নতুন দিল্লী
সদনত অপাৰেচন সেন্দূৰ সন্দৰ্ভত বিতৰ্ক অব্যাহত থকাৰ মাজতে মঙলবাৰে বক্তব্য ৰাখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। অপাৰেচন মহাদেৱত নিহত হোৱা তিনিজন সন্ত্ৰাসবাদী পহলগাম আক্ৰমণৰ সৈতে জড়িত আছিল বুলি তেওঁ নিশ্চিত কৰিছে। তেওঁ লগতে কয় যে, অপাৰেচন মহাদেৱত নিহত তিনিওজনেই ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া)ৰ ৰাডাৰত “এ-গ্ৰেড” সন্ত্ৰাসবাদী আছিল।
শেহতীয়াকৈ কংগ্ৰেছ নেতা পি চিদাম্বৰমে সন্ত্ৰাসবাদীসকলৰ পাকিস্তানী সম্পৰ্কৰ প্ৰমাণক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে শ্বাহে কয় যে ভাৰতৰ হাতত তেওঁলোকৰ পৰিচয় আৰু উৎপত্তিৰ স্পষ্ট প্ৰমাণ আছে। চিদাম্বৰমে এনে বক্তব্যৰে পাকিস্তানক “ক্লিন চিট” দিয়াৰ অভিযোগ উত্থাপন কৰে গৃহমন্ত্ৰী শ্বাহে।
শ্বাহে কয় যে সন্ত্ৰাসবাদী দুটাৰ হাতত পাকিস্তানী ভোটাৰ পৰিচয় নম্বৰ আছে। আনকি তেওঁলোকৰ হাতত উদ্ধাৰ হোৱা চকলেটসমূহো পাকিস্তানত উদপাদন কৰা হৈছে।
আনহাতে বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰি অমিত শ্বাহে কয় যে, "মই ভাবিছিলো যেতিয়া শাসকীয় দল আৰু বিৰোধীৰ লোকে এই তথ্য শুনিব তেতিয়া তেওঁলোক সুখী হ'ব। কিন্তু তেওঁলোকৰ (বিৰোধী) মুখত চিঞাহী পৰিল। সন্ত্ৰাসবাদীক হত্যা কৰা হ'ল, আপোনালোক এই কথাত সুখী নহয়নে? সন্ত্ৰাসবাদীৰ ধৰ্ম দেখি আপোনালোক দুখী হোৱা উচিত নহয়।"