বিল গেট্ছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

Story by  atv | Posted by  [email protected] • 29 d ago
বিল গেট্ছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
বিল গেট্ছৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
 
নতুন দিল্লী
 
মাইক্ৰ’ছফ্টৰ সহঃ প্ৰতিষ্ঠাপক আৰু পৰোপকাৰী বিল গেটছৰ সৈতে এক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বাৰ্তালাপত শাসন, অৰ্থব্যৱস্থা, শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত ভাৰতৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ মোদীয়ে কয় যে আজি ভাৰতত জন্ম হোৱা শিশুৰ প্ৰথম শব্দৰ ভিতৰত AI অন্যতম।
 
 
মোদীয়ে কয়, ‘‘এ আই খুবেই গুৰুত্বপূৰ্ণ। আমাৰ দেশত বহু ৰাজ্য আৰু বহু ভাষাত আমি মাক ‘আই’ বুলি মাতো। কেতিয়াবা কেতিয়াবা মই ধেমালিতে কওঁ যে এতিয়া ভাৰতত কোনো সন্তান জন্ম হ’লে, ‘আই’ আৰু ‘এ আই’ কয়। বিল গেট্ছৰ সৈতে বাৰ্তালাপত মোদীয়ে এ আইৰ শেহতীয়া ব্যৱহাৰ সম্পৰ্কে, বিশেষকৈ জি২০ সন্মিলনৰ সময়ৰ কথা উল্লেখ কৰে।
 
‘‘মই এ আইৰ ৰোমাঞ্চকৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিব বিচাৰিছো। আপুনি দেখি আনন্দিত হ’ব যে সাধাৰণ মানুহে ইয়াৰ ব্যৱহাৰিক লাভ কেনেদৰে প্ৰদৰ্শন কৰে। আমাৰ G20 পৰিসৰত ভাষা বাখ্যাৰ বাবে AI আধাৰিত সমাধান প্ৰস্তুত কৰা হৈছে। আমি সকলো চালকক এটা ম’বাইল এপ প্ৰদান কৰিছিলো, যাৰ দ্বাৰা অতিথিৰ সৈতে নিৰ্বিঘ্নে বাৰ্তালাপ সম্ভৱ হয়। উদাহৰণস্বৰূপে যদি কোনো অতিথিয়ে ফৰাচী কয়, তেন্তে এপটোৱে চালকক বুজি পোৱাৰ অনুমতি দিব। ইয়াৰ দ্বাৰা ভিন্নভাষী লোকসকলৰ মাজত সহজ বাৰ্তালাপৰ সুবিধা পোৱা গৈছে।’’ - মোদীয়ে কয়।
 
মোদীয়ে কয়, ‘‘শেহতীয়াকৈ মই কাশী তামিল সংগম কাৰ্যসূচীলৈ গৈছিলো। মই তামিল ভাষা ক’ব নোৱাৰো, সেইবাবে মই নিজৰ ভাষণ হিন্দীত দিওঁ, যাক এ আই ব্যৱহাৰ কৰি বাস্তৱিক সময়ত তামিলত অনুবাদ কৰা হয়, যাৰ দ্বাৰা তামিলনাডুৰ উপস্থিত লোকসকলে মোৰ কথা স্পষ্টভাৱে বুজি পাইছিল।’’
 
বিভিন্ন ক্ষেত্ৰত ভাৰতে এআই ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি মোদীয়ে বিল গেট্ছক কয়, ‘‘মই ভাবো যে মূল কথা এয়াই যে ডিজিটেল আন্তঃগাঁথনি সমৃদ্ধ হৈ গৈ আছে। বহু লোকে আইডেনটিটী ছিষ্টেম আৰু পেমেণ্ট ছিষ্টেমৰ বিষয়ে জানে… কিন্তু কৃষকসকলৰ বাবে ভূমি পঞ্জীকৰণ, সন্তানৰ বাবে টিউচন আৰু স্বাস্থ্য খণ্ডত যিদৰে ৰেকৰ্ড সৃষ্টি হৈছে, এয়া এক ধৰণৰ দ্বিতীয় পৰ্যায়। আমি এতিয়া তৃতীয় পৰ্যায়ৰ আৰম্ভণিত আছো।’’
 
মোদী আৰু বিল গেট্ছে তেওঁৰ চৰকাৰী বাসগৃহত কৰা এই বাৰ্তালাপত কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল আন্তঃগাঁথনি আৰু জলবায়ু পৰিৱৰ্তনসহ বহু গুৰুত্বপূৰ্ণ বিষয়ে স্থান পায়।