বিশ্ব চেম্পিয়নশ্বিপঃ ৭ বছৰৰ পাছত পদক হেৰুৱালে নীৰজ চোপ্ৰাই; আগমনৰ ঘোষণা শচীনৰ

Story by  atv | Posted by   Imtiaz Ahmed • 2 h ago
নীৰজ চোপ্ৰা আৰু শচীন যাদৱ
নীৰজ চোপ্ৰা আৰু শচীন যাদৱ
টকিঅ'

বৃহস্পতিবাৰে টকিঅ’ত ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰাৰ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অক্ষুণ্ণ ৰখাৰ সপোনৰ অন্ত পৰিল। দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে অলিম্পিক ষ্টেডিয়ামত -- যি স্থানত তেওঁ চাৰি বছৰ পূৰ্বে ঐতিহাসিক অলিম্পিকৰ স্বৰ্ণ জয় কৰিছিল -- অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ৮৪.০৩ মিটাৰ নিক্ষেপ কৰি  অষ্টম স্থানৰ হতাশাজনকভাৱে সন্তুষ্ট হ’বলগীয়া হয়।

টকিঅ’ৰ আজিৰ গৰম আৰু আৰ্দ্ৰ দিৰ্টোত এই ফলাফলে চোপ্ৰাৰ কেৰিয়াৰত এক বিৰল বিপৰ্যয়ৰ সৃষ্টি কৰে। নীৰজ সাত বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ ব্যৰ্থ হয়। ইয়াৰ উপৰিও তেওঁ প্ৰৱেশ কৰা প্ৰতিটো ডাঙৰ প্ৰতিযোগিতাতে শীৰ্ষ দুটাৰ ভিতৰত স্থান দখল কৰাৰ চাৰি বছৰীয়া উল্লেখযোগ্য ধাৰাবাহিকতাৰ অন্ত পৰিল।

আনহাতে, নীৰজৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ আৰ্ছাদ নাদীমে ৮২.৭৫ মিটাৰ থ্ৰ’ৰে দশম স্থান দখল কৰে।

নীৰজে প্ৰকাশ কৰে যে টকিঅ’লৈ যোৱাৰ দুদিন পূৰ্বে চেক গণৰাজ্যত প্ৰশিক্ষণৰ সময়ত তেওঁ পিঠিত আঘাতত পইছিল।

টকিঅ’ত সাংবাদিকক নীৰজে কয় যে, "এয়া খেল, ই জীৱন। মই বহুদিনৰ পিছত এইটো অনুভৱ কৰিছো। মই সাধাৰণতে পৰিস্থিতিৰ সৈতে ভালদৰে খাপ খাওঁ। আজিৰ দিনটো অলপ বেলেগ আছিল। ইয়ালৈ অহাৰ আগতে, যেতিয়া মই চেক গণৰাজ্যত প্ৰশিক্ষণ লৈ আছিলো, তেতিয়া মোৰ পিঠিত সমস্যা এটা হৈছিল। মাত্ৰ কেইজনমান লোকেহে এই বিষয়ে জানিছিল যে মোৰ পিঠিৰ সমস্যা আছিল।"

"যোৱা দুসপ্তাহত মই প্ৰশিক্ষণ লোৱা নাছিলো; মই কেৱল ৰিহেবত আছিলো। মই নিশ্চিত নাছিলো যে মই টকিঅ’ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিম নে নাই। তথাপিও, আমি ইয়াৰ বাবে যোৱাৰ সিদ্ধান্ত লৈছিলো। মই মাত্ৰ এটা চেচন কৰিছিলো। মই কালি এটা ভাল থ্ৰ’ লেণ্ড কৰিবলৈ সক্ষম হৈছিলো। মই পৰিস্থিতিটোত খাপ খাবলৈ আশাবাদী আছিলো, কিন্তু মই প্ৰশিক্ষণৰ পৰা আঁতৰত থকাৰ বাবেই সেইটো কৰিব পৰা নাছিলো। মই বৰ সুস্থ অনুভৱ কৰা নাছিলো।” - তেওঁ লগতে কয়।

অৱশ্যে উত্তৰ প্ৰদেশৰ ২৫ বছৰীয়া যুৱক শচীন যাদৱে ডাঙৰ মঞ্চত নিজৰ আগমনৰ কথা ঘোষণা কৰি চতুৰ্থ স্থান দখল কৰে। টকিঅ’ত অনুষ্ঠিত হোৱা ফাইনেলত শচীনে জীৱনকালৰ শ্ৰেষ্ঠ ৮৬.২৭ মিটাৰ নিক্ষেপ কৰি কৰি আটাইতকৈ সংকীৰ্ণ ব্যৱধানত – ৪০ চেণ্টিমিটাৰ -- পদক হেৰুৱালে।

তেওঁৰ গৌৰৱান্বিত প্ৰশিক্ষক নৱল সিঙে ষ্টেণ্ডৰ পৰা চাই থকোঁতে শচীনে এক চমৎকাৰভাৱে ধাৰাবাহিক থ্ৰ’ কৰিছিল।

নীৰজে কয়, "মই শচীনৰ বাবে অতি সুখী। মই আশা কৰিছিলোঁ ভাৰতে পদক লাভ কৰিব, কিন্তু সেয়া নহ’ল। শচীনে বৰ ভাল প্ৰদৰ্শন আগবঢ়াইছিল। ইমান ডাঙৰ প্লেটফৰ্মত তেওঁ বহুত ভাল প্ৰদৰ্শন কৰিছিল। মই অতি সুখী। মই নিশ্চিত যে আমাৰ জেভেলিন নিৰাপদ হাতত আছে।"