ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড ! নৰেন্দ্ৰ মোদীৰ উপাধিক লৈ আপত্তিজনক মন্তব্যৰ বাবে দোষী সাব্যস্ত

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰধানমন্ত্ৰী মোদী, ললিত মোদী, নীৰৱ মোদী, ৰাহুল গান্ধী
প্ৰধানমন্ত্ৰী মোদী, ললিত মোদী, নীৰৱ মোদী, ৰাহুল গান্ধী

নতুন দিল্লী

গুজৰাটৰ এখন আদালতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপাধিৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে। বৃহস্পতিবাৰে চুৰাট সত্ৰ আদালতে ৰাহুলক ২০১৯ৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি তেওঁক দুবছৰৰ কাৰাদণ্ড বিহিছে। অৱশ্যে, আদালতে তেওঁক জামিন প্ৰদান কৰে।
 
জনপ্ৰতিনিধিত্ব আইন অনুসৰি, দুবছৰ বা ততোধিক কাৰাদণ্ড হ'লে সাংসদ আৰু বিধায়কসকলৰ পদ খাৰিজ কৰিব পাৰি। ফলস্বৰূপে, ৰাহুলৰ সেই ভয় আছে। অৱশ্যে, ৰাহুল গান্ধীৰ অধিবক্তা কিৰিট পানৱালাই ন্যায়াধীশ এইচ এইচ বাৰ্মাৰ শাস্তিৰ পৰিৱৰ্তন বিচাৰি আদালতত আবেদন কৰিছে। তেওঁ আদালতত দাবী কৰিছিল যে ৰাহুলৰ মন্তব্যৰ দ্বাৰা কাৰো ক্ষতি হোৱা নাছিল। ন্যায়াধীশ বাৰ্মাই ৰাহুলক সৰ্বোচ্চ ন্যায়ালয়ত জিলা আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ ৩০ দিন সময় দিছে।
 
উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে কৰ্ণাটকত প্ৰচাৰ চলাওঁতে ৰাহুল গান্ধীয়ে সুধিছিল, "সকলো চোৰক কিয় 'মোডী' বুলি অভিহিত কৰা হয়?" তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আই পি এল কেলেংকাৰীৰ অভিযুক্ত ললিত মোডী, বেংক ঋণ গোচৰৰ ‘পলাতক’ অভিযুক্ত নীৰৱ মোদীৰ সৈতে তুলনা কৰি সেই বিতৰ্কিত মন্তব্য আগবঢ়াইছিল।
 
গুজৰাটৰ বিজেপি নেতা পূৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাৰ অধীনত তেওঁৰ উপাধিক অপমান কৰাৰ বাবে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল। ৰাহুলক একেটা গোচৰতে দোষী সাব্যস্ত কৰা হৈছিল।