ভাৰত-আমেৰিকাৰ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ফোন আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভেন্সৰ

Story by  atv | Posted by  Munni Begum • 17 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স
 
নতুন দিল্লী
 
পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ বিস্তৃত বৈশ্বিক কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰিবলৈ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। দুয়োগৰাকী নেতাই উদীয়মান প্ৰযুক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰতো সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
 
পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে তুৰস্ক, ছৌদি আৰব আৰু পাকিস্তানে পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰাৰ কেইদিনমান পিছতে ভেন্সে প্ৰধানমন্ত্ৰী মোদীক ফোন কৰিছে। এই চুক্তিখনক অঞ্চলটোত নতুন কৌশলগত সমীকৰণৰ প্ৰতিফলন হিচাপে ব্যাপকভাৱে বিবেচনা কৰা হৈছে।
 
আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভেন্স আৰু তেওঁৰ পত্নী তথা ‘ছেকেণ্ড লেডী’ উষাক তেওঁলোকৰ পুত্ৰ সন্তান জন্ম হোৱাৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমত মোদীয়ে কয়, “আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পৰা ফোনকল লাভ কৰিলোঁ। গুৰুত্বপূৰ্ণ কেইবাটাও ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ বিস্তৃত বৈশ্বিক কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ উপায় সন্দৰ্ভত আমি আলোচনা কৰিলোঁ।”
 
তেওঁ লগতে কয়, “তেওঁ আৰু ছেকেণ্ড লেডীক তেওঁলোকৰ পুত্ৰ সন্তান জন্ম হোৱাৰ বাবে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে সমগ্ৰ পৰিয়ালটোৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিলোঁ।” ভাৰতীয় পক্ষৰ এক বিবৃতিত কোৱা হয় যে মোদী আৰু ভেন্সে ভাৰত-আমেৰিকাৰ বিস্তৃত বৈশ্বিক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
 
বিবৃতিটোত কোৱা হয় যে, দুয়োগৰাকী নেতাই উচ্চ পৰ্যায়ৰ যোগাযোগ আৰু আলোচনাৰ ধাৰাবাহিক গতিৰ কথা উল্লেখ কৰাৰ লগতে বাণিজ্য, প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, শক্তি সুৰক্ষা আৰু গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
 
ইয়াৰ উপৰি দুয়োগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু বৈশ্বিক পৰিস্থিতিৰ বিষয়েও মত বিনিময় কৰে। অৱশ্যে, আমেৰিকাৰ পক্ষই এতিয়ালৈকে এই আলোচনাৰ সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা নাই। ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিষয়টো আলোচনাত স্থান পাইছিল নে নাই, সেয়াও তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই।
 
জুন মাহত ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত অনুষ্ঠিত বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰে এক সন্তুলিত, পাৰস্পৰিকভাৱে লাভজনক আৰু বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ বাণিজ্য চুক্তিৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিছিল।
 
যোৱা বছৰ আমেৰিকাই ভাৰতৰ ওপৰত শাস্তিমূলক শুল্ক আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্কত যথেষ্ট অৱনতি ঘটে। ইয়াৰ উপৰি ২০২৫ চনৰ মে’ মাহত ভাৰত-পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘাতৰ উত্তেজনা হ্ৰাস কৰাত নিজৰ ভূমিকা থকা বুলি ট্ৰাম্পে কৰা মন্তব্যক লৈ ভাৰতীয় বিষয়াসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।
 
পৰৱৰ্তী কেইবামাহ ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ্যভাৱে দাবী কৰি আহিছিল যে তেওঁ দুয়োখন দেশৰ মাজৰ সামৰিক সংঘাতৰ সমাধান কৰিছিল আৰু পূৰ্ণ পৰিসৰৰ যুদ্ধলৈ পৰিস্থিতি আগবাঢ়ি যোৱাৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছিল। ইয়াৰ বিপৰীতে নতুন দিল্লীয়ে দৃঢ়ভাৱে কৈ আহিছে যে, ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা আলোচনাৰ ফলতেই সংঘাতৰ অৱসান ঘটিছিল আৰু এই ক্ষেত্ৰত আমেৰিকাৰ কোনো ভূমিকা নাছিল।
 
আমেৰিকাৰ নতুন অভিবাসন নীতি আৰু H-1B ভিছাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তয়ো ভাৰত-আমেৰিকা সম্পৰ্কত সৃষ্টি হোৱা দূৰত্ব অধিক বৃদ্ধি কৰে। অৱশ্যে, যোৱা কেইমাহত দুয়োপক্ষই সম্পৰ্ক পুনৰ উন্নত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। একে সময়তে শীঘ্ৰে বাণিজ্য চুক্তিখন চূড়ান্ত কৰাৰ দিশতো দুয়োখন দেশে অগ্ৰগতি লাভ কৰিছে।