অসমত ৰীমালৰ প্ৰভাৱ; ঠায়ে ঠায়ে প্ৰবল বতাহ-বৰষুণ

Story by  atv | Posted by  [email protected] • 1 Years ago
অসমত ৰীমালৰ প্ৰভাৱ; ঠায়ে ঠায়ে প্ৰবল বতাহ-বৰষুণ
অসমত ৰীমালৰ প্ৰভাৱ; ঠায়ে ঠায়ে প্ৰবল বতাহ-বৰষুণ
 
গুৱাহাটী
 
বংগোপসাগৰত সৃষ্টি হোৱা ৰীমলৰ প্ৰভাৱ অসমতো পৰিছে। সোমবাৰে সন্ধিয়াৰ পৰা ঠায়ে ঠায়ে প্ৰবল বতাহ-বৰষুণ অব্যাহত আছে। বতাহৰ বাবে যোৱা নিশাৰ পৰাই ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে বিদ্যুৎ যোগান ব্যাহত হৈ আছে।
 
ইয়াৰোপৰি প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমুহ বন্ধ ঘোষনা কৰিছে। মহানগৰীতো বিস্তৰ ক্ষতি সাধন কৰিছে। বিভিন্ন ঠাইত গছ ভাঙি যাতায়াত ব্যৱস্থা ব্যাহত আছে। এতিয়াও বিদ্যুত যোগাল ব্যাহত আছে। ইফালে বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি কেইবাখনো জিলাত ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট ঘোষণা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
 
সেই অনুসৰি ব্ৰহ্মপুত্ৰ নৈৰ লগতে আন আন নৈ খাল বিল সমূহত নাও চলাচল আৰু মাছ ধৰা ৭২ ঘণ্টাৰ বাবে নিষেধ কৰা হৈছে । ইয়াৰ উপৰিও সম্ভাব্য বিপৰ্যয়ৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰি বিপদগ্রস্ত লোকক তাৎক্ষণিক সহায়ৰ বাবে ০৩৬২৪১০০ অথবা ৯৩৮৭৮-৯৩৩৯৪ নম্বৰত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।
 
উল্লেখযোগ্য যে বাংলাদেশত ঘূৰ্ণীবতাহ ৰীমলে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেওবাৰৰ পৰা বাংলাদেশৰ উপকূলীয় অঞ্চলসমুহত ঘূৰ্ণীবতাহ ৰীমলে অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়ালৈ প্ৰায় ১০ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । অনহাতে পশ্চিমবংগতো অব্যাহত আছে প্ৰচণ্ড ধুমুহা আৰি বৃষ্টিপাত। এই পৰ্যন্ত ৰাজ্যখনত ৪জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।