নতুন দিল্লী
উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন ন্যায়াধীশ সুদৰ্শন ৰেড্ডী। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই বিৰোধীৰ প্ৰাৰ্থী হিচাবে ৰেড্ডীৰ নাম ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুদৰ্শন ৰেড্ডীয়ে অহা ২১ আগষ্টত মনোনয়ন দাখিল কৰিব।
উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীৰ নাম সন্দৰ্ভত বিৰোধী সৰ্বসন্মতিক্ৰমে একমত হোৱা বুলিও কয় খাৰ্গেই। ইয়াৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ নেতাসকলৰ ১০ ৰাজাজী মাৰ্গৰ বৈঠকত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম নিৰ্ণয় আৰু ঘোষণা কৰা হৈছিল। বৈঠকৰ অন্তত বিৰোধীয়ে তেওঁৰ নাম ঘোষণা কৰে।
মল্লিকাৰ্জুন খাৰ্গেই কয়, "বি. সুদৰ্শন ৰেড্ডী ভাৰতৰ অন্যতম বিশিষ্ট আৰু প্ৰগতিশীল ন্যায়িক। তেওঁৰ আইনী জীৱন দীৰ্ঘদিনীয়া আৰু বিশিষ্ট। অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ। তেওঁ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ ধাৰাবাহিক আৰু সাহসী সমৰ্থক হিচাপে কাম কৰি আহিছে। তেওঁ এজন গৰীৱ হিতৈষী ব্যক্তি। তেওঁৰ বহু ৰায় পঢ়িলে গম পাব যে, তেওঁ কেনেকৈ দুখীয়াৰ পক্ষ লৈ সংবিধান আৰু মৌলিক অধিকাৰ সুৰক্ষিত কৰিছিল।"
নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে। বিজেপি নেতৃত্বাধীন এন ডি এয়ে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে তামিলনাডুৰ প্ৰবীণ বিজেপি নেতা চি পি ৰাধাকৃষ্ণনক।
বিৰোধী মিত্ৰজোঁটে তেওঁৰ নাম ঘোষণা কৰাৰ পিছত তেওঁ কয় যে, মই সকলো দলকে সমৰ্থনৰ বাবে আবেদন জনাইছো। তৃণমূল কংগ্ৰেছ নেতা ডেৰেক অ’ব্ৰাইনৰ মতে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টিয়েও ৰেড্ডীক সমৰ্থন কৰিছে।
১৯৪৬ চনৰ ৮ জুলাইত ৰংগাৰেড্ডী (অন্ধ্ৰপ্ৰদেশ)ৰ পূৰ্বৰ ইব্ৰাহিমপট্টনম তালুকা আকুলা মাইলাৰাম গাঁৱত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ জন্ম হয়। বৰ্তমান কান্দুকুৰ ৰাজহ বিভাগৰ অধীনত থকা গাঁওখনৰ কৃষক পৰিয়ালত জন্ম তেওঁৰ। হায়দৰাবাদত অধ্যয়ন কৰি ১৯৭১ চনত হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯৭১ চনত অধিবক্তা হিচাপে পৰিচয় গঢ়ি তোলে। ইয়াৰ পিছত তেওঁ জ্যেষ্ঠ অধিবক্তা কে প্ৰতাপ ৰেড্ডীৰ চেম্বাৰত যোগদান কৰে।
তেওঁ হায়দৰাবাদৰ নগৰ দেৱানী আদালতৰ লগতে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়তো বহু গোচৰ নিষ্পত্তি কৰে। ১৯৮৮ চনৰ ৮ আগষ্টত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি ৰাজহ বিভাগৰ দায়িত্ব লৈ ১৯৯০ চনৰ ৮ জানুৱাৰীলৈকে এই পদত থাকে। ইয়াৰ পিছত কিছুদিন কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী অধিবক্তা হিচাপেও নিযুক্তি লাভ কৰে তেওঁ।
ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী এভি এডুকেচন ছ’চাইটিৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ সচিব আৰু সংবাদদাতাও আছিল। ১৯৯৩-৯৪ চনৰ বাবে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি নিৰ্বাচিত হয়। ১৯৯৩ চনৰ ৮ জানুৱাৰীত হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ আইন উপদেষ্টা আৰু স্থায়ী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰা তেখেতে ১৯৯৫ চনৰ ২ মে'ৰ পৰা অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ২০০৫ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰ তেওঁ। ২০১১ চনত অৱসৰ গ্ৰহণ কৰে ৰেড্ডীয়ে।