আহমেদাবাদ
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হালদিয়া বাল্ক টাৰ্মিনেল (HBT) কাৰ্যক্ষম কৰি আনুষ্ঠানিকভাৱে দেশবাসীৰ নামত উছৰ্গা কৰে। বাৰ্ষিক ৪ নিযুত মেট্ৰিক টন শুকান সামগ্ৰী কঢ়িওৱাৰ সামৰ্থ্যৰে নিৰ্মিত এই টাৰ্মিনেলটো হৈছে হুগলী নদীৰ পাৰত অৱস্থিত প্ৰত্যক্ষ ৰে'ল সংযোগ থকা এক সম্পূৰ্ণ স্বয়ংক্ৰিয় প্ৰকল্প। ই ভাৰতৰ পূব সামুদ্ৰিক কৰিডৰৰ জৰিয়তে সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত এক বৃহৎ আন্তঃগাঁথনিগত উন্নয়ন।
Adani Ports and Special Economic Zone (APSEZ)-ৰ পূৰ্ণকালীন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী গুপ্তাই কয়, "হালদিয়া বাল্ক টাৰ্মিনেল হৈছে এক অত্যাধুনিক প্ৰকল্প যিয়ে হুগলী নদীত সম্পূৰ্ণ যান্ত্ৰিকীকৰণ আৰু প্ৰত্যক্ষ ৰে'ল সংযোগৰ সুবিধা আনি দিছে, যি ভাৰতৰ পূব উপকূলৰ কৰ্মদক্ষতাৰ ক্ষেত্ৰত এক নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছে। উন্নত স্বয়ংক্ৰিয় ব্যৱস্থাৰ জৰিয়তে জেটিত সামগ্ৰী দ'ম কৰা কাৰ্য নিৰ্মূল কৰি আৰু সামগ্ৰীৰ ক্ষয়-ক্ষতি হ্ৰাস কৰি, আমি এক পৰিষ্কাৰ, নিৰাপদ আৰু বহনক্ষম কাৰ্যপ্ৰণালী নিশ্চিত কৰিছোঁ। আধুনিক মাল্টিম'ডেল আন্তঃগাঁথনিৰ জৰিয়তে লজিষ্টিক (পৰিবহণ) ব্যয় হ্ৰাস কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সমৰ্থন জনোৱাৰ লগতে এই টাৰ্মিনেলটোৱে পশ্চিমবংগ, ওড়িশা আৰু ঝাৰখণ্ডৰ ঔদ্যোগিক যোগান শৃংখল শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।"
কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ হালদিয়া ডক কমপ্লেক্সৰ (HDC) অন্তৰ্গত এই টাৰ্মিনেলটো 'ডিজাইন, বিল্ড, ফাইনেঞ্চ, অপাৰেট এণ্ড ট্ৰেন্সফাৰ' (DBFOT) আৰ্হিত এইচডিচি বাল্ক টাৰ্মিনেল লিমিটেডৰ দ্বাৰা ৩০ বছৰৰ চুক্তিত নিৰ্মাণ কৰা হৈছে। ২০২৩ চনৰ ১৪ জুলাইত আৰম্ভ হোৱা এই প্ৰকল্পটো নিৰ্ধাৰিত সময়ৰ ভিতৰতেই আজি কাৰ্যক্ষম কৰি তোলা হৈছে, যিয়ে প্ৰতিবাৰেই সময়মতে প্ৰকল্প ৰূপায়ণ কৰাত APSEZ-ৰ কাৰ্যকৰী ক্ষমতাক প্ৰতিফলিত কৰে।
কৌশলগতভাৱে হুগলী নদীৰ পশ্চিম পাৰত অৱস্থিত এই টাৰ্মিনেলটো আমদানিকৃত কয়লা আৰু বিভিন্ন ধৰণৰ শুকান সামগ্ৰী কঢ়িয়াবলৈ সম্পূৰ্ণৰূপে সজ্জিত।
ভাৰতৰ মুঠ শুকান সামগ্ৰীৰ (যেনে কয়লা, বক্সাইট আৰু চূণশিল) আমদানিৰ প্ৰায় ৬০% পূব উপকূলেৰে হয়। সেয়েহে, পশ্চিমবংগ, ওড়িশা আৰু ঝাৰখণ্ডৰ তীখা, এলুমিনিয়াম আৰু শক্তি উদ্যোগসমূহৰ বাবে হালদিয়া বন্দৰ হৈ পৰিছে আটাইতকৈ কাৰ্যক্ষম আৰু প্ৰত্যক্ষ সামুদ্ৰিক প্ৰৱেশদ্বাৰ। এই নতুন সংযোজনে এই উদ্যোগসমূহৰ বাবে পৰিবহণ ব্যয় আৰু সময় যথেষ্ট পৰিমাণে হ্ৰাস কৰিব।
হালদিয়া টাৰ্মিনেল হৈছে ভাৰতৰ 'সাগৰমালা' কাৰ্যসূচী আৰু 'প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন'ৰ এক প্ৰত্যক্ষ ৰূপায়ণ, যি দুয়োখন আঁচনিয়ে ভাৰতৰ পৰিবহণ ব্যয় হ্ৰাস কৰিবলৈ মাল্টিম'ডেল বন্দৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।