গুৱাহাটী
বৃহস্পতিবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল ককৰোচ জনতা পাৰ্টিৰ একাংশ সদস্যই। কিন্তু তাৰ পূৰ্বেই প্ৰশাসনে উক্ত অঞ্চলটোত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। বৃহস্পতিবাৰে পুৱাৰ ভাগতে চচলৰ প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে ১০০ৰো অধিক চি আৰ পি এফৰ জোৱান।
আনফালে যিসকল যুৱক-যুৱতীয়ে এই প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বানত আগভাগ লৈছিল তেওঁলোকক ফোনযোগে আৰক্ষীয়ে বিচাৰিছে পৰিচয়। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা কল ৰেকৰ্ডিং। উক্ত ৰেকৰ্ডিংটোত এগৰাকী মহিলা আৰক্ষী বিষয়াই বিচাৰিছে এগৰাকী যুৱতীৰ ঘৰৰ পৰিচয়।
যুৱতীগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীক নিজৰ পৰিচয় দিবলৈ অস্বীকাৰ কৰে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই কল ৰেকৰ্ডিঙক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চচলৰ প্ৰতিবাদস্থলীত যিকোনো প্ৰকাৰে হ'লেও ককৰোচ জনতা পাৰ্টিয়ে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও স্পষ্ট কৰি দিছে সদস্যসকলে।