নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আৰব ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী, আৰব ৰাষ্ট্ৰৰ লীগৰ সচিব প্ৰধান আৰু আৰব ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিৰ মতে, দ্বিতীয় ভাৰত-আৰব বিদেশ মন্ত্ৰী বৈঠকত অংশ ল'বলৈ তেওঁলোক ভাৰতলৈ আহিছে।
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু আৰৱ বিশ্বৰ জনসাধাৰণৰ মাজত থকা গভীৰ আৰু ঐতিহাসিক সম্পৰ্কসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে, এই দীৰ্ঘদিনীয়া সম্পৰ্কই বছৰ বছৰ ধৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰি ৰাখিছে।
প্ৰধানমন্ত্ৰীয়ে ভাৰত-আৰব অংশীদাৰিত্বৰ ভৱিষ্যতৰ বাবে তেওঁৰ দৃষ্টিভংগীও ব্যক্ত কৰিছে। তেওঁ বাণিজ্য আৰু বিনিয়োগ, শক্তি, প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে সহযোগিতা সম্প্ৰসাৰণৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি ভাৰতৰ নিৰন্তৰ সমৰ্থনৰ কথা দোহাৰে। তেওঁ গাজাৰ শান্তি পৰিকল্পনাকে ধৰি চলিত শান্তি প্ৰচেষ্টাক আদৰণি জনায় আৰু এই অঞ্চলত শান্তি আৰু স্থিৰতা প্ৰসাৰত আৰব লীগে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰে।
ইয়াৰ পূৰ্বে ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ আলবুছাইদীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয়। জয়শংকৰৰ মতে, এই আলোচনাত বাণিজ্য, গুৰুত্বপূৰ্ণ খনিজ আৰু আঞ্চলিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এক্সৰ এটা পোষ্টত জয়শংকৰে কয় যে, ওমানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি তেওঁ সুখী অনুভৱ কৰিছে। তেওঁ লগতে কয় যে, তেওঁলোকৰ আলোচনাত ভাৰত-ওমান কৌশলগত অংশীদাৰিত্বৰ অধীনত থকা বিশ্বাস আৰু শক্তিশালী বুজাবুজিৰ প্ৰতিফলন ঘটে।
দ্বিতীয় ভাৰত-আৰব বৈদেশিক মন্ত্ৰী বৈঠকত অংশগ্ৰহণৰ বাবে শনিবাৰে নতুন দিল্লীত উপস্থিত হয় বদৰ আলবুছাইদী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, আলবুছাইদীৰ এই ভ্ৰমণে ভাৰত আৰু ওমানৰ মাজত থকা অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব।
এক্সৰ আন এটা পোষ্টত জয়ছৱালে ওমানৰ বৈদেশিক মন্ত্ৰীক দিল্লীত স্বাগতম জনায় আৰু কয় যে, তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বক গভীৰ কৰাত সহায় কৰিব।
ভাৰতে শনিবাৰে দ্বিতীয় ভাৰত-আৰব বৈদেশিক মন্ত্ৰী বৈঠকৰ আয়োজন কৰিছে। ভাৰত আৰু সংযুক্ত আৰৱ এমিৰেটছৰ যুটীয়া অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হ'ব। বিদেশ মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি আৰব লীগৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে আৰব লীগৰ সচিব প্ৰধানৰ সৈতে এই বৈঠকত অংশগ্ৰহণ কৰিছে।