গুৱাহাটী
গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। পুৱতি নিশা সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত এজনৰ মৃত্যু, তিনিজনৰ অৱস্থা সংকটজনক । মহানগৰীৰ ফাঁচীবজাৰৰ এছ এছ ৰোডৰ চাইবাৰ মাৰ্টত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
খবৰ অনুসৰি, মাৰ্কেটখনৰ ভূমি মহলাত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো। মাৰ্কেটখনৰ ভিতৰভাগত ৬০ খনতকৈয়ো অধিক কাপোৰৰ দোকান আছিল। মাৰ্কেটখনৰ ভিতৰত চাৰিজন লোক নিশা আছিল। এই অগ্নিকাণ্ডৰ ফলত এজন লোকৰ মৃত্যু হয় । নিহত লোকজন মহম্মদ চাদেৰ বুলি চিনাক্ত কৰা হৈছে । মাৰ্কেটখনৰ ভিতৰত আবদ্ধ হৈ থকা চাৰিজন লোকক সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় যদিও মহম্মদ চাদেৰ নামৰ লোকজনৰ মৃত্যু হয়।
আনহাতে তাচিব, চাহিন, আৰিফ নামৰ তিনিজন লোক সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে। অগ্নি নিৰ্বাপক বাহিনীৰ ১৩ খন বাহনে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।বাতৰি লিখা পৰলৈকে নিয়ন্ত্ৰণহীন হৈ আছে এই অগ্নি, ধোঁৱাই আৱৰি আছে বৃহৎ এলেকাটো।
অগ্নি নিৰ্বাপক বাহিনীয়ে কয় যে, "ফাঁচী বজাৰ এছ এছ ৰোডৰ চাইবাৰ মাৰ্টত অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পুৱা ৪:২০ বজাত পাইছিলো। লগে লগে আমাৰ কেইবাটাও ষ্টেচনৰ পৰা ১৩খন কৈ অগ্নিনিৰ্বাপ বাহন ঘটনাথলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। মাৰ্কেটখনৰ ভিতৰত আৱদ্ধ হৈ থকা চাৰিজন লোকক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু মহম্মদ চাদেৰ নামৰ লোকজনৰ মৃত্যু হয়।"
উল্লেখযোগ্য যে, এই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।