প্ৰধানমন্ত্ৰী ৰোজগাৰ মেলা; আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব ৫১ হাজাৰক

Story by  atv | Posted by  [email protected] • 10 h ago
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
আজি পুৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ সপ্তদশ পর্যায়ৰ অধীনত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত অতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্রার্থীৰ মাজত নিযুক্তি পত্র বিতৰণ কৰিব।
 
তদুপৰি নৱনিযুক্ত প্রার্থীসকলক উদ্দেশ্যি ভাষণ দিব প্রধানমন্ত্রীয়ে। অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী ডা জিতেন্দ্র সিং আৰু পথ পৰিবহণ আৰু ঘাইপথ ম্যালয়ৰ ৰাজ্যমন্ত্রী অজয় তামতা উপস্থিত থাকিব। তামিলনাডুত কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড° এল মুৰুগাণে প্রার্থীসকলক নিযুক্তিপত্র প্রদান কৰিব।
 
আনহাতে, আয়ুষ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্রী প্রতাপ বাও যাদবে মাদুৰাইত আৰু বিত্ত ৰাজ্যমন্ত্রী পংকজ চৌধৰীয়ে তিৰুচিবাপল্লিত প্রার্থীসকলৰ মাজত নিযুক্তি পত্র বিতৰণ কৰিব।
 
উল্লেখযোগ্য যে, ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সর্বাধিক অগ্রাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ প্রতিশ্রুতিবদ্ধতা পূৰণৰ দিশত এটা গুৰুত্বপূর্ণ পদক্ষেপ।
 
এই ব্যৱস্থাই যুৱক-যুৱতীসকলৰ সৱলীকৰণ তথা ৰাষ্ট নির্মাণত অংশগ্রহণৰ বাবে তেওঁলোকক অর্থপূর্ণ সুযোগ প্রদানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।