ধনৰ অভাৱত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে

Story by  atv | Posted by  [email protected] • 30 d ago
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন
 
নতুন দিল্লী
 
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে কয় যে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰয়োজনীয় ধন তেওঁৰ হাতত নথকাৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। তেওঁ লগতে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক তামিলনাডু অথবা অন্ধ্ৰপ্ৰদেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কৈছিল।
 
 
"পাৰ্টিৰ সভাপতিয়ে মোক সুধিছিল, আপুনি দক্ষিণ ভাৰতৰ তামিলনাডু বা অন্ধ্ৰপ্ৰদেশ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিবনে? মই তেতিয়া অলপ সময়লৈ নকৰোঁ বুলি কলোঁ", টাইমছ নাওৰ শীৰ্ষ সন্মিলনত ভাষণ দি এইদৰে কয় নিৰ্মলা সীতাৰমণে।
 
নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ তেওঁৰ হাতত কিয় পৰ্যাপ্ত ধন নাই বুলি সোধাত সীতাৰমণে কয় যে মোৰ দৰমহা, মোৰ উপাৰ্জন, আৰু মোৰ সঞ্চয় ভাৰতৰ কনচলিডেটেড ফাণ্ড নহয়।
 
নিৰ্মলা সীতাৰমণে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৪ চনত অন্ধ্ৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰিও বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু পিছলৈ স্বতন্ত্ৰ চাৰ্জৰ সৈতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
 
প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সীতাৰমণে প্ৰতিৰক্ষা খণ্ডত ক্ৰয়ৰ সৈতে জড়িত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ কৃতিত্ব লাভ কৰে। দেশে সন্মুখীন হোৱা বিভিন্ন নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ ফলপ্ৰসূভাৱে অতিক্ৰম কৰিবলৈ "কাৰ্য্য পৰিকল্পনা" প্ৰস্তুত কৰিবলৈ তেওঁ এখন প্ৰতিৰক্ষা পৰিকল্পনা সমিতি গঠন কৰিছিল।
 
২০০৮ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা সীতাৰমণে ২০১০ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।