গুৱাহাটী
ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত গুৱাহাটী মহানগৰী। নির্মাণকার্যৰ ধূলি,যান-বাহনৰ ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰি তুলিছে গুৱাহাটীৰ বায়ুমণ্ডল। চলিত মাহত বায়ুৰ মান সূচকাংক বেয়ালৈ গতি কৰিছে।
ফেব্ৰুৱাৰীত বায়ুৰ মান সূচকাংক ২৯৪ লৈ বৃদ্ধি পাইছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত বায়ুৰ মান সূচকাংক ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ১০০-২০০ ভিতৰত (সন্তোষজনক) আছে যদিও পহিলা ফেব্ৰুৱাৰীৰ পৰা তিনি ফেব্ৰুৱাৰীলৈ আৰু ১২-১৬ ফেব্ৰুৱাৰীলৈ বায়ুৰ মান সূচকাংক ২০০-৩০০ ৰ( বেয়া) ভিতৰত আছে।
উল্লেখযোগ্য যে, ১৬ ফেব্ৰুৱাৰীত বায়ুৰ মান সূচকাংক সৰ্বাধিক ২৯৪ লৈ বৃদ্ধি পাইছিল। গুৱাহাটীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰৰ মুখ্য পৰিৱেশ বিজ্ঞানী ড৹ গৌতম কুমাৰ মিশ্ৰই কয়,"জানুৱাৰীৰ পৰা মাৰ্চলৈ শুকান বতৰৰ বাবে প্ৰতি বছৰে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হয়। এইবাৰো তাৰ ব্যতিক্ৰম নহয় যদিও পূৰ্বৰ দুই তিনি বছৰৰ তুলনাত বায়ু মান সূচকাংক উন্নত হৈছে। বায়ুৰ মান সূচকাংক (১০০-৩০০)সন্তোষজনক পৰা বেয়া এইখিনিৰ ভিতৰতে আছে। বৰষুণ হ'লে বায়ুৰ প্ৰদূষণ হ্ৰাস পাব। গুৱাহাটীৰ বিভিন্ন স্থানত হৈ থকা নিৰ্মাণকাৰ্য,যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি উৰি আহিও গুৱাহাটীৰ পৰিৱেশ দূষিত হোৱাত ইন্ধন যোগাইছে।"
পৰিৱেশ বিজ্ঞানীগৰাকীয়ে পুনৰ কয়,"দুই এজাক বৰষুণ আহিলে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব যদিও মাৰ্চলৈ বায়ুৰ মান সূচকাংক (১০০-৩০০)সন্তোষজনক পৰা বেয়া এইখিনিৰ ভিতৰতে থাকিব। এপ্ৰিলৰ পৰা এই বায়ু প্ৰদূষণৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে।"
তেওঁ লগতে কয়, "মহানগৰীৰ বামুণীমৈদামত বায়ু প্ৰদূষণৰ মাত্ৰা বেছি পোৱা গৈছে। নিৰ্মাণকাৰ্যৰ কাম ঢাকি লৈ কৰা, সময়ে সময়ে দিনটোত পানী ছটিওৱা আদি কামবোৰ বিভাগীয় কৰ্তৃপক্ষই কৰিব লাগে। কিন্তু এইবোৰ নকৰাৰ বাবেও প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। অসমত বায়ু প্ৰদূষণত PM 10 আৰু 2.5 ধূলিকণাৰ মাত্ৰা অধিক। এই ধূলিকণাবোৰ অতি ক্ষতিকাৰক। সেইবোৰ নাকেৰে সোমাই যোৱাৰ সম্ভাৱনা অধিক। সেয়ে ৰাইজে এই সময়ছোৱাত মাক্স পৰিধান কৰিব লাগে। অযথা ঘৰৰ পৰা বাহিৰত ওলাই আহিব নালাগে।"