গুৱাহাটী
বিশিষ্ট নিৱন্ধকাৰ, সমালোচক তথা বিশিষ্ট সাংবাদিক-সাহিত্যিক নিত্য বৰাৰ দেহাৱসান৷ বৃহস্পতিবাৰে দিনৰ ২.৩০ বজাত যোৰহাটৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।
প্ৰায় ৬ মাহৰ পূৰ্বে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছিল সাংবাদিকগৰাকী, ফলত তেওঁক গুৱাহাটী নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল৷ তাৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে জী-জোঁৱায়েকে চিকিৎসাৰ উদ্দেশ্যে যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিছিল নিত্য বৰাক৷ কৰ্মসূত্ৰে জী-জোঁৱাই যোৰহাটত থকা বাবেই তেওঁক শুশ্ৰূষাৰ বাবে যোৰহাটলৈ লৈ যোৱা হয়৷
কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে, অৱশেষত সহস্ৰজন গুণমুগ্ধক কন্দুৱাই বৃহস্পতিবাৰে যোৰহাটৰ এ জি নাৰ্চিং হোমত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। নিজৰ জীৱনকালত তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰাৰ লগতে কেবাখনো কাকতৰ সম্পাদনা কৰিছিল।
তেওঁৰ ইচ্ছা অনুসৰি গুৱাহাটীতে বিশিষ্ট লেখক-সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে। ইতিমধ্যে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হৈছে।
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰা নিত্য বৰাই অসম আগশাৰীৰ দৈনিক বাতৰি কাকত আৰু আলোচনী সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে সাহিত্য ক্ষেত্ৰখনলৈও বহু অৱদান আগৱঢ়াই গৈছে। যোৰহাট প্ৰেছ ক্লাৱ তৰফৰ পৰা শেষ বিদায় জনোৱা হয় সাংবাদিকগৰাকীক।
বিশিষ্ট সাংবাদিকগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে৷ নিত্য বৰাৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ লগতে বৌদ্ধিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে কৰি গুৱাহাটী প্ৰেছ ক্লাবে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
১৯৬২ চনত জামুগুৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ দৰং মহাবিদ্যালয়ত নামভৰ্তি কৰে। কিছুদিন তাত অধ্যয়ন কৰাৰ পাছত গুৱাহাটীলৈ আহে নিত্য বৰা।
গুৱাহাটী কমাৰ্চ কলেজত তেওঁ প্ৰথমে নাম ভৰ্তি কৰে আৰু তাৰ পাছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অসমীয়া বিষয়ত অনাৰ্ছ লৈ ১৯৬৬ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৭০ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
১৯৬৫ চনত ছাত্ৰ অৱস্থাতে তেওঁ সেই সময়ত জনপ্ৰিয় আলোচনী মনদ্বীপ, অসমীয়া কবিতা সমকালীন, নক্সা আদিত লিখা-মেলা কৰিছিল। অসমীয়াৰ উপৰিও কলকাতাৰ পৰা সেই সময়ত প্ৰকাশিত কেবাখনো ক্ষুদ্ৰ আলোচনীৰ সৈতে জড়িত আছিল নিত্য বৰা। ছ'চিঅ' পলিটিকেল নামৰ এখন আলোচনী জন্ম দি তেওঁ সেই আলোচনীৰ সম্পাদকো হৈছিল৷
১৯৭৬ চনৰ পৰা ১৯৮৫ চনলৈকে তেওঁ এই আলোচনীখন প্ৰকাশ আৰু সম্পাদনা কৰিছিল। ১৯৮৪ চনত তেওঁ মুক্ত সাংবাদিকতাৰ জগতত খোজ দিয়ে। প্ৰায় ২৫ বছৰ ধৰি অসমৰ বিভিন্ন কাকত-আলোচনীত তেওঁৰ স্তম্ভ লেখা প্ৰকাশ পাইছিল।
২০১১ চনত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক হিচাপে যোগদান কৰে নিত্য বৰাই৷ এইগৰাকী সম্পাদক-সাংবাদিকে বহুকেইখন গ্ৰন্থও সম্পাদনা কৰিছিল। ইয়াৰ ভিতৰত অন্যতম ১০ টা খণ্ডত প্ৰকাশ পোৱা বেজবৰুৱাৰ ৰচনাৱলী।