আত্মনিৰ্ভৰ ভাৰতৰ অধীনত উৎপাদন বৃদ্ধিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 1 h ago
উত্তৰ প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ
উত্তৰ প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ
 
নয়ডা

বিভিন্ন খণ্ডত থলুৱা উৎপাদন বৃদ্ধিৰ বাবে আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কয় যে চৰকাৰে অংশীদাৰসকলৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে। তেওঁ লগতে কয় যে ভাৰতে আগন্তুক যাত্ৰাত ‘স্বদেশী’ অৰ্থনীতি হোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব।
 
উত্তৰ প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী-২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে কেইবাটাও অপ্ৰয়োজনীয় নীতি-নিয়ম আঁতৰাই পেলাইছে যাতে দেশত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে লাভৱান হৈ থাকিব পাৰে।
 
"চৰকাৰে মেক ইন ইণ্ডিয়া মেনুফেকচাৰিঙৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। আমি বিচাৰো যে চিপৰ পৰা আৰম্ভ কৰি জাহাজলৈকে সকলো ভাৰততে নিৰ্মাণ কৰা হওক; ইয়াৰ বাবে আমি আপোনালোকৰ ব্যৱসায়িক সৰলতাৰ ওপৰত গুৰুত্ব দিছো। চৰকাৰে ৪০ হাজাৰতকৈ অধিক নীতি-নিয়ম বিলুপ্ত কৰিলে, আৰু হাজাৰৰো অধিক আইন অপৰাধমুক্ত কৰা হ’ল। আমি আপোনালোকৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছো।" -ব্যৱসায়ীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
"গোলকীয় বিঘিনি আৰু অনিশ্চয়তাৰ মাজতো ভাৰতৰ বৃদ্ধি আকৰ্ষণীয়। বিঘিনিয়ে আমাক বাধা নিদিয়ে, কিন্তু সেই পৰিস্থিতিতো আমি নতুন দিশৰ সন্ধান কৰোঁ। সকলোবোৰ ব্যাঘাতৰ মাজতে ভাৰতে আগন্তুক দশকবোৰৰ ভেটি সুদৃঢ় কৰি তুলিছে। আমাৰ সংকল্প আৰু মন্ত্ৰ আত্মনিৰ্ভৰ ভাৰত। আনৰ ওপৰত নিৰ্ভৰশীল হোৱাতকৈ অসহায় একোৱেই হ’ব নোৱাৰে। এখন দেশ যিমানেই আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব সিমানেই ইয়াৰ বৃদ্ধি সীমিত হৈ থাকিব।"-তেওঁ লগতে কয়।