ব্ৰিটেইন ভ্ৰমণৰ বাবে আজি ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী 
 
আজি চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ছোৱাত বহু প্ৰত্যাশিত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) চূড়ান্ত কৰাৰ সমান্তৰালকৈ তেওঁ খালিস্তানী উগ্ৰপন্থীৰ উপস্থিতিকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব।
 
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ কাৰ্যসূচী সম্পৰ্কে তথ্য প্ৰদান কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। তেওঁ কয় যে, ২৩ জুলাইৰ পৰা ২৪ জুলাইলৈ তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে আলোচনাৰ বাবে ব্ৰিটেইনলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব।ীই ভ্ৰমণৰ সময়ত ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব। 
 
বৈদেশিক সচিব গৰাকীয়ে কয় যে, ভাৰত আৰু ব্ৰিটেইন উভয় দেশৰ ব্যৱসায়িক নেতাৰ সৈতে মত-বিনিময় কৰাৰ পৰিকল্পনা কৰা হৈছে। আনহাতে, দুয়োখন দেশে সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ লগতে বাণিজ্য, অৰ্থনীতি, প্ৰযুক্তি, উদ্ভাৱন, নিৰাপত্তা, জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ক উন্নত কৰাৰ বিষয়েও আলোচনা কৰিব। কাৰ্যভাৰ গ্ৰহণৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ব্ৰিটেইন ভ্ৰমণ।
 
২৪ জুলাইত ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব। এই সময়ছোৱাত লণ্ডনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলো উপস্থিত থাকিব৷ বাণিজ্য চুক্তিখনত চামৰা, জোতা আৰু কাপোৰৰ দৰে শ্ৰম নিবিড় সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত কৰ আঁতৰোৱাৰ লগতে ব্ৰিটেইনৰ পৰা হুইস্কি আৰু গাড়ী আমদানি সস্তা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাতে ২০৩০ চনৰ ভিতৰত দুয়োখন অৰ্থনীতিৰ মাজত বাণিজ্য দুগুণ, ১২০ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব পাৰে।
 
ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী ব্ৰিটেইন, মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ $৩৬ বিলিয়ন। ভাৰতো ব্ৰিটেইনৰ এক প্ৰধান বিনিয়োগকাৰী, মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্ৰায় $২০ বিলিয়ন। 
 
মিশ্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰত-ব্ৰিটিছ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত এক বিস্তৃত আলোচনা কৰিব। পলাতক অপৰাধীক প্ৰত্যাৰ্পণ কৰাৰ সন্দৰ্ভত তেওঁ কয় যে, আমি দুয়োখন দেশ যোগাযোগত আছো। তাহাউৰ ৰাণাৰ দৰে আনকো কেনেকৈ প্ৰত্যাৰ্পণ কৰিব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰা হ’ব।
 
উল্লেখ্য যে, বিগত এবছৰত প্ৰধানমন্ত্ৰী মোদীয়ে দুবাৰকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰিছে। ২০২৪ চনৰ নৱেম্বৰ মাহত ব্ৰাজিলত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সময়ত আৰু তাৰ পিছত ২০২৫ চনৰ জুন মাহত জি-৭ সন্মিলনৰ সময়ত তেওঁৰ সৈতে সাক্ষাৎ হয়। এই সময়ছোৱাত দুয়োৰে মাজত কেইবাবাৰো টেলিফোনিক কথা-বতৰাও হয়।
 
ব্ৰিটেইনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব। যিটো ২০২৫ চনৰ ২৫-২৬ জুলাইলৈ হ’ব। মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজুৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদী মালদ্বীপলৈ যাব। এয়া হ’ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো মালদ্বীপ ভ্ৰমণ। ৰাষ্ট্ৰপতি মইজুৱে মালদ্বীপত ক্ষমতা দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হ’ব বিদেশী ৰাষ্ট্ৰ প্ৰধানৰ প্ৰথম ভ্ৰমণ।