২ বছৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ বাবে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ

Story by  atv | Posted by  [email protected] • 1 Years ago
ৰাহুল গান্ধী
ৰাহুল গান্ধী
 
নতুন দিল্লী

সাংসদৰ পৰা প্ৰাক্তন সাংসদ হ'ল ৰাহুল গান্ধী। 'মোডী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত গুজৰাটৰ চুৰাট জিলা আদালতে বৃহস্পতিবাৰে ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ পিছত ৰাহুল গান্ধীৰ সাংসদ পদ আজি ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং দফা অনুসৰি খাৰিজ কৰা হয়। এই আইন অনুসৰি, সাংসদ পদৰ পৰা বৰ্খাস্ত হোৱা ৰাহুলে অন্ততঃ অহা ৬ বছৰলৈকে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।
 
তেওঁক অযোগ্য ঘোষণা কৰি লোকসভা সচিবালয়ে এক অধিসূচনাযোগে কয় যে ৰাহুলক আদালতে দোষী সাব্যস্ত কৰাৰ দিন (২৩ মাৰ্চ)ৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। 
 
উল্লেখ্য যে, ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে মোডী উপাধিধাৰী সকলো ব্যক্তিক চোৰ বুলি অভিহিত কৰিছিল। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি চুৰাট আদালতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনক ২ বছৰৰ কাৰাদণ্ড দিয়ে। অৱশ্যে আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন কৰিবলৈ ৩০ দিনৰ সময়সীমা দিছে।
ইফালে, ৰাহুলৰ বিৰুদ্ধে নৰেন্দ্ৰ মোডী চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে আন বিৰোধী দলৰ সৈতে প্ৰতিবাদ আৰম্ভ কৰিছে। শুকুৰবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ১২টা বিৰোধী দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হয়। বাওঁপন্থীৰ লগতে জেডি(ইউ), ডিএমকে, অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি (ইউ পি)ও এই বৈঠকত উপস্থিত থাকে। ইয়াৰ পিছত তেওঁলোকে সংসদ ভৱনৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰে। 
 
মনকৰিবলগীয়া যে, জনপ্ৰতিনিধিত্ব আইন অনুসৰি কোনো অপৰাধত দোষী সাব্যস্ত হৈ দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তি পোৱা সাংসদ বা বিধায়কৰ পদবী ততাতৈয়াকৈ খাৰিজ কৰা হয়।