত পৰি অসমৰ ৯গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ভিতৰত ৪গৰাকী কাৰ্বি আংলং জিলাৰ আৰু ৫গৰাকী হোজাই জিলাৰ। আমি তামিলনাডুৰ চৰকাৰৰ সৈতে সমন্বয় স্থাপনেৰে তেওঁলোকৰ নশ্বৰ দেহ অতি শীঘ্ৰে ঘূৰাই অনাৰ বাবে কাম কৰি আছোঁ।"