নৱজাতকৰ চিকিৎসাত বিপ্লৱঃ দক্ষিণ ২৪ পৰগনাৰ অভিনৱ পদক্ষেপে নতুন দিগন্তৰ সূচনা কৰিছে

Story by  atv | Posted by  [email protected] • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ

দক্ষিণ ২৪ পৰগনাৰ কেনিংসহ জিলাখনৰ সাতখন চৰকাৰী চিকিৎসালয়ত যোৱা ছমাহত আৰম্ভ হোৱা এক অভিনৱ পদক্ষেপে এতিয়া চিকিৎসা জগতত এক নতুন দিগন্তৰ সূচনা কৰিছে। শিশুটিৰ জন্মৰ পিছত নাড়ী নকটাকৈ প্লেচেণ্টা (মহিলাৰ শৰীৰৰ ভিতৰৰ পদাৰ্থ যিয়ে শিশুটিৰ বিকাশ ঘটায় আৰু শিশুটিক সুৰক্ষা প্ৰদান কৰে তথা নলীৰ সহায়ত শিশুটিক খাদ্যৰ যোগান ধৰে) বাহিৰ নোহোৱালৈকে অপেক্ষা কৰা এক পদ্ধতি- যি ‘এক্সটেণ্ডেড কৰ্ড ক্লেম্পিং’ নামেৰে জনাজাত- এই পদ্ধতিটোৱে প্ৰথম অৱস্থাত চিকিৎসকৰ মাজত সন্দেহৰ সৃষ্টি কৰিছিল যদিও বাস্তৱত ই সম্পূৰ্ণ বেলেগ এখন প্ৰতিচ্ছবি দাঙি ধৰিছে। এই পদ্ধতিটোৱে মাত্ৰ ছমাহৰ ভিতৰতে ৯,০০০ প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ শূন্যলৈ হ্ৰাস কৰিছে, যিটো ৰাজ্যখনৰ মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য হিচাপে চিহ্নিত হৈছে।
 
জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, এই নতুন পদ্ধতিৰ ফলত নৱজাতকৰ জণ্ডিছত ফটোথেৰাপীৰ প্ৰয়োজনীয়তা প্ৰায় ৮২ শতাংশ হ্ৰাস পাইছে। এটি শিশুৰো ভেণ্টিলেটৰৰ প্ৰয়োজন হোৱা নাই। মাতৃৰ ক্ষেত্ৰত প্ৰসৱোত্তৰ ৰক্তক্ষৰণৰ ঘটনা প্ৰায় শূন্য হৈ পৰিছে। চিকিৎসকসকলৰ মতে, শিশুৰ জন্মৰ চাৰিৰ পৰা দহ মিনিট পৰ্যন্ত অপেক্ষা কৰাৰ পিছত 'প্লেচেণ্টা’ক সম্পূৰ্ণৰূপে তাৰ কাম কৰিবলৈ দিয়াৰ ফলত নৱজাতকৰ শৰীৰে প্ৰয়োজনীয় অতিৰিক্ত তেজ আৰু 'ষ্টেম চেল’ লাভ কৰে। ইয়াৰ ফলত নৱজাতকৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ্ৰাস পায়, ৰক্ত সঞ্চালন সুস্থিৰ হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু মগজুৰ বিকাশত ইতিবাচক প্ৰভাৱ পৰে।
 
বিশেষকৈ সময়তকৈ পূৰ্বতে জন্ম পোৱা শিশুৰ বাবে 'ইনটাক্ট কৰ্ড ৰিছেচিয়েচন ট্ৰলী’ ব্যৱহাৰৰ অতিৰিক্ত সুবিধা আছে। নাড়ী নকটাকৈ শিশুটিক মাতৃৰ বুকুত ৰখাৰ সময়তে অক্সিজেনৰ যোগান ধৰা হয়। ইয়াৰ ফলত শিশুটিৰ গুৰুত্বপূৰ্ণ শাৰীৰিক সূচকসমূহ জন্মৰ পিছত প্ৰথম মিনিটতে বহু বেছি সুস্থিৰ হৈ থাকে বুলি চিকিৎসকে জানিবলৈ দিয়ে।
 
দেশৰ প্ৰসিদ্ধ নৱজাতক বিশেষজ্ঞ ডাঃ অৰুণ সিং
 
দেশৰ প্ৰখ্যাত নৱজাতক বিশেষজ্ঞ ডাঃ অৰুণ সিঙে এই পদ্ধতিয়ে চিকিৎসা বিজ্ঞানক প্ৰকৃতিৰ নিয়মৰ ওচৰলৈ ঘূৰাই অনা বুলি অনুভৱ কৰে। তেওঁ কয়, "আমি কেৱল জন্মৰ মুহূৰ্তত মাতৃৰ শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়াক সময় দিছো। দক্ষিণ ২৪ পৰগনাৰ সফলতা এতিয়া বিশ্ব মানচিত্ৰত এক উদাহৰণ হৈ পৰিছে।’’
 
কেনিঙৰ সফলতা ৰাজ্যখনৰ আন হাস্পতালসমূহলৈও বিয়পি পৰিছে। চিট্টৰঞ্জন সেৱা সদন, কলকাতা চিকিৎসা মহাবিদ্যালয়কে ধৰি বহুতো চিকিৎসা মহাবিদ্যালয়ত এই ব্যৱস্থা আৰম্ভ কৰা হৈছে। কলকাতা চিকিৎসা মহাবিদ্যালয়ত ৩২ সপ্তাহতকৈ কম বয়সৰ শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। চিকিৎসকসকলৰ মতে, শিশুৰ জন্মৰ লগে লগে নাড়ী কাটি পেলোৱাৰ প্ৰচলিত পদ্ধতিৰ পৰিৱৰ্তে তুলনামূলকভাৱে সহজ, কিন্তু বৈজ্ঞানিক পদ্ধতিটোৱে ৰাজ্যৰ নৱজাতকৰ যত্নৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।
 
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আশা কৰিছে যে যদি এই ব্যৱস্থা প্ৰতিখন চৰকাৰী চিকিৎসালয়তে কাৰ্যকৰী কৰা হয়, তেন্তে অনাগত বছৰসমূহত মাতৃ-শিশুৰ মৃত্যুৰ হাৰ আৰু অধিক হ্ৰাস কৰাটো সম্ভৱ হ’ব। ৬ মাহত ৯,০০০ প্ৰসৱ, এটি শিশুৰো মৃত্যুৰ ঘটনা নাই- পশ্চিমবংগৰ এই সাফল্যক এতিয়া চিকিৎসা বিজ্ঞানৰ এক অলৌকিক ঘটনা হিচাপে গণ্য কৰা হৈছে। মাতৃৰ বুকুৰ উষ্ণতা আৰু প্লাছেণ্টৰ স্বাভাৱিক সঞ্চালনক কেন্দ্ৰ কৰি গঢ়ি উঠা এই প্ৰসৱ পদ্ধতিয়ে নৱজাতকৰ চিকিৎসাৰ ক্ষেত্ৰত দেশৰ সন্মুখত এক নতুন দিশ উন্মোচিত কৰিছে।