ৰাজহুৱা সভাত এজন ব্যক্তিয়ে ‘চৰ' সোধালে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক

Story by  atv | Posted by  Munni Begum • 4 h ago
 দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
 
নতুন দিল্লী 
 
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আজি পুৱা বাসগৃহত  'জানছুনৱাই' শীৰ্ষক এক ৰাজহুৱা সভাৰ সময়ত এজন লোকে চৰ মাৰিছিল আৰু চুলি টানিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি বিজেপি নেতাসকলে প্ৰকাশ কৰিছে।
 
৩০ বছৰীয়া বয়সৰ এজন লোকে ‘জানছুনৱাই’ৰ সময়ত মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল আৰু তেওঁক আক্ৰমণ কৰিছিল। মুখ্যমন্ত্রীৰ নিৰাপত্তাৰক্ষীয়ে ততাতৈয়াকৈ ৰাজহুৱা সভাত অভিযোগকাৰীৰ ছদ্মবেশত থকা আক্রমণকাৰীজনক ধৰা পেলাই আৰু এতিয়া তেওঁক সোধা-পোছা কৰা হৈছে৷  
 
সম্প্ৰতি মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে তেওঁৰ বাসগৃহলৈ গৈ চৌহদটো নিৰাপদ কৰি তুলিছে। জনসাধাৰণৰ উদ্বেগক সম্বোধন কৰিবলৈ মুখ্যমন্ত্রীয়ে প্রতি সপ্তাহে তেওঁৰ বাসগৃহত ‘জনসুনৱাই’ সভাত অংশ লয়৷
 
বিজেপিৰ জ্যেষ্ঠ নেতা হৰিশ খুৰাণাই কয় যে, "সভাত উপস্থিত থকা এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে। বৰ্তমান চিকিৎসকে মুখ্যমন্ত্ৰীৰ চিকিৎসা কৰি আছে। আমি এই আক্ৰমণক গৰিহণা দিছো। এই আক্ৰমণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নেকি ইয়াৰ তদন্ত কৰা উচিত। আক্ৰমণকাৰীয়ে মুখ্যমন্ত্ৰীক চৰ মাৰিছিল আৰু তেওঁৰ চুলি আজুৰিছিল।  
 
এই আক্ৰমণৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰিছে বিজেপিয়ে। দিল্লীৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয় যে, প্ৰতিদ্বন্দ্বীসকলে মুখ্যমন্ত্ৰীৰ স্থলভাগত কৰা কাম সহ্য কৰিব নোৱাৰে আৰু আক্ৰমণকাৰীৰ আঁৰত কোন আছে সেয়া জানিবলৈ তদন্ত চলি আছে।