নতুন দিল্লী
সোমবাৰে তেলেংগানাৰ ছাংগাৰেড্ডীৰ এক ফাৰ্মা প্লাণ্টত সংঘটিত হোৱা বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আন বহু লোক আহত হয়। বিস্ফোৰণ সংঘটিত হোৱা পছুম্যালাম ঔদ্যোগিক এষ্টেটৰ চিগাচি ফাৰ্মা কোম্পানীত বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, দুৰ্ঘটনাস্থলীৰ পৰা ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসকে দুজনক মৃত ঘোষণা কৰিছে । আহত লোকসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসাধীন হৈ আছে । উদ্ধাৰ অভিযান এতিয়াও চলি থকাৰ বাবে তেওঁলোকৰ অৱস্থা তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই।
পশম্যালামৰ ৰাসায়নিক উৎপাদন কাৰখানা ছিগাচি ফাৰ্মা প্লান্টত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি মাল্টি জ’নI মহাপৰিদৰ্শক ভি সত্যনাৰায়ণে জানিবলৈ দিয়ে। পুৱা ৮:১৫ৰ পৰা ৯:৩৫ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা। এই ঘটনাত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে আন ২৬ জন। উদ্ধাৰ হৈছে ৬ টা মৃতদেহ। চন্দা নগৰত চিকিৎসাৰ সময়ত দুজন লোকৰ মৃত্যু। ২০ মিনিটৰ ভিতৰতে আমি সেই ঠাইত উপস্থিত হওঁ৷ এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি অন্যান্য উদ্ধাৰকাৰী দলে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী লৈ ঘটনাস্থলীত আছে। জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে । যুদ্ধকালীন গতিত উদ্ধাৰ অভিযান চলোৱা হৈছে।
এই ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয়, ‘এই ঘটনাত মই দুখিতঃ । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ । প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰা হ’ব । আহতসকলক ৫০ হাজাৰ টকাৰ সাহাৰ্য দিয়া হ’ব।’