'হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈৰ দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ পাঁচটা দিন বাকী৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশজুৰি চলা 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ জাতীয় গীত 'বন্দে মাতৰম'ৰ ১৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এইবাৰ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰা বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে৷
 
'হৰ ঘৰ ত্ৰিৰগাং' কাৰ্যসূচীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সযোগে উল্লেখ কৰে, "আমাৰ ত্ৰিৰংগ আমাৰ গৌৰৱ আৰু ৰাষ্ট্ৰৰ বাবে সদায় আমাৰ শ্ৰেষ্ঠখিনি দিয়াৰ বাবে এক অহৰহ প্ৰেৰণাৰ উৎস। আহক আমি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰো আৰু বিকশিত ভাৰত গঢ়াৰ দিশত অৰিহণা যোগোৱাৰ আমাৰ সামূহিক সংকল্প কৰো। আনন্দিত যে, এইবাৰৰ প্ৰচেষ্টা বন্দে মাতৰমৰ বাবে উৎসৰ্গিত৷"
ইফালে সাংস্কৃতিক মন্ত্ৰণালয়ে ৰাইজক ঘৰতে পতাকা উত্তোলন কৰি হৰ ঘৰ ত্ৰিৰংগা ৱেবছাইটত চেল্ফি পোষ্ট কৰিবলৈ আহ্বান জনায়। সাংস্কৃতিক মন্ত্ৰণালয়ে এক্সযোগে উল্লেখ কৰে, "১৫০ বছৰ ধৰি বন্দে মাতৰম গীতে ৰাষ্ট্ৰৰ আত্মাক আলোড়িত কৰি আহিছে। এই স্বাধীনতা দিৱসত, ভাৰতে ত্ৰিৰংগা যাত্ৰা, ত্ৰিৰংগা ৰেলী, ত্ৰিৰংগা কনচাৰ্ট আৰু বন্দে মাতৰমৰ জৰিয়তে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীয়ে দেশবাসীক একত্ৰিত কৰিব।" 
 
লগতে কোৱা হৈছে, "এই বছৰ ইতিহাসৰ সাক্ষী হওক, আপোনাৰ ঘৰতে ত্ৰিৰংগা উত্তোলন কৰক আৰু আপোনাৰ চেলফি harghartiranga.com ত আপলোড কৰক।" 
 
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে ২০২২ চনত আজাদী কা অমৃত মহোৎসৱৰ অধীনত আৰম্ভ কৰা 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানে নাগৰিকসকলক ঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আৰু ত্ৰিৰংগাৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিবলৈ উৎসাহিত কৰে। এই অভিযানৰ জৰিয়তে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক সন্মান জনোৱাৰ লগতে নাগৰিকৰ মাজত দেশপ্ৰেমৰ মনোভাৱ সুদৃঢ় কৰিবলৈও চেষ্টা কৰা হৈছে।  
এইবাৰৰ উদযাপনত বিশেষ গুৰুত্ব দিয়া হ'ব 'বন্দে মাতৰম'ৰ ১৫০ বছৰীয়া জয়ন্তী স্মৃতিত। এই অভিযানৰ অংশ হিচাপে জিলা, ব্লক আৰু পঞ্চায়তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। 'হৰ ঘৰ ত্ৰিৰংগা' ২০২৬ৰ প্ৰধান কাৰ্যসূচীসমূহ হৈছে ত্ৰিৰংগা ৰেলী আৰু শোভাযাত্ৰা, প্ৰদৰ্শনী, বাইক আৰু চাইকেল ৰেলী৷