ভাৰতৰ ত্ৰিশুল অনুশীলনৰ পূৰ্বে সীমান্তত আকাশমাৰ্গ নিষিদ্ধ পাকিস্তানৰ

Story by  atv | Posted by  Munni Begum • 12 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
সীমান্তত ভাৰতে ত্ৰিসেৱা অনুশীলন ত্ৰিশুলৰ বাবে সাজু হোৱাৰ সময়তে পাকিস্তানে নিজৰ মধ্য আৰু দক্ষিণ আকাশমাৰ্গৰ একাধিক বিমান পৰিবহণ পথত বাধা আৰোপ কৰি এক অধিসূচনা জাৰি কৰিছে। পাকিস্তানে ২৮-২৯ অক্টোবৰৰ বাবে নোটাম (বিমানচালকলৈ জাননী)ৰ কোনো কাৰণ উল্লেখ কৰা নাই যদিও বিশ্লেষকসকলে কয় যে, ইয়াক সামৰিক অনুশীলন বা সম্ভাৱ্য অস্ত্ৰ পৰীক্ষাৰ সৈতে জড়িত হ’ব পাৰে। 
 
৩০ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ পাকিস্তান সীমান্তৰ ছাৰ ক্ৰিকৰ সমীপত অনুষ্ঠিত হ’বলগীয়া বৃহৎ পৰিসৰৰ ত্ৰিসেৱা সামৰিক অনুশীলনৰ বাবে ভাৰতে নোটাম জাৰি কৰাৰ পিছতে ইছলামবাদে এই পদক্ষেপ গ্ৰহণ কৰিছে। 
 
বিশ্লেষক ডেমিয়েন চাইমনে শ্বেয়াৰ কৰা ছবিসমূহে দেখুৱাইছে যে, ত্ৰিশুল অনুশীলনৰ বাবে সংৰক্ষিত আকাশমাৰ্গ ২৮,০০০ ফুট পৰ্যন্ত বিস্তৃত, যিটোক শেহতীয়া বছৰবোৰত অন্যতম উল্লেখযোগ্য যৌথ কাৰ্য্যকৰী অনুশীলন হিচাপে গণ্য কৰা হৈছে। চাইমনে টুইট কৰি কয় যে, নিৰ্বাচিত এলেকা আৰু কাৰ্য্যকলাপৰ পৰিসৰ “অস্বাভাৱিক”।
 
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, সেনা, নৌসেনা আৰু বায়ুসেনাক লৈ এই অনুশীলনৰ লক্ষ্য আছিল বাহিনীৰ যৌথ কাৰ্য্যকৰী ক্ষমতা, আত্মনিৰ্ভৰশীলতা আৰু উদ্ভাৱন প্ৰদৰ্শন।  
 
বিবৃতিটোত কোৱা হৈছে যে, “দক্ষিণ কমাণ্ডৰ সৈন্যই ক্ৰিক আৰু মৰুভূমি খণ্ডত আক্ৰমণাত্মক কৌশল, সৌৰাষ্ট্ৰ উপকূলৰ ওচৰত উভচৰ অভিযান আৰু যৌথ বহু-ডমেইন অভিযানমূলক অনুশীলনকে ধৰি বিভিন্ন আৰু প্ৰত্যাহ্বানমূলক ভূখণ্ডত যৌথ অভিযানৰ বৈধতা প্ৰদানৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।”