দিল্লীৰ সত্য নিকেতনত পাঁচ মহলীয়া অট্টালিকা ভাঙি ৫ জনৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
দেওবাৰে দুপৰীয়া দক্ষিণ-পশ্চিম দিল্লীৰ সত্য নিকেতনত পাঁচ মহলীয়া এটা ছাত্ৰ পি জি (PG) ভৱন হঠাৎ ভাঙি পৰাত কমেও পাঁচজন লোকৰ মৃত্যু হয়। এই ঘটনাত আন কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় ৪০-৫০ বছৰ পুৰণি অট্টালিকাটোৰ ধ্বংসাৱশেষৰ তলত এতিয়াও বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। 
 
উদ্ধাৰকাৰী দলসমূহে ধ্বংসাৱশেষৰ মাজত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাই আছে। প্ৰত্যক্ষদৰ্শীসকলে ধ্বংসাৱশেষৰ তলত ৩০ৰ পৰা ৪০জন লোক আবদ্ধ হৈ থাকিব পাৰে বুলি অনুমান কৰিছে যদিও এই সংখ্যা এতিয়াও কৰ্তৃপক্ষই নিশ্চিত কৰা নাই।
 
দুপৰীয়া প্ৰায় ১.৩০ বজাত অট্টালিকাটো ভাঙি পৰে। সেই সময়ত ভৱনটোৰ বেছমেণ্টত নিৰ্মাণকাৰ্য চলি আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে অট্টালিকাটোৰ অৱস্থা আৰু তাত চলি থকা নিৰ্মাণকাৰ্যক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
 
ঘটনাটোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত কৰা এটা পোষ্টত কয় যে, সত্য নিকেতনত অট্টালিকা ভাঙি পৰাৰ ঘটনাটো অত্যন্ত দুখজনক। প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীয়ে। লগতে ঘটনাস্থলীত কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ কথাও উল্লেখ কৰিছে। 
 
ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এইমছ ট্ৰমা চেণ্টাৰ পৰিদৰ্শন কৰি সত্য নিকেতনৰ অট্টালিকা ভাঙি পৰাৰ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসক আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতেও কথা পাতে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোৰ বাবে দায়ী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দি কয়, "কাকো ৰেহাই দিয়া নহ’ব।"
 
আৰক্ষীয়ে জনোৱা অনুসৰি, অট্টালিকাটো ভাঙি পৰাৰ সময়ত বেছমেণ্টত নিৰ্মাণকাৰ্য চলি আছিল। দুপৰীয়া ১.৩৪ বজাত নানকপুৰা গুৰুদ্বাৰৰ সমীপত এটা অট্টালিকা ভাঙি পৰাৰ বিষয়ে দক্ষিণ কেম্পাছ আৰক্ষী থানালৈ পিচিআৰ (PCR) কল লাভ কৰে আৰক্ষীয়ে।
 
আৰক্ষীয়ে এক বিবৃতিত কয় যে, বৰ্তমানলৈকে কিমানজন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ বা আহত হৈছে, সেই সংখ্যা নিশ্চিত হোৱা নাই। তথ্য নিশ্চিত হোৱাৰ লগে লগে পৰৱৰ্তী তথ্য প্ৰকাশ কৰা হ’ব বুলিও আৰক্ষীয়ে জনায়।
 
ইতিমধ্যে আৰক্ষীয়ে অট্টালিকাটোৰ মালিকক চিনাক্ত কৰিছে আৰু তেওঁক বিচাৰি উলিয়াবলৈ কেইবাটাও দল গঠন কৰিছে। অট্টালিকাটোৰ মালিক গুৰুগ্ৰামৰ বাসিন্দা আনন্দ বাঞ্চালৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে এজাহাৰো পঞ্জীয়ন কৰিছে।