গুৱাহাটী
স্থানীয় কৃষক আৰু গ্ৰাম্য যুৱকসকলে জৈৱ বৈচিত্ৰ্য অনুকূল জীৱিকা হিচাপে বিজ্ঞানসন্মত মৌ-পালনক আঁকোৱালি লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চৌপাশৰ মানাহ ভূ-খণ্ডত বহনক্ষম জীৱিকাৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।
সংৰক্ষণৰ সৈতে খাপ খোৱা জীৱিকাক শক্তিশালী কৰাৰ বাবে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত প্ৰশিক্ষিত এই উদ্যমী সকলে অঞ্চলটোত চকুত লগা ধৰণে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
আৰণ্যকে অলপতে অনুষ্ঠিত কৰা বিজ্ঞানসন্মত মৌ-পালন পদ্ধতি আৰু মৌৰ বজাৰ সম্ভাৱনীয়তা বিষয়ক এই তিনিদিনীয়া কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচীত বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ চৌপাশৰ বহুকেইখন গাঁৱৰ ১৩ গৰাকী অংশগ্ৰহণকাৰীক হাতে কামে তথা ব্যৱহাৰিক অভিজ্ঞতাসহ বিজ্ঞানসন্মত মৌ-পালনৰ প্ৰশিক্ষণ দিয়া হয়।
প্ৰশিক্ষণ লাভ কৰা ৭ গৰাকী কৃষকে তিনিখন গাঁৱত ইতিমধ্যে সফলতাৰে মৌ পালন আৰম্ভ কৰিছে। এই কাৰ্যই বিকল্প জীৱিকা হিচাপে মৌ-পালনৰ বৰ্ধিত সম্ভাৱনীয়তাৰ সাক্ষ্য বহন কৰিছে।
প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক কাৰিকৰী ব্যুৎপত্তি আৰু উদ্যমিতা দক্ষতা আহৰণত সহায় হোৱাকৈ শ্ৰেণীকোঠাৰ শিক্ষাৰ লগতে ব্যৱহাৰিক জ্ঞান লাভৰো সুবিধা দিয়া হয়।
অভিজ্ঞ মৌ পালক তথা সমল ব্যক্তি নৱ মহন্তই পৰিচালনা কৰা কাৰ্যসূচীত অঞ্চলটোৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ সৈতে খাপ খোৱা মৌ প্ৰজাতি "এপিছ চেৰেনা"ৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিয়া হয়।
অংশগ্ৰহণকাৰীসকলে পৰাগযোগ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পৰিৱেশতন্ত্ৰ অটুট ৰখাৰ ক্ষেত্ৰত মৌ মাখিয়ে পালন কৰা ভূমিকাৰ বিষয়ে সামগ্ৰিক জ্ঞান লাভৰ সমান্তৰালকৈ মৌৰ উৎপাদনৰ সৈতে জড়িত অৰ্থনৈতিক সম্ভাৱনীয়তাত ভূমুকি মৰাৰো সুযোগ লাভ কৰে।
মৌৰ জাক আৰু মৌ-চাকৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা, মৌ-পালনৰ স্থান বাছনি, মৌ-বাহ স্থাপন, ঋতুভিত্তিক ব্যৱস্থাপনা, মৌ-জাকৰ সংবৰ্ধন আৰু মৌ-চাকৰ নিয়মীয়া পৰিদৰ্শন আদি বিষয় সামৰি কেইবাখনো প্ৰশিক্ষণ সত্ৰ অনুষ্ঠিত কৰা হয়।
এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে মৌৰ জাকৰ যতন, মৌ-জোল আহৰণ, ছেকন, মজুতকৰণ আৰু গুণাগুণ ব্যৱস্থাপনা প্ৰক্ৰিয়াত হাতে কামে জড়িত হোৱাৰ সুযোগ লাভ কৰে।
মৌ জাকক ক্ষতি কৰা সাধাৰণ কীট, আক্ৰমণকাৰী পশু-পক্ষীৰ চিনাক্তকৰণ আৰু ইয়াৰ ব্যৱস্থাপনাৰ লগতে প্ৰতিৰোধ ব্যৱস্থা আৰু মৌ বাহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
জীৱিকা হিচাপে সফলতাৰ বাবে মৌৰ বাবে এখন বজাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে মৌৰ মূল্য সংযোজন, বজাৰ সংযোগ, উপযুক্ত পেকেজিং আৰু লেবেল লগোৱা, সঠিক তথ্য সংগ্ৰহ আৰু বুনিয়াদী ব্যৱসায়িক পৰিকল্পনাৰ ওপৰত বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়।
অংশগ্ৰহণ গ্ৰহণকাৰীসকলক মৌ-পালনক এক পৰিপূৰক কৰ্মৰ পৰা এক বহনক্ষম ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰ কৰাৰ পথ নিৰ্দেশনা আগবঢ়োৱা হয়। কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক এটা সফল মৌ-পালন উদ্যোগলৈও লৈ যোৱা হয় য'ত তেওঁলোকে অভিজ্ঞ মৌ-পালক সকলো সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰাৰ লগতে মৌ-জাক ব্ব্যৱস্থাপনা আৰু মৌ আহৰণ পদ্ধতিৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ সুযোগ লাভ কৰে।
এই ভ্ৰমণে তেওঁলোকক মৌ-পালন খণ্ডৰ প্ৰকৃত প্ৰত্যাহ্বান, উত্তম পদ্ধতি আৰু বজাৰৰ সম্ভাৱনীয়তাৰ বিষয়ে মূল্যৱান জ্ঞান আহৰণত সহায় কৰে। প্ৰশিক্ষাৰ্থীসকলে আহৰণ কৰা দক্ষতাৰ সু-ব্যৱহাৰ আৰু তেওঁলোকৰ দীৰ্ঘম্যাদী সফলতা নিশ্চিত কৰাৰ বাবে আৰণ্যকে ক্ষেত্ৰ পৰিদৰ্শনৰ লগতে সমল ব্যক্তিয়ে পৰিচালনা কৰা এটা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে অবিৰত কাৰিকৰী পৰামৰ্শ আৰু অহৰহ সহায় আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে।
এই ব্যৱস্থাই নতুন মৌ-পালকসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ পাৰস্পৰিক যোগাযোগ আৰু জ্ঞানৰ ভাগ বাটোৱাৰাত উদগনি যোগাব।
আই ইউ চি এন-কে এফ ডব্লিউ সমৰ্থিত প্ৰকল্প "চিকিউৰিং পপুলেশ্যন অৱ টাইগাৰ্ছ, হেবিটেটছ এণ্ড বায়'লজিকেল কৰিডৰছ ইন আছাম, ইণ্ডিয়া" অধীনত আয়োজন কৰা এই কাৰ্যসূচী গুৰি ধৰিছিল আৰণ্যকৰ ব্যাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ সঞ্চালক তথা মূৰব্বী ড: এম ফিৰোজ আহমেদৰ নেতৃত্বত সংস্থাটোৰ বিষয়ববীয়া ডেটছাং বসুমতাৰী, মমিতা নাৰ্জাৰী, বিজয় বসুমতাৰী, দৈমালু বসুমতাৰী আৰু পংকজ দাসে।
এনে পদক্ষেপসমূহৰ জৰিয়তে আৰণ্যকে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় সমুদায়ৰ কল্যাণ দুয়োটাকে বজাই ৰখা আৰু সংৰক্ষণৰ সৈতে খাপ খোৱা জীৱিকাক উদগনি যোগোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।