ডুবাই
আজি চিৰপ্ৰতিদ্বন্দ্বী ভাৰত-পাক পুনৰ মুখামুখী যুঁজত নামিব। প্রথম মুখামুখিত ভাৰতৰ আধিপত্যৰ সন্মুখত একপ্ৰকাৰ অসহায় হৈ আত্মসমর্পণ কৰিছিল পাকিস্তানে। প্রথম মেচত লজ্জিত হোৱাৰ পিচত এইবাৰ প্রত্যাৱর্তনৰ হুংকাৰ দিছে পাকিস্তানে।
৯০ দশকপর্যন্ত ভাৰত-পাক মেচ মানইে আছিল খেলপথাৰৰ বাহিৰে-ভিতৰে আছিল ৰুদ্ধশ্বাস উত্তেজনা। এতিয়া সেই উত্তেজনা নাই। অন্য মেচত যিয়েই নহওক, পাকিস্তানৰ সন্মুখীন হ'লেই ভাৰতে অন্য ৰূপ ধাৰণ কৰে। গ্ৰুপৰ তিনিওখন মেচ জিকি টীম ইণ্ডিয়া এই মুহূর্তত আত্মবিশ্বাসৰ তুংগত।
শুকুৰবাৰে ওমানৰ বিৰুদ্ধে মেচখনত বুমৰাহ-বৰুণ চক্রৱৰ্তীক বিশ্রাম দি প্রশিক্ষক গম্ভীৰে ৰিজার্ভ বেঞ্চৰ শক্তিও পৰীক্ষা কৰি লৈছে। অন্যসকলক সুযোগ দিয়াৰ স্বাৰ্থত অধিনায়ক সূর্যকুমাৰে বেটেই নকৰিলে। এয়াই আত্মবিশ্বাসৰ উপযুক্ত প্রমাণ।
বৰ্তমান পাকিস্তানী বেটাৰৰ বাবে মূল সন্ত্রাস হৈছে কুলদীপ যাদৱ। কোনো এগৰাকী বেটাৰেই কুলদীপৰ বলিঙত আধিপত্য দেখুৱাব নোৱৰাত পাক দলৰ মেনেজমেন্ট চিন্তিত।