কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোডীৰ ৰ'ডশ্ব'ৰ সময়ত নিৰাপত্তা ভংগ; এজন লোকে কনভয়ৰ ফালে ঢাপলি মেলিছিল

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
সুৰক্ষা উলংঘনৰ প্ৰচেষ্টাৰ বিভিন্ন মুহূৰ্ত
সুৰক্ষা উলংঘনৰ প্ৰচেষ্টাৰ বিভিন্ন মুহূৰ্ত
বেংগালুৰু

কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোডশ্ব’ৰ সময়ত নিৰাপত্তা ভংগৰ এক কাণ্ডত শনিবাৰে দেৱাংগেৰেত এজন লোকে তেওঁৰ কনভয়ৰ ফালে দৌৰি যাবলৈ চেষ্টা কৰিছিল বুলি সংবাদ সংস্থা এ এন আইয়ে প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, পিছত লোকজনক আৰক্ষীয়ে আটক কৰি ৰাখিছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত কোপ্পালৰ বাসিন্দা বুলি কোৱা এজন লোকক প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ৰ ফালে দৌৰি যোৱা দেখা গৈছে, আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁক ৰখাবলৈ চেষ্টা কৰিছে।

"আজি দাৱাংগেৰেত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভংগ হোৱা নাছিল। ই আছিল এক অসফল প্ৰচেষ্টা। লগে লগে নিৰাপদ দূৰত্বত মই আৰু এছ পি জিৰ হাতত ধৰা পৰিল মানুহজন। এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।"- কৰ্ণাটকৰ ল' এণ্ড অৰ্ডাৰৰ এডিজিপি আলোক কুমাৰৰ উদ্ধৃতি দি এ এন আইয়ে কয়।

জানুৱাৰী মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ কৰ্ণাটক ভ্ৰমণৰ সময়ত একেধৰণৰ নিৰাপত্তা ভংগৰ সময়ত হুব্বালীত ৰোডশ্ব’ৰ সময়ত এজন যুৱকে আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰধানমন্ত্ৰীৰ গাড়ীৰ ফালে গৈছিল।

এই ঘটনা সংঘটিত হৈছিল প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ চলন্ত গাড়ীৰ ফুটবৰ্ডত থিয় হৈ ৰেলীত অংশগ্ৰহণ কৰিবলৈ সমবেত হোৱা ৰাইজক হাত জোকাৰি থকাৰ সময়তে।

নিৰ্বাচনমুখী কৰ্ণাটকত আছিল প্ৰধানমন্ত্ৰী মোডী য’ত তেওঁ বেংগালুৰুত মেট্ৰ’ লাইনকে ধৰি কেইবাটাও প্ৰকল্প উদ্বোধন কৰিছিল।

ৰাজ্যখনত বিজেপি চৰকাৰৰ প্ৰত্যাৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "কৰ্ণাটকত দীৰ্ঘদিন ধৰি সুবিধাবাদী আৰু স্বাৰ্থপৰ মিত্ৰজোঁটৰ চৰকাৰ দেখা গৈছে। এনে চৰকাৰৰ বাবে কৰ্ণাটক লোকচানৰ সন্মুখীন হৈছে। গতিকে, কৰ্ণাটকৰ দ্ৰুতগতিত উন্নয়নৰ বাবে বিজেপিৰ পূৰ্ণ সংখ্যাগৰিষ্ঠতা, আৰু সুস্থিৰ চৰকাৰৰ প্ৰয়োজন।”

"যেতিয়া কোনেও পূৰ্ণ সংখ্যাগৰিষ্ঠতা নাপাব, তেতিয়া কৰ্ণাটকৰ অৱস্থা বেয়া হ'ব নে নহয়? আপুনালোকে এটা শক্তিশালী আৰু সুস্থিৰ চৰকাৰ বিচাৰেনে? আপুনালোকে পূৰ্ণ সংখ্যাগৰিষ্ঠতা থকা চৰকাৰ বিচাৰেনে? প্ৰথম কাম হ'ব লাগে কৰ্ণাটকক হেতালি খেলাৰ ৰাজনীতিৰ পৰা উলিয়াই অনা আৰু... দ্ৰুত গতিত আগুৱাই নিব লাগে।" - তেওঁ লগতে কয়।