স্বাধীনতাৰ পিছত ভাৰতীয় ক্ৰীড়াত মুছলমান ব্যক্তিৰ সফলতাৰ কাহিনী

Story by  atv | Posted by  [email protected] • 17 h ago
স্বাধীনতাৰ পিছত ভাৰতীয় ক্ৰীড়াত মুছলমান ব্যক্তিৰ সফলতাৰ কাহিনী
স্বাধীনতাৰ পিছত ভাৰতীয় ক্ৰীড়াত মুছলমান ব্যক্তিৰ সফলতাৰ কাহিনী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

দেশ বিভাজন আৰু স্বাধীনতাৰ পাছত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত মুছলমান ব্যক্তিৰ সফলতাৰ যাত্ৰা এক মনোমোহা কাহিনী হৈ পৰিছে। ইয়াৰ দ্বাৰা এই কথাও স্পষ্ট হয় যে দেশৰ সাম্প্ৰদায়িক বিভাজন হোৱাৰ পিছতো ভাৰতত মুছলমানসকলৰ বাবে সকলো পথ মুকলি হৈ আছে আৰু দেশে সদায় প্ৰতিভাক সুযোগ দিছে, ধৰ্মক নহয়। ক্ৰীড়াৰ ক্ষেত্ৰত মুছলমানসকলৰ অৱদান এখন বৃহৎ গ্ৰন্থৰ বিষয় হৈ উঠিব পাৰে। এই লেখাটোত আমি বিভিন্ন খেলৰ কিছুমান জনপ্ৰিয় আৰু সফল মুছলমান ব্যক্তিত্বক উপস্থাপন কৰিছোঁ।
 
দেশৰ আটাইতকৈ জনপ্ৰিয় খেল ক্ৰিকেটৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিছো। ভাৰতত মুছলমান ক্ৰিকেটাৰৰ এখন দীঘলীয়া তালিকা আছে। এই তালিকাৰ ভিতৰত আছে--গুলাম আহমেদ, চেলিম ডুৰানী, আব্বাছ আলী বাইগ, মনছুৰ আলী খান পাটাউদী, ফাৰুক ইঞ্জিনিয়াৰ, চৈয়দ আবিদ আলী, চৈয়দ মুস্তাফা হুছেইন, চৈয়দ কিৰমানী, গুলাম আহমেদ হাছান, মহম্মদ আজহাৰুদ্দিন, আৰ্শ্বাদ আয়ুব, জাহিৰ খান, চৈয়দ ছাবা কৰিম, মহম্মদ কাইফ, ইৰফান পাথান, মুনাফ পেটেল, ৱাছিম জাফৰ, ইউছুফ পাথান, মহম্মদ ছামি, মহম্মদ ছিৰাজ, আৰু ছৰফৰাজ খান।
 
ভাৰতীয় ক্ৰিকেটত এটা কালজয়ী নাম হৈছে "টাইগাৰ পাটাউদি" নামেৰে পৰিচিত নবাব মনছুৰ আলী খান। তেওঁ ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হৈছিল। তেওঁ ৪৬খন টেষ্টত ভাৰতক প্ৰতিনিধিত্ব কৰি ২৭৯৩ ৰান সংগ্ৰহ কৰে। ১৯৬২ চনৰ মাৰ্চ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২১ বছৰ ৭৭ দিন বয়সত তেওঁ আটাইতকৈ কম বয়সীয়া টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হয়।
 
মনছুৰ আলী খান পাটাউদি
 
তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ ভিতৰত আছে--ভাৰতক ১৯৬৮ চনত বিদেশৰ মাটিত প্ৰথমটো টেষ্ট জয় ( নিউজিলেণ্ডৰ বিৰুদ্ধে)ৰ সোৱাদ দিয়া। এয়া ভাৰতৰ বাবে বিদেশৰ টেষ্ট শৃংখলাত প্ৰথম জয়ো আছিল। ১৯৬১ চনত ইংলেণ্ডত হোৱা গাড়ী দুৰ্ঘটনাত সোঁ চকুৰ দৃষ্টিশক্তি হেৰুওৱাৰ পিছতো পাটাউদিয়ে ক্ৰিকেটৰ পথাৰত এটা চকুৰ দৃষ্টিশক্তিৰে নিজৰ প্ৰতিভা প্ৰমাণ কৰিছিল।
 
