চৰকাৰী অনুষ্ঠানত বিষয়া-কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মার্জিত সাজ-পোছাক

Story by  atv | Posted by  Munni Begum • 3 Years ago
অসম সচিবালয়
অসম সচিবালয়
গুৱাহাটী 
 
এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠান, ভি ভি আই পিৰ অসম ভ্ৰমণৰ সময়ত ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়ে পৰিপাটি, চিকুণ, আনুষ্ঠানিক তথা মার্জিত সাজ-পোছাক পৰিধান কৰিব লাগিব।
 
কৰ্তব্যৰত আৰক্ষী, চিকিৎসা কর্মী তথা পেৰামেডিকেল কৰ্মচাৰীয়েও নির্দিষ্ট ইউনিফর্ম পৰিধান কৰিব লাগিব। অন্যথা এনে নির্দেশ উলংঘা কৰা বিষয়া- কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ স্বাক্ষৰত শনিবাৰে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। 
নির্দেশনাটোত মুখ্য সচিবে উল্লেখ কৰি কয় যে চৰকাৰী অনুষ্ঠান বা ভি ভি আই পিৰ অসম ভ্ৰমণৰ সময়ত ৰাজ্য চৰকাৰৰ একাংশ বিষয়া কৰ্মচাৰীয়ে টি-ছাৰ্ট, জিনছ আদি কেতবোৰ অনানুষ্ঠানিক সাজ-পোছাক পৰিধান কৰা বিষয় চৰকাৰৰ দৃষ্টিগোচৰ হৈছে।
চৰকাৰী অনুষ্ঠান বা ভি ভি আই পিৰ অসম ভ্ৰমণৰ সময়ত চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে মর্যাদাপূর্ণ সাজ-পাৰ পৰিধান কৰা উচিত। সেয়ে এতিয়াৰে পৰা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে এই নির্দেশ মানি চলাটো বাধ্যতামূলক কৰা হৈছে।