বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক; CID ৰ জেৰাত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য

Story by  atv | Posted by  [email protected] • 1 Months ago
বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক; CID ৰ জেৰাত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য
বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক; CID ৰ জেৰাত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য
 
গুৱাহাটী
 
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। CID জেৰাত জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে এক বিস্ফোৰক স্বীকাৰোক্তি দিছে।
 
সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক ভাষ্য দিছে শেখৰজ্যোতি গোস্বামীয়ে।তেওঁৰ ভাষ্য অনুসৰি জুবিনক বিহপান কৰাইছিল।
 
সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি জুবিনৰ সুৰাত দিছিল বিহ। জুবিন গাৰ্গৰ নৌকা বিহাৰৰ ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈও সিদ্ধাৰ্থ শৰ্মাই সকলোকে ধমক দিছিল।
 
শেখৰে দিয়া ভাষ্য অনুসৰি জুবিন গাৰ্গৰ মুখেৰে ফেন ওলোৱাতো সিদ্ধাৰ্থই গুৰুত্ব দিয়া নাছিল। ফেন ওলোৱা কথাটো সাধাৰণ ৰূপ দিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থই।
 
উল্লেখযোগ্য যে, গেষ্টিকৰ বাবেহে ফেন ওলোৱা বুলি বিষয়টো পাতল কৰিছিল সিদ্ধাৰ্থই।আনকি লাইফ জেকেট নিপিন্ধাকৈ জুবিনক সাঁতুৰিবলৈ উৎসাহী কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।