গুৰু নানকৰ জন্ম জয়ন্তী উপলক্ষে পাকিস্তান ভ্ৰমণ কৰিব ভাৰতৰ ১,৭৯৬ গৰাকী শিখ তীৰ্থযাত্ৰী

Story by  atv | Posted by  Munni Begum • 14 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
অমৃতসৰ
 
ভাৰতৰ ১,৭৯৬ গৰাকী শিখ তীৰ্থযাত্ৰীৰ এটা জাথাই অহা ৫ নৱেম্বৰত গুৰু নানক দেৱজীৰ জন্ম জয়ন্তী উপলক্ষে পাকিস্তান ভ্ৰমণ কৰিব, ‘প্ৰকাশ পূৰ্ব’ উপলক্ষে বিভিন্ন ঐতিহাসিক গুৰুদ্বাৰত শ্ৰদ্ধাঞ্জলি জনাব। 
 
আট্টৰী-ৱাঘা সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰিব এই তীৰ্থযাত্ৰীসকল। সুখ প্ৰকাশ কৰি জাথাৰ কেইবাজনো সদস্যই তেওঁলোকক তীৰ্থযাত্ৰাৰ অনুমতি দিয়াৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।
 
পবিত্ৰ স্থানসমূহ ভ্ৰমণ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি এজন তীৰ্থযাত্ৰীয়ে কয়, " দৰ্শন কৰাৰ অনুমতি দিয়াৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছো।"
 
আন এগৰাকী তীৰ্থযাত্ৰী হৰপ্ৰীত সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দৰ্শনৰ অনুমতি দিয়াৰ সিদ্ধান্তৰ শলাগ লয়। লগতে তেওঁ ভিছাৰ পদ্ধতি সৰল কৰি তুলিব লাগে বুলিও কয় যাতে অধিক ভক্তই তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰে।  
 
তেওঁ লগতে কয়, "অপাৰেচন সেন্দুৰৰ পিছতো যাত্ৰা স্বাভাৱিক হৈয়েই আছিল যদিও, আমি আশা কৰা নাছিলো যে, প্ৰধানমন্ত্ৰী মোদীয়ে এই যাত্ৰাৰ অনুমতি দিব বুলি। কিন্তু আমি তেওঁক এই সিদ্ধান্তৰ বাবে ধন্যবাদ জনাইছো। ভিছাৰ পদ্ধতি সহজ হ'ব লাগে যাতে অধিক লোক যাব পাৰে।"
 
ইফালে, শ্ৰী অকল টাখ্‌ট চাহাবৰ জাথেদৰ কুলদীপ সিং গডগাজে শিখ তীৰ্থযাত্ৰীৰ বাবে গৰিষ্ঠসংখ্যক ভিছা প্ৰক্ৰিয়াকৰণ আৰু প্ৰদান কৰা বুলি উল্লেখ কৰি যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ বাবে নিজ নিজ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। 
 
ইয়াৰ পূৰ্বে বুধবাৰে পাকিস্তান উচ্চায়ুক্তই শ্বেয়াৰ কৰিছিল যে, গুৰু নানকৰ জন্ম জয়ন্তী উদযাপনৰ পূৰ্বে ভাৰতৰ পৰা শিখ তীৰ্থযাত্ৰীক ২১০০ৰো অধিক ভিছা প্ৰদান কৰিছে।
 
বুধবাৰে পাক উচ্চায়ুক্তই এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, “২০২৫ চনৰ ০৪-১৩ নৱেম্বৰলৈ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া বাবা গুৰু নানক দেৱজীৰ জন্ম জয়ন্তী উদযাপনত অংশগ্ৰহণৰ বাবে ভাৰতৰ পৰা অহা শিখ তীৰ্থযাত্ৰীসকলক নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তক ২১০০ৰো অধিক ভিছা প্ৰদান কৰিছে।" 
 
যোৱা ৩ অক্টোবৰত দিল্লীৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই গুৰু নানক দেৱজীৰ জন্ম বাৰ্ষিকীত শিখ ‘জাথা’ক পাকিস্তান ভ্ৰমণৰ অনুমতি দিয়াৰ কেন্দ্ৰৰ সিদ্ধান্তক আদৰণি জনাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে।
 
ছিৰছাই কয়, "মই ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ২০১৯ চনত গুৰু নানক দেৱজীৰ 'প্ৰকাশ পূৰ্ব' উপলক্ষে কৰতাৰপুৰ মন্দিৰ মুকলি কৰিছিল। আৰু এইবাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে শিখ গোটসমূহক পাকিস্তান ভ্ৰমণৰ অনুমতি দিয়া অধিসূচনা জাৰি কৰি একে আৱেগ আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে।"