শ্ৰীনগৰ
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বুধবাৰে কয় যে, অঞ্চলটোলৈ ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ’ গ’ৰৰ সৈতে তেওঁ জম্মু-কাশ্মীৰৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব। অৱশ্যে আমেৰিকাৰ প্ৰতিনিধিৰ ওচৰত দেশৰ আভ্যন্তৰীণ বিষয়সমূহ উত্থাপন নকৰে বুলিও তেওঁ স্পষ্ট কৰে। তেওঁৰ মতে, এই সমস্যাসমূহৰ সমাধান কেৱল কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰে।
শ্ৰীনগৰত সাংবাদিকৰ সৈতে কথা পাতি আব্দুল্লাই কয়, "বহুদিনৰ পিছত এগৰাকী আমেৰিকান ৰাষ্ট্ৰদূতে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে। ব্যক্তিগতভাৱেও বহুদিন ধৰি কোনো আমেৰিকান ৰাষ্ট্ৰদূতৰ সৈতে মোৰ সাক্ষাৎ হোৱা নাই। তেওঁ আহক, আমি বহি কথা পাতিম।"
মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে কয় যে, এই সাক্ষাৎত তেওঁ ৰাষ্ট্ৰদূতগৰাকীৰ কথা অধিক শুনিবলৈ আগ্ৰহী। তেওঁৰ মতে, ৰাষ্ট্ৰদূত গ’ৰো জম্মু-কাশ্মীৰৰ পৰিস্থিতি শুনিবলৈয়ে আহিছে। তেওঁ কয়, "আজি দুপৰীয়া তেওঁ সাক্ষাৎ কৰিবলৈ অহাৰ পিছত কেনেধৰণৰ আলোচনা হয়, সেয়া চাওঁ।"
আব্দুল্লাই কয় যে, জম্মু-কাশ্মীৰৰ সন্মুখীন হোৱা সমস্যাসমূহৰ সৈতে আমেৰিকাৰ প্ৰত্যক্ষ কোনো সম্পৰ্ক নাই। কাৰণ, কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ সমস্যাৰ সমাধান ৱাশ্বিংটনৰ পৰা নহয়, কেন্দ্ৰীয় চৰকাৰৰ পৰাহে আহিব।
তেওঁ কয়, "অন্য এখন দেশৰ ৰাষ্ট্ৰদূতৰ ওচৰত নিজৰ দেশৰ বিৰুদ্ধে অভিযোগ কৰাটো কেতিয়াও মোৰ অভ্যাস নহয়। আমাৰ সমস্যাৰ সমাধান ৱাশ্বিংটনৰ পৰা নাহে; আমাৰ সমস্যাৰ সমাধান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে।"
তেওঁ কয়, "সেয়েহে, অন্য এখন দেশৰ ৰাষ্ট্ৰদূতৰ ওচৰত নিজৰ দেশৰ বিৰুদ্ধে অভিযোগ কৰাটো মই একেবাৰেই উচিত বুলি নাভাবোঁ। এয়া মোৰ অভ্যাস নহয়।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তেওঁ নিশ্চয় জম্মু-কাশ্মীৰ আৰু 'বৰ্তমান পৰিস্থিতি' সন্দৰ্ভত ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে আলোচনা কৰিব। কিন্তু তেওঁ কোনো অভিযোগ উত্থাপন নকৰে আৰু নিজৰ সমস্যাৰ সমাধানৰ বাবেও তেওঁৰ ওচৰত কোনো আবেদন নজনায়।