গুৱাহাটী
সমগ্ৰ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট নেতাসকলে একত্ৰিত হৈ এক সংযুক্ত একক ৰাজনৈতিক সত্তা গঠনৰ এক সামূহিক আৰু ঐতিহাসিক পৰিকল্পনা ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে অঞ্চলটোক জাতীয় ৰাজনীতিত এক ঐক্যবদ্ধ আৰু শক্তিশালী কণ্ঠ প্ৰদান কৰা।
'ONE NORTH EAST' শীৰ্ষক এক যৌথ বিবৃতিত উল্লেখ কৰা হৈছে যে, এই পদক্ষেপে দলীয় সীমা অতিক্ৰম কৰি এক ৰাজনৈতিক মঞ্চৰ অধীনত আঞ্চলিক আকাংক্ষাক একত্ৰিত কৰিব বিচাৰে। এই বিবৃতিখনত মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এন পি পিৰ সভাপতি কনৰাড কে চাংমা, প্ৰদ্যোৎ বিক্ৰম মাণিক্যৰ প্ৰতিষ্ঠাপক টিপ্ৰা মোথা, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা নাগালেণ্ডৰ মন্ত্ৰী ম্মহোনলুমো কিক'ন আৰু পিপলছ পাৰ্টি অসমৰ প্ৰতিষ্ঠাপক ডেনিয়েল লাংথাছাৰ যৌথ স্বাক্ষৰ কৰিছে।
যৌথ বিবৃতিত উল্লেখ কৰিছে যে, উত্তৰ-পূবৰ নৱ প্ৰজন্মৰ ঐক্যত তেওঁলোকৰ শক্তি নিহিত হৈ আছে বুলি নেতাসকলে গুৰুত্ব আৰোপ কৰি কয় যে, আমাৰ খণ্ডিত ৰাজনৈতিক আখ্যানৰ বাহিৰলৈ যোৱাৰ সময় আহি পৰিছে। আমি বহুদিন ধৰি বিভিন্ন মঞ্চৰ পৰা আমি আমাৰ মানুহৰ একেবোৰ বিষয় আৰু উদ্বেগৰ কথা কৈ আহিছো। আমি উপলব্ধি কৰিছো যে, আমাৰ জনসাধাৰণক এটা সামূহিক কণ্ঠ দিয়াৰ সময় আহি পৰিছে।
নেতাসকলে দৃঢ়তাৰে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত এক শক্তিশালী, ঐক্যবদ্ধ আৰু খিলঞ্জীয়া ৰাজনৈতিক কণ্ঠৰ জৰিয়তে শুনা, সন্মান আৰু প্ৰতিনিধিত্বৰ যোগ্য। ইয়াক বৃহত্তৰ যাত্ৰাৰ প্ৰথম পদক্ষেপ হিচাপে চিহ্নিত কৰি তেওঁলোকে প্ৰস্তাৱিত সত্তাটোৰ পদ্ধতি, গাঁথনি আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত আলোচনা কৰিবলৈ এখন সমিতি গঠন কৰাৰ কথাও ঘোষণা কৰিছে।
অঞ্চলটোৰ স্বাভিমান আৰু পৰিচয়ৰ বাবে নিস্বাৰ্থভাৱে যুঁজ দিয়া অতীতৰ নেতাসকলৰ পৰা প্ৰেৰণা লৈ এক শক্তিশালী প্ৰতিশ্ৰুতিৰে: আমি একেলগে অধিক শক্তিশালী, অধিক ঐক্যবদ্ধ উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থিয় দিছো বুলি যৌথ ঘোষণা কৰিছে।