ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ‘বাবলি’ আৰু নাই, ‘আৰণ্যক’ৰ শোক প্ৰকাশ

Story by  atv | Posted by  [email protected] • 1 Years ago
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ‘বাবলি’ আৰু নাই, ‘আৰণ্যক’ৰ শোক প্ৰকাশ
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ‘বাবলি’ আৰু নাই, ‘আৰণ্যক’ৰ শোক প্ৰকাশ

গুৱাহাটী   

দেশৰ আগশাৰীৰ জৈৱ বৈচিত্ৰ্য গৱেষণা আৰু সংৰক্ষণকাৰী সংগঠন আৰণ্যকে আজি তেওঁলোকৰ অভিজাত চোৰাং চিকাৰ বিৰোধী কে-৯ কুকুৰ দলৰ গুৰুত্বপূৰ্ণ সদস্য বাবলিক হেৰুৱায়। বাবলি আছিল এগৰাকী সু-প্ৰশিক্ষিত মহিলা বেলজিয়ান মেলিন’ইছ প্ৰজাতিৰ কুকুৰ।

২০১৮ চনৰ ১১ আগষ্টৰ পৰা অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত এই সু-প্ৰশিক্ষিত কুকুৰটো ‘আৰণ্যক’ৰ এক বহুমূলীয়া ফ্ৰণ্টলাইন সংগী আছিল।

২০১৪ চনৰ পৰা আৰণ্যকৰকে-৯ ডগ স্কোৱাডৰ সৈতে জড়িত থকাৰ সময়ছোৱাত বাবলিয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত চোৰাং চিকাৰ বিৰোধী অভিযানত যথেষ্ট সহায় কৰিছিল।

“আমি, আৰণ্যকৰ পৰিয়ালৰ সকলোৱেওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত হৈ থকাআমাৰ অভিজাত কে৯ ইউনিটৰ অন্যতম সু-প্ৰশিক্ষিত সদস্য বাবলিক হেৰুওৱাত গভীৰ শোক প্ৰকাশ কৰিছো। অসুস্থতাৰ বাবে আজি পুৱা প্ৰায় ৮.৪০ বজাত তাই শেষ নিশ্বাস ত্যাগ কৰে।’-আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ বিভৱ কুমাৰ তালুকদাৰেএইদৰে কয়।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আশে-পাশে সামগ্ৰিকভাৱে বন্যপ্ৰাণী অপৰাধ প্ৰশমনৰ বাবে চৰকাৰী সংস্থাসমূহৰ প্ৰচেষ্টাক পৰিপূৰক হিচাপে বাবলিৰ অৱদান সদায় স্মৰণ কৰা হ’ব বুলি আৰণ্যকৰ আন এগৰাকী বিষয়াই উল্লেখ কৰে।

চোৰাং চিকাৰ আৰু অন্যান্য বন্যপ্ৰাণী অপৰাধৰ ক্ষেত্ৰত প্ৰমাণ সংগ্ৰহ অতি বৈজ্ঞানিক, পদ্ধতিগত আৰু গুৰুত্বপূৰ্ণ বিষয়। এই ক্ষেত্ৰত কে-৯ ডগ স্কোৱাডআৰণ্যকৰ লগতে অসম তথা উত্তৰ-পূব ভাৰতৰ অন্যান্য প্ৰান্তৰ বন্যপ্ৰাণী সুৰক্ষা সংস্থাসমূহৰ গৌৰৱৰ বিষয় হৈ আহিছে।