ক্ৰিকেটৰ আন এটা নাম হ’ল "ৱাণ্ডাৰ বয়" মহম্মদ আজহাৰুদ্দিন। তেওঁ টেষ্ট কেৰিয়াৰৰ ঠিক আৰম্ভণিতে ১৯৮৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম তিনিখন টেষ্টত একেৰাহে তিনিটা শতক অৰ্জন কৰিছিল। কলকাতাৰ ইডেন গাৰ্ডেনত তেওঁ টেষ্ট অভিষেক ঘটাইছিল। প্ৰথম তিনিখন টেষ্টত একেৰাহে তিনিটা শতক অৰ্জনৰ আজহাৰুদ্দিনৰ কৃতিত্ব এতিয়াও অক্ষত আছে।
 
ভাৰতৰ হৈ আজহাৰুদ্দিনে ৯৯ খন টেষ্ট আৰু ৩৩৪ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। অধিনায়ক হিচাপে তেওঁ ১৯৯০-৯১ আৰু ১৯৯৫ৰ এছিয়া কাপত ভাৰতক জয়ৰ সোৱাদ দিছিল। তেওঁৰ নেতৃত্বত ভাৰতে ১৯৯৬ চনৰ ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। নব্বৈৰ দশকৰ ভিতৰত তিনিখন ক্ৰিকেট বিশ্বকাপত তেওঁ ভাৰতক নেতৃত্ব দিছিল, যিটো এতিয়াও এক অভিলেখ হৈ আছে।
 
মহম্মদ আজহাৰুদ্দিন
 
ফুটবলৰ কথা ক’বলৈ গ’লে এটা সময় আছিল যেতিয়া ভাৰত বিশ্বকাপ আৰু অলিম্পিকৰ প্ৰতিদ্বন্দ্বী আছিল। যদিও এতিয়া পৰিস্থিতিৰ অৱনতি ঘটিছে, তথাপি ভাৰতক গৌৰৱান্বিত কৰা মুছলমান ফুটবলাৰসকলৰ তালিকাত ভাৰতীয় ফুটবলৰ পিতৃস্বৰূপ চৈয়দ আব্দুল ৰহিমৰ দৰে প্ৰথমে উল্লেখ কৰিব লাগিব।
 
তেওঁ স্বাধীনতাৰ পূৰ্বে খেলুৱৈ হিচাপে আৰু তাৰ পিছত প্ৰশিক্ষক হিচাপে নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল। ভাৰতীয় ফুটবল দলৰ হৈ খেলা আন কেইজনমান মুছলমান খেলুৱৈ হৈছেঃ তাজ মহম্মদ, আহমেদ খান, ইউছুফ খান, বি পি ছালেহ, চৈয়দ নৈমুদ্দিন, নূৰ মহম্মদ, ৰহমত, টি আব্দুৰ ৰহমান, মহম্মদ হাবিব, মহম্মদ আকবৰ আৰু লতিফুদ্দিন।
 
স্বাধীনোত্তৰ ভাৰতীয় ফুটবলৰ অন্যতম ডাঙৰ নাম হৈছে চৈয়দ আব্দুল ৰহিমৰ পুত্ৰ চৈয়দ শ্বাহিদ হাকিম। ভাৰতীয় বায়ুসেনাৰ এজন প্ৰাক্তন স্কোয়াড্ৰন লীডাৰ এছ এছ হাকিমৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ আকৰ্ষণীয় দিশ আছিল ১৯৬০ চনৰ ৰোম অলিম্পিকৰ খেলা। তাত তেওঁৰ পিতৃ দলটোৰ প্ৰশিক্ষক আছিল। যদিও ভাৰতে গ্ৰুপ পৰ্যায়ৰ পৰা আগবাঢ়িব পৰা নাছিল, তথাপিও ফ্ৰান্সৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ খেলাটো কোনো কৃতিত্বতকৈ কম নাছিল। 
 
ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ গ্ৰহণৰ সময়ত হাকিম
 
পিতৃৰ পদাংক অনুসৰণ কৰি হাকিমে প্ৰশিক্ষকৰ দিশলৈ ধাৱমান হয় আৰু পিছলৈ ভাৰতীয় জাতীয় দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ফিফাৰ ৰেফাৰী হিচাপে তেওঁ ১৯৮৮ চনত কাটাৰত অনুষ্ঠিত হোৱা এ এফ চি এছিয়ান কাপত অফিচিয়েচন কৰিছিল। 
 
এসময়ত ভাৰতৰ আধিপত্য থকা খেল হকীৰ কথা ক’বলৈ গ’লে নাম উল্লেখ কৰিব লাগিব আখতাৰ হুছেইন, আছলাম শ্বেৰ খান, মহম্মদ শ্বাহিদ, জাফৰ ইকবালকে ধৰি কেইবাজনো মুছলমান খেলুৱৈৰ। ইয়াৰ ভিতৰত বেনাৰসৰ পৰা অহা মহম্মদ শ্বাহিদে আটাইতকৈ বেছি খ্যাতি অৰ্জন কৰিছিল। ১৯৭০ আৰু ৮০ৰ দশকত দুভৰিৰ যাদু, চঞ্চলতা আৰু চমকপ্ৰদ ড্ৰিবলিঙৰ সহায়ত তেওঁ অতি কম বয়সতে তাৰকালৈ ৰূপান্তৰিত হৈছিল। 
 
মহম্মদ শ্বাহিদ আছিল ১৯৮০ চনৰ মস্কো অলিম্পিকত সোণ, ১৯৮২ চনৰ এছিয়ান গেমছত ৰূপ আৰু ১৯৮৬ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা দলটোৰ অন্যতম অংশ। ১৯৮১-৮২ চনৰ বিশ্বকাপ, ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিক, ১৯৮৮ চনৰ ছিউল গেমছতো তেওঁ খেলিছিল। ১৯৮৫-৮৬ চনৰ সময়ছোৱাত ভাৰতীয় দলৰ অধিনায়ক হিচাপে দায়িত্ব নিৰ্বাহ কৰি ১৯৮৯ চনৰ জানুৱাৰী মাহত তেওঁ আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।
 
মহম্মদ শ্বাহিল
 
টেনিছৰ কথা আহিলে মনলৈ অহা মুছলমান ব্যক্তিৰ ভিতৰত আছে আখতাৰ আলী, জীছান আলী, আৰু ছানিয়া মিৰ্জা। ১৯৫৮ চনৰ পৰা ১৯৬৪ চনলৈ আখতাৰ আলী ইণ্ডিয়ান ডেভিছ কাপ দলৰ সদস্য হৈ পিছলৈ প্ৰশিক্ষক হয়। তেওঁৰ পুত্ৰ জীছান আলীয়ে পিতৃৰ পদাংক অনুসৰণ কৰে। কিন্তু ভাৰতীয় টেনিছক লাইমলাইটলৈ অনাৰ কৃতিত্ব লাভ কৰে ছানিয়া মিৰ্জাই।
 
ছানিয়া মিৰ্জা একমাত্ৰ ভাৰতীয় মহিলা যিয়ে একক শাখাত শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছিল আৰু পিছলৈ ডাবলছত বিশ্বৰ ১ নং স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ছটা গ্ৰেণ্ড শ্লেম খিতাপ লাভ কৰে—মহিলাৰ ডাবলছত তিনিটা আৰু মিক্সড ডাবলছত তিনিটা। ২০০৩ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ৪৩টা ছিংগলছ খিতাপ জয় কৰাৰ লগতে ছানিয়াই ডাবলছত বিশ্বৰ শীৰ্ষ স্থানপ্ৰাপ্ত খেলুৱৈ হিচাপে ৯১ সপ্তাহ কটায়। 
 
ছানিয়া মিৰ্জা
 
এছিয়ান গেমছ, কমনৱেলথ গেমছ, আৰু আফ্ৰিকান-এছিয়ান গেমছতো ছানিয়াই ১৪টা পদক (ছটা সোণকে ধৰি) লাভ কৰে। ২০০৭ চনত তেওঁ কেৰিয়াৰৰ সৰ্বোচ্চ ছিংগলছ ৰেংকিং ২৭ লাভ কৰে, যিটো ভাৰতীয় মহিলাৰ বাবে এতিয়ালৈকে সৰ্বোচ্চ ৰেংকিং। ২০১৫ চনৰ এপ্ৰিল মাহত তেওঁ ডব্লিউ টি এ ডাবলছ ৰেংকিঙত বিশ্বৰ ১ নং স্থান লাভ কৰে আৰু শীৰ্ষত উপনীত হোৱা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।
 
বেডমিণ্টনত আটাইতকৈ সফল আৰু জনপ্ৰিয় মুছলমান নাম হৈছে ছৈয়দ মোদী। ১৯৮০ৰ পৰা ১৯৮৭ চনলৈকে একেৰাহে আঠবাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰা ছৈয়দ মোদীক ভাৰতীয় বেডমিণ্টনৰ অন্যতম সফল খেলুৱৈ হিচাপে গণ্য কৰা হয়। ১৯৮২ চনৰ ব্রীজবেন কমনৱেলথ গেমছত পুৰুষৰ ছিংগলছ শাখাত সোণৰ পদক আৰু অষ্ট্ৰিয়া ইণ্টাৰনেশ্যনেল (১৯৮৩ আৰু ১৯৮৪) আৰু ইউ এছ এছ আৰ ইণ্টাৰনেশ্যনেল (১৯৮৫)ৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খিতাপ লাভ কৰে। ১৯৮৮ চনত লক্ষ্ণৌত ছৈয়দ মোদীক কৰুণভাৱে গুলীয়াই হত্যা কৰা হৈছিল।
 
ছৈয়দ মোদী
 
বক্সিঙৰ জগতত নিখাত জাৰীণৰ নামটো উজ্জ্বলভাৱে জিলিকি উঠে। বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি বক্সিং চাঞ্চল্যলৈ পৰিণত হোৱা নিখাতে ২০১১ চনৰ মহিলা জুনিয়ৰ আৰু যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত নিখাত জাৰীণে ২০১৯ চনত বেংককত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ৰূপৰ পদক, ইস্তানবুলত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক আৰু বাৰ্মিংহাম কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। 
 
২০২৩ চনত নতুন দিল্লীত অনুষ্ঠিত আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আন এক সোণৰ পদক লাভ কৰি দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰা মাত্ৰ দ্বিতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০২৩ চনত হাংঝোত অনুষ্ঠিত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে তেওঁ পেৰিছ অলিম্পিকৰ অন্তিম-১৬ ৰাউণ্ডত প্ৰৱেশ কৰে।
 
নিখাত জাৰিণ
 
কাবাডীত পুৰুষ আৰু মহিলা উভয় শাখাতে দীৰ্ঘদিন ধৰি ভাৰতে আধিপত্য বিস্তাৰ কৰি আছে। মুছলমান মহিলাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় নাম হৈছে বিহাৰৰ ছামা পাৰবীন। তেওঁ ২০০৮ চনত কাবাডী খেলিবলৈ আৰম্ভ কৰিছিল আৰু বিভিন্ন পৰ্যায়ত কেইবাটাও সন্মান লাভ কৰিছে। ২০১৭ চনৰ এছিয়ান কাবাডী চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা ভাৰতীয় দলৰ অন্যতম অংশ আছিল ছামা পাৰবীন।
 
ছামা পাৰবীন
 
দিল্লীৰ নাছৰিন শ্বেখে ভাৰতীয় মহিলা খো-খো দলৰ নেতৃত্ব দি অৰ্জুন বঁটা লাভ কৰা দ্বিতীয়গৰাকী খো-খো খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ নেতৃত্বত ভাৰতে দক্ষিণ এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২৫ চনৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ খো-খো বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলৰো তেওঁ অংশ আছিল।
 
ভাৰতত মহিলা মটৰস্পৰ্টছৰ কথা আহিলে আলিছা আব্দুল্লাৰ নামটো বিশেষভাৱে মনলৈ আহে। ভাৰতৰ দ্ৰুততম কাৰ ৰেচাৰ আৰু দেশৰ প্ৰথমগৰাকী মহিলা বাইক ৰেচিং চেম্পিয়ন হিচাপে পৰিচিত আলিছাৰ জন্ম হৈছিল ১৯৮৯ চনত চেন্নাইত। তেওঁ সৰুৰে পৰাই ৰেচিঙৰ প্ৰতি আকৰ্ষিত আছিল।
 
আলিছা আব্দুল্লা
 
আলিছা আব্দুল্লাই ২০০৪ চনত জে কে টায়াৰ নেচনেল ৰেচিং চেম্পিয়নশ্বিপত শীৰ্ষ পাঁচটাৰ ভিতৰত স্থান পোৱাই নহয়, ৰেচিং জগতখনতো নিজৰ পথ খোদিত কৰিছিল। পিতৃৰ নিৰ্দেশনাত তেওঁ গাড়ীৰ পৰা বাইক ৰেচিঙৰ জগতত প্ৰৱেশ কৰিছিল। কিন্তু ২০১০ চনত বাইক চলাই থকা অৱস্থাত সংঘটিত হোৱা এক ভয়াৱহ দুৰ্ঘটনাৰ পিছত তেওঁ পুনৰ কাৰ ৰেচিঙলৈ ঘূৰি আহে। তেওঁ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা মটৰস্পৰ্টছ তাৰকা